বতাহত খৰিৰ জুইৰ ধোঁৱা আৰু জোৱাৰ ভজাৰ সুগন্ধ বিয়পি পৰিছে। হুৰডা উৎসৱ আৰম্ভ হৈছে। নতুনকৈ চপাই অনা জোৱাৰ যাক হুৰডা বুলি কোৱা হয়, সেয়া এক প্ৰিয় ব্যঞ্জন। খেতিয়কসকলে তেওঁলোকৰ শস্য চপাইছে আৰু মাৰাঠৱাড়াৰ গাঁৱে-ভূয়ে, চহৰে-নগৰে সৰু সৰু পোহাৰ মেলিছে
“মানুহে বৰ আগ্ৰহেৰে বাট চাই ৰয়,” লন্ধিয়াচিৱাড়িৰ এগৰাকী জোৱাৰ খেতিয়ক সুৰ্য্যকান্ত মাইন্দে কয়। তেওঁ জালনা জিলাৰ নিজৰ পাঁচ একৰ মাটিত বেদৰি আৰু মালদাণ্ডি প্ৰজাতিৰ জোৱাৰৰ খেতি কৰিছে। পৰিয়ালটোৱে আধাখিনি মাটিৰ শস্য কুমলীয়া হৈ থাকোতে চপায় আৰু বাকীখিনি শস্য যেতিয়া পুৰঠ হয় - ফেব্ৰুৱাৰী বা মাৰ্চত চপায়।
বৰ আলফুলে জোৱাৰ (হুৰডা) চপাই অনাৰ পিছত মাইন্দে জালনা জিলালৈ আগবাঢ়ে। ৫৫ বৰ্ষীয় খেতিয়কগৰাকীয়ে প্ৰত্যেকটো ঋতুত ১৫০ টকা প্ৰতি কিলো দৰত প্ৰায় ৪০ কিলোগ্ৰাম জোৱাৰ বিক্ৰী কৰে।
ষ্টলবোৰত হুৰডা ৰন্ধা কামটো বৰ লেহেমীয়া আৰু সযতনে কৰিবলগীয়া কাম - এই কামটোত মহিলাৰ ভূমিকা ডাঙৰ। যোৱাবাৰৰ খেতিৰ খেৰেৰে কুমলীয়া জোৱাৰৰ শীহবোৰ গাঁত এটাত জ্বলোৱা হয়। খেৰৰ বাণ্ডিলবোৰ লুটিয়াই দিবলৈ কাঠৰ দীঘল লাঠী ব্যৱহাৰ কৰা হয়। সঠিক সময়ত জুইৰ পৰা কুমলীয়া জোৱাৰখিনি উলিয়াই অনাটোৱে খেল। “সোনকালে উলিয়াই আনিলে সেয়া কেঁচা হৈ থাকিব। দেৰি কৰিলে সেয়া জ্বলি যাব,” চত্ৰপতি শম্ভাজীনগৰ (পূৰ্বৰ ঔৰংগাবাদ) জিলাৰ ৪৫ বৰ্ষীয় খেতিয়ক ভীমা নানা দাখানেয়ে বুজাই কয়।
এবাৰ পুৰি লোৱাৰ পিছত মহিলাই জোৱাৰৰ বীজবোৰ হাতৰ তলুৱাত লৈ মোহাৰি বাকলি এৰুৱায়। তাৰপিছত ৰন্ধা কামটো আৰম্ভ হয়। “ৰাতিপুৱাৰ পৰা আবেলি দেৰিলৈকে মই আন মহিলাসকলৰ সৈতে পাকঘৰতে থাকো,” সবিতা দাখানেয়ে কয়। “পথাৰৰ পৰা পোনে পোনে পোৱা শস্য ৰান্ধি মানুহক খুৱাবলৈ পালে আমি গৌৰৱবোধ কৰোঁ।”














