দুলেশ্বৰী সোৰেনৰ ৰেচন কাৰ্ডখনত তেওঁৰ জন্মৰ তাৰিখ লিখা আছে ১৯৬৩ চনৰ ১ জানুৱাৰী। কিন্তু জীৰ্ণ-শীৰ্ণ আৰু বয়োবৃদ্ধ এই চাওঁতাল মহিলাগৰাকীৰ প্ৰকৃত বয়স চৰকাৰী হিচাপতকৈ বহু বেছি। তেওঁৰ প্ৰায় ১৬ বছৰীয়া আজোনাতি প্ৰমিলা কিস্কুৱে কয়, “আইতাৰ বয়স চাগে ১০০ বছৰৰ ওচৰা-উচৰি হ’ব।”
আমি পশ্চিমবংগৰ শান্তিনিকেতনৰ বাগানপাৰাৰ এই নব্বৈ উৰ্ধ বৃদ্ধা মহিলাগৰাকীৰ চোতালতে বহিছো। চুবুৰীটোৰ অকোৱা-পকোৱা গলিবোৰত ৰাস্তাত ঘূৰি ফুৰা কুকুৰ আৰু পোহনীয়া হাঁহ-কুকুৰাই ল’ৰা-ঢপৰা কৰি ফুৰিছে। কিছুমানে আকৌ আলস্য ভাৱত অ’ত-তত শুই পৰিছে। দুই-এটা কুকুৰাই পোক-পৰুৱা বিচাৰি ঘাঁহ-বন খুঁচৰি ফুৰাত ব্যস্ত দেখা গৈছে।
“শান্তিনিকেতন... মোৰ নাতিনীৰ নাম,” কথাটো কওতে দুলেশ্বৰীৰ ডাঙৰকৈ ওলোৱা মাতটো পিছৰফালে ক্ষীণ হৈ পৰিল। চুটিকৈ কাটি লোৱা বগা চুলিখিনিত হাত ফুৰাই তেওঁ মিচিকিয়াই হাঁহিলে।
“চুলিত ওকণি হৈছিল,” তেওঁ ক’লে। “এতিয়া বহি বহি ওকণি বাছি থাকিবলৈ কাৰনো ইমান আহৰি আছে? সেয়ে চুলিখিনিকেই কাটি পেলালে,” দুলেশ্বৰীয়ে দাঁত উলিয়াই হাঁহি ওচৰতে বহি থকা প্ৰমিলালৈ আঙুলিয়াই দি কয়। মৰমসনা মাতেৰে দুলেশ্বৰীয়ে লাহেকৈ কয়, “তাই (প্ৰমিলা) মোক নিতৌ একাপ চাহ কৰি দিয়ে আৰু মোৰ নখবোৰো কাটি দিয়ে।”








