গেজেপনি মৰা হাবি-বনৰ মাজেৰে বাট কাটি দুজন মানুহ আগবাঢ়িছে। লক্ষ্যস্থান মণিপুৰৰ কাংপোকপী জিলাৰ ঙাহমুন গুণফাইজাং নামে দুকুৰি কুকি-জ’ জনজাতীয় পৰিয়ালৰ গাওঁখনৰ খেতি পথাৰ। ২০২৩ৰ ছেপ্টেম্বৰ মাহ, আকাশখন ডাৱৰে ঢাকি ধৰিছে, তলৰ পাহাৰবোৰ যিফালে চায় সিফালে জোপোহানিৰে ভৰা।
কেইবছৰমান আগতে কিন্তু এই পাহাৰবোৰ উজ্জ্বল বগা, পাতল বেঙুনীয়া আৰু গুলপীয়া আফিঙৰ (Papaver somniferum) ফুলেৰে ভৰি আছিল।
“নব্বৈৰ দশকতে মই গাঞ্জা (Cannabis sativa) খেতি কৰিবলৈ লৈছিলো। কিন্তু তেতিয়া ইমান পইচা পোৱা নগৈছিল,” আফিঙৰ খেতিৰ এই যাত্ৰাৰ কথা কৈ যায় পাউলালে। “২০০০ চনত মানুহে এই পাহাৰবোৰত কানি (আফিং)ৰ খেতি কৰিবলৈ আৰম্ভ কৰে। তেতিয়া ময়ো কানি খেতিত লাগিলো,” নিষিদ্ধ কৰাৰ কেইবছৰমান আগলৈকে এই খেতি কৰিছিলো,” তেওঁ কয়।
পাউলালে ২০২০ৰ শীতকালিৰ কথা কৈছে, যেতিয়া ঙাহমুন গুণফাইজাঙৰ গাওঁবুঢ়া এছ টি থাংবাই কিপগেনে গাঁৱৰ সকলোকে একেলগে কানিৰ খেতি বন্ধ কৰিবলৈ আহ্বান জনায়। এই সিদ্ধান্ত তেওঁৰ নিজা নাছিল। বিজেপি চৰকাৰে চলোৱা ড্ৰাগছ উৎখাটৰ আগ্ৰাসী অভিযানৰ পৰিপ্ৰেক্ষিতত তেওঁ এই সিদ্ধান্তলৈ আহিছিল।
উগ্ৰ আসক্তিযুক্ত নিচাজাতীয় দ্ৰব্য অ’পিয়াম প্ৰস্তুত কৰা আফিঙৰ খেতি মণিপুৰৰ কাংপোকপী জিলাকে ধৰি পাহাৰীয়া জিলা যেনে চুৰাচন্দপুৰ, উখৰুল, কামজং, সেনাপতি, তমেংলোং, চান্দেল, তেংনৌপল আদিত কৰা হয়। কাংপোকপীৰ বাসিন্দাসকলৰ প্ৰায়ভাগেই কুকি-জ’ জনগোষ্ঠীৰ।
পাঁচ বছৰ আগতে ২০১৮ত বিজেপিশাসিত ৰাজ্যখনত মুখ্যমন্ত্ৰী বীৰেণ সিঙে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। পাহাৰীয়া জিলাসমূহত আফিঙৰ খেতি বন্ধ কৰিবলৈ তেওঁ তাৰে গাঁৱৰ গাওঁবুঢ়া আৰু গীৰ্জাবোৰক আহ্বান জনায়।









