“কাৱদি, কাৱদি, কাৱদি, কাবাদী, কাবাদী, কাবাদী...”
ঘূৰণীয়া খেলপথাৰখনৰ পৰা আটাহ উফৰি আহিছিল। ৰেইডাৰ আৰু ষ্টপাৰৰ মাজত হোৱা টনা-আজোৰাই দৰ্শকৰ মাজত শিহৰণৰ ঢৌ তুলিছিল। সেয়া আছিল ২০২০-২১ত দিল্লীৰ বাহিৰৰ সিংঘূ আৰু টিক্ৰি সীমান্তত চলি থকা কৃষক আন্দোলনৰ থলী। প্ৰতিবাদী শ্লোগান আৰু কাবাদীৰ ধাৰাভাষ্য একাকাৰ হৈ পৰিছিল। লাখ লাখ কৃষক আৰু কৃষিশ্ৰমিকে কৃষি আইন তিনিখন বাতিল নোহোৱালৈকে তাত অলৰ-অচৰ হৈ ৰৈছিল।
সপ্তাহজোৰা টুৰ্ণামেণ্টখন ২০২১ৰ ছেপ্টেম্বৰত শেষ হোৱাৰ পিছত হাৰিয়ানাৰ ৰোহতকৰ শিলু বালহাৰা নামে নতুন এজন খেলুৱৈ জনমানসত উদিত হয়। তেওঁ পিছলৈ পাঞ্জাৱৰ কাবাদী তাৰকাসকলৰ লীগত উঠে য’ত কম আয় আৰু উপান্ত শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে উপাৰ্জনৰ লগতে মৰ্য্যাদাপূৰ্ণ জীৱন এটাৰ সন্ধান পাইছে।
পাঞ্জাৱৰ গাঁৱৰ কোনোবা ল’ৰাই যদি প্ৰথমবাৰ খেলপথাৰত নামিছে, তেতিয়া তেওঁৰ মুখত কাবাদী কাবাদীয়ে শুনিব। গাঁৱৰ ল’ৰাই খেলিবলৈ লোৱা প্ৰথম খেলবিধেই হৈছে বৃত্তাকাৰে খেলা কাবাদী। এই খেল খেলিবলৈ তেনেই সুবিধা। কোনো যোগাৰ-পাতি নালাগে, আনকি খেলিবলৈ জোতাৰো প্ৰয়োজন নহয়। নিয়মবোৰো সহজ আৰু খেলা হয় বোকাত।
গাত বল-জোৰ থকা ল’ৰা-ছোৱালীয়েহে কাবাদী খেলে। সেয়ে বল-জোৰ বান্ধিব খোজা যুৱক-যুৱতীক ই ততালিকে আকৰ্ষণ কৰে। পাঞ্জাৱী শৈলীৰ এই কাবাদী মেলা, সামূহিক অনুষ্ঠানত খেলা হয় আৰু স্থানীয় পৰ্য্যায়তো টুৰ্ণামেণ্ট আদি হয়।
পাঞ্জাৱক কাবাদী খেল কৃষিকৰ্মৰ কেলেণ্ডাৰৰ সৈতে মিলাই আৰম্ভ হয়। কঠিয়া পাৰি আজৰি হোৱাৰ পিছত অক্টোবৰত খেল আৰম্ভ হয় আৰু শস্য চপোৱাৰ সময়লৈ, এপ্ৰিল নপৰালৈ খেল চলি থাকে।




















