সকলো পথ যেতিয়া ৰুদ্ধ হৈ পৰিছিল, বিজয় কোৰেতি আৰু তেওঁৰ লগৰীয়াসকলে ঘৰলৈ পদযাত্ৰা কৰাৰ সিদ্ধান্ত ল’লে।
ক’ভিড-১৯ মহামাৰীৰ বাবে আৰোপ কৰা লকডাউনৰ অধীনত এপ্ৰিলৰ মাজভাগত সমগ্ৰ ভাৰত শ্বাসৰুদ্ধ হৈ পৰিছিল। ঘৰৰ পৰা দূৰৈৰ সেই সৰু সৰু জুপুৰীবোৰত কিমানদিন এনেকৈ আবদ্ধ হৈ থাকিব পাৰিব, তাকে লৈ তেওঁলোক চিন্তিত হৈ পৰিছিল।
“আমাৰ লগৰীয়াসকলে ইয়াৰ পৰা নিজৰ ঘৰলৈ যাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে তেওঁলোকক দুবাৰ বাধা দিছিল আৰু ঘূৰাই পঠাইছিল। কিন্তু যিকোনো প্ৰকাৰে তেওঁলোকে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে,” কোৰেতিয়ে সেই যাত্ৰাৰ অভিশপ্ত স্মৃতি ৰোমন্থন কৰিলে।
যিসকল সহযাত্ৰীৰ লগত এই যাত্ৰা কৰিছিল, তেওঁলোকৰ কোনো এজনৰ হাতত স্মাৰ্টফোন (জিপিএছ থকা) নাছিল, সেয়ে আন্দাজতে তেওঁলোকে এক পথেৰে পদযাত্ৰা কৰিছিল।
তেলাংগনাৰ কোমাৰাম ভীম জিলাৰ চিৰপুৰ-কাগজনগৰৰ এটা কপাহৰ কাৰখানাত তেওঁলোকে কাম কৰিছিল, এই অঞ্চলটো হায়দৰাবাদৰ নাগপুৰ ৰেলপথৰ মাজত অৱস্থিত।
মহাৰাষ্ট্ৰৰ গোন্দিয়া জিলাৰ অৰ্জুনী মেৰগাওঁ তহচিলত থকা তেওঁলোকৰ নিজৰ গাঁৱলৈ যদি তেওঁলোকে তেলাংগনাৰ পৰা ৰেলপথেৰে খোজকাঢ়ি আহে, তেন্তে পথৰ দূৰত্ব হ’ব কমেও ৭০০-৮০০ কিলোমিটাৰ। অতিশয় কষ্টসাধ্য যদিও পদব্ৰজে যাত্ৰা কৰাৰ বিকল্প নাই। তেওঁলোকে যদি ৰেলপথেৰে খোজ কাঢ়ে, তেন্তে আৰক্ষীয়ে আগভেটা দিয়াৰ সম্ভাৱনা যথেষ্ট কম।
আৰু তেনেকৈয়ে লাখ লাখ শ্ৰমিকৰ দৰে এক একৰ মাটিৰ গৰাকী গোন্দ আদিবাসী কৃষক ৩৯ বছৰীয়া কোৰেতিয়ে ঝাঁসীনগৰৰ আনসকলৰ লগত কাগজনগৰৰ পৰা সেই প্ৰচণ্ড কষ্টকৰ যাত্ৰা আৰম্ভ কৰিলে - ঘৰলৈ আহি পৰিয়ালৰ কাষত উপস্থিত হ’বলৈ তেওঁলোকক প্ৰয়োজন হৈছিল ১৩ নিশা আৰু ১৪ দিন।
এই দূৰত্বৰ আধা ৰেল বা বাছেৰে অতিক্ৰম কৰিবলৈ এদিন লাগে। কিন্তু তেওঁলোকে পদযাত্ৰা কৰিছে।












