চন্দ্ৰমাই বিশেষ কায়দাত লাহী সূতাৰে গুঁথি লোৱা মাখন আৰু হালধীয়া বৰণৰ চম্পাফুলৰ মালাডাল গলৰ পৰা তললৈ ওলমি আছে। তিনিটা বিশেষ নাকফুলিয়ে এপ্ৰিল মাহৰ ৰ’দৰ চিকমিকনিকো চেৰ পেলাইছে। তাতে আকৌ তেওঁ হাতত লৈ আছে মাজত হালধীয়া ৰং থকা বগা চম্পাফুল। ওড়িশাৰ কৰাপুত জিলাৰ পুটপান্দি গাঁৱৰ মুকলি ঠাই এডোখৰত তেওঁৰ লগতে মুঠ ২১ গৰাকী গডৱা আদিবাসী মহিলাই ফুলৰ মালা গঁথা কামত ব্যস্ত। তেওঁলোকৰ আটায়ে দুই-তিনিটাকৈ নাকফুলি পিন্ধি আছে।
“এই সোঁফালে থকা নাকফুলিটোক আমি বেছৰি বুলি কওঁ, মাজৰটো দণ্ডি আৰু বাওঁফালৰটো নাট্টো। মই চিৰদিনৰ বাবে এই অলংকাৰ পিন্ধি থাকিম। এই অলংকাৰ পিন্ধিয়ে চাগে মোৰ জন্ম,” হাঁহি এটা মাৰি চন্দ্ৰমা গডৱাই কয়। তেওঁৰ দণ্ডি বোলা কাণফুলিটো হাঁহোতে অকণমান ওপৰলৈ উঠিছে। সাধাৰণতে দণ্ডিৰে ঢাক খাই থকা তেওঁৰ তলৰ ওঠটো দেখা গৈছে।
“আগতে জন্ম পাওতেই গডৱা সম্প্ৰদায়ৰ কন্যা শিশুক এই তিনিওবিধ অলংকাৰ পিন্ধোৱা হৈছিল। এতিয়া অৱশ্যে পাঁচৰ পৰা দহ বছৰ বয়সমানতহে নাক ফুটোৱা হয়। কিছুমানে আকৌ নিজ নাক ফুটোৱাটো একেবাৰেই ভাল নাপায়,” তেওঁ কয়। কথা কৈ থকাৰ মাজতে তেওঁ এমুঠিমান সতেজ চম্পাফুলৰ মালা এডাল গাঁথি গৈছে। সেয়া পিন্ধোৱা হ’ব চিকাৰৰ পৰা সন্ধিয়া উভতি অহা মতা মানুহকেইটাক। এই পৰ্বটোক চৈত পৰ্ব (চৈত্ৰ পৰ্ব বুলিও কয়) বোলা হয়।
ওড়িশা আৰু ঝাৰখণ্ডত বহু আদিবাসী সম্প্ৰদায়ে উদযাপন কৰা এই ১৪ দিনীয়া কৃষি উত্সৱৰ আৰম্ভণি হয় হিন্দু কেলেণ্ডাৰৰ প্ৰথমটো দিনত যাক চৈত পৰ্ব বুলি কোৱা হয়। চৈত পৰ্বই চৈত্ৰ মাহৰ প্ৰথমটো দিন বুজায়। উত্সৱৰ সময় হৈছে এপ্ৰিলৰ মাজভাগ। এই সময়খিনিতে কৃষকে খেতিৰ পৰা আজৰি হয়। গ্ৰীষ্মৰ গীতেৰে আকাশ ভৰি পৰে আৰু ঋতুৱে লৈ আহে ফল আৰু ফুলৰ সমাহাৰ। গডৱা সম্প্ৰদায়ৰ ডেকা-বুঢ়া সকলোৱে গীত গায়, নাচে-বাগে আৰু গাঁৱৰ দেৱ-দেৱতালৈ কেঁচা আম আগবঢ়ায়। লগতে চিকাৰৰ পৰা অহা মতাবোৰক ফুলৰ মালা পিন্ধায়।








