“ভোজৰ আটাইখিনি খাদ্য আমি গেছতে ৰন্ধাৰ কথা ভাবি থৈছিলো,” ৰিয়াজ আহমেদে কয়, তেওঁ চকু কাষৰে জুইকুৰাত। অঙঠাবোৰৰ উত্তাপ কমি আহিছে। “কিন্তু চিলিণ্ডাৰৰ নাটনিৰ বাবে মই গেছৰ পৰিৱৰ্তে খৰি ব্যৱহাৰ কৰিবলৈ বাধ্য হ’লোঁ৷ খৰিত বনাওতে আমাৰ প্ৰায় দুগুণ টকা খৰচ হৈছে।”
পঞ্চাশ বৰ্ষীয় ৰিয়াজ আহমেদ আনছাৰী এগৰাকী ‘ৱাজা’ - কাশ্মীৰৰ এগৰাকী পৰম্পৰাগত ৰান্ধনী। এজন বন্ধুৰ ভনীয়েকৰ বিয়াত তেঁৱেই ৱাজা। সুস্বাদু ব্যঞ্জনৰ সমস্ত দায়িত্ব তেওঁৰেই। কিন্তু এনে এক পৰিস্থিতিত যিটো আগে-পিছে কেতিয়াও হোৱা নাছিল।
প্ৰায় ৩,০০০ কিলোমিটাৰ সুদূৰৰ ইৰাণৰ যুদ্ধই এতিয়া কাশ্মীৰৰ বিবাহোৎসৱসমূহত সমস্যাৰ সৃষ্টি তুলিছে৷
বিবাহক কেন্দ্ৰ কৰি সমগ্ৰ ঘৰখন যেন নতুনকৈ প্ৰাণ পাই উঠিছিল৷ কোনোবাই পৰম্পৰাগত বিয়াগীত গাইছিল, নাচোন-বাগোন চলিছিল। একাংশই আলহী-অতিথিৰ আপ্যায়নত ব্যস্ত আছিল৷ ঘৰখনৰ চৌদিশে ওলমি থকা আলোকসজ্জাৰ মালাবোৰে নিশাটোক উষ্ম আৰু ৰঙীণ কৰি তুলিছিল৷
মই সদায়েই এই ৱাজাসকলক লৈ বিশেষ কৌতূহল অনুভৱ কৰিছিলোঁ। তেওঁলোকৰ হাতৰ যাদুৰ কাহিনী, পুৰুষানুক্ৰমে চলি অহা তেওঁলোকৰ ৰন্ধনশৈলী সকলো কথাই মোৰ জানিবৰ বৰ আগ্ৰহ আছিল৷ আৰু সেইবাবেই বিয়াৰ ৰন্ধা-বঢ়া শেষ হোৱাৰ পিছত নিশা প্ৰায় ১১ বজাত মই এই ৰান্ধনীসকলৰ কাষতে গল্প কৰিবলৈ বহি ল’লো।
প্ৰতিগৰাকী ৱাজাই একো এগৰাকী সুনিপুণ শিল্পী। এজন সুকীয়া ধৰণে মঙহ কটা কাৰ্যত পাকৈত৷ আন এজনে কম জুইত লাহে লাহে কৰা ৰন্ধন কাৰ্যৰ সূক্ষ্ম সময়ৰ হিচাপবোৰ বুজি পায়৷ আনহাতে আন এজনৰ আকৌ মচলাৰ জ্ঞান ইমানেই বেছি আৰু চকু তীক্ষ্ণ যে চায়েই কৈ দিব পাৰে যে ব্যঞ্জনখনত কি আছে, কিহৰ প্ৰয়োজন আছে।











