খোপাত শুভ্ৰ ৰঙৰ লিলি আৰু প্ৰিয়দৰ্শিনী ফুল গুজি লৈ ৰঙা, নীলা, সেউজীয়া, তেজৰঙী শাৰী পিন্ধি আদিবাসী মহিলাৰ গোট এটা দাহানু ৰেল ষ্টেচনৰ প্লেটফৰ্মত অন্য যাত্ৰীৰ লগতে এখন বিশেষ ৰেলৰ বাবে ৰৈ আছে৷ তেওঁলোকে শাৰীৰ ওপৰত একোটা ৰঙা ৰঙৰ বেজো মাৰি লৈছে৷ সাধাৰণতে নিটাল-নিস্তব্ধ হৈ থকা দাহানু ষ্টেচনৰ ৩ নম্বৰ প্লেটফৰ্মখন মঙলবাৰে আবেলি সময়ত এওঁলোকৰ উপস্থিতিত প্ৰাণৱন্ত হৈ উঠিছে৷ তেওঁলোকৰ সহযাত্ৰীসকলৰ ভিতৰত কিছুমান শিক্ষাৰ্থী আৰু কেইগৰাকীমান শ্ৰমিকো আছে৷ শিক্ষাৰ্থীসকলৰ গন্তব্যস্থান দক্ষিণ মুম্বাইয়ে হ’ব লাগে৷ আনহাতে শ্ৰমিকসকলে চহৰখনৰ উত্তৰ দিশৰ অম্বৰগাওঁ আদিত থকা কাৰখানাত কাম কৰিবলৈ যাব৷
মহিলাসকলৰ লগতে ৱৰ্লিৰ আদিবাসী সম্প্ৰদায়ৰ কৃষকৰ এই দলটোক অতি সোনকালে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ দাহানু তালুকাৰ বিভিন্ন ঠাইৰ বহু পুৰুষ-মহিলাৰ কৃষকৰ দলে সংগ দিব৷
অহা ২৯-৩০ নৱেম্বৰত দিল্লীত ’সৰ্বভাৰতীয় কৃষক সংগ্ৰাম সমন্বয় সমিতি’য়ে কৃষিসক্ৰান্ত বিভিন্ন সমস্যা, সংকট আদিৰ সমাধানৰ দাবী জনাই সংসদ ভৱনলৈ এক পদযাত্ৰা কাৰ্যসূচীৰ আহ্বান জনাইছে৷ দেশৰ ভিন ভিন স্থানৰ প্ৰায় ২০০ টা মান কৃষক গোটৰ ঐক্যমঞ্চ হিচাপে কাম কৰি অহা সমিতিখনে কৃষকসকলৰ বিভিন্ন সমস্যা সংসদত তিনি সপ্তাহজোৰা বিশেষ অধিৱেশনত আলোচনা কৰিবলৈ দাবী জনাইছে। তাৰোপৰি মহিলা কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ উদ্দেশ্যে তিনি-দিনীয়া কাৰ্যসূচীৰ এক বিস্তৃত আলোচনাও সমিতিখনে বিচাৰিছে৷ দাহানু ষ্টেচনত ৰৈ থকা আদিবাসী মহিলা কৃষকসকল এই সমিতিৰ অন্তৰ্গত ‘সৰ্বভাৰতীয় কৃষক সভা’ চমুকৈ এ.আই.কে.এছ.ৰ গোটৰ সদস্য।










