টুকাৰাম মাচালে দুটা ডাঙৰ ডাঙৰ প্লাষ্টিকৰ গেলন মটৰ চাইকেলত বান্ধি লৈছে। এতিয়া তেওঁ নিজৰ ট্ৰেক্টৰৰ বাবে ডিজেল কিনিবলৈ চহৰলৈ যাব। তেওঁ পোনে পোনে ট্ৰেক্টৰখনকে লৈ যাব পাৰিলেহেঁতেন, কিন্তু নিয়া নাই যে?
“সেইটো কৰিবলৈ গ’লে দেখোন তেল আৰু পইচা দুয়োটাই যাব,” মাচালে কয়। এক লিটাৰ ডিজেলেৰে ট্ৰেক্টৰ এখন খুব বেছি পাঁচ কিলোমিটাৰ চলিব, “এতিয়া ডিজেলৰ দাম লিটাৰত ১০০ টকা হৈছে।” তাতে আকৌ এটা পেট্ৰ’ল পাম্পত গ’লে নহ’ব। ইটোৰ পিছত সিটোলৈ যাবলগীয়া হয়। মানে কেৰেলাতকৈ গুটি দীঘল হোৱা কাৰবাৰ এটা হ’ব।
ডিজেলৰ যোগান এতিয়া সীমিত হৈ পৰিছে।
“সিহঁতে এবাৰত কেইলিটাৰমানহে দিয়ে,” মহাৰাষ্ট্ৰৰ খৰাংপীড়িত ধাৰাশিৱ জিলাৰ ভুম চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৰ ৱাকৱাড় গাঁৱৰ ৫৩ বছৰ বয়সীয়া কৃষকগৰাকীয়ে কয়।
তেওঁ কয়, “মই পাঁচটা বেলেগ বেলেগ পেট্ৰ’ল পাম্পলৈ যাওঁ, যাতে দিনটো জোৰাকৈ অন্ততঃ ২০-২৫ লিটাৰমান ডিজেল গোটাব পাৰো।” ভুম চহৰ আৰু ইয়াৰ আশে-পাশে পেট্ৰ’ল পাম্পৰ সংখ্যা বৰ কম আৰু বহুত আঁতৰে আঁতৰে আছে।
কোনো কোনো দিনা মাচালে ডিজেলৰ সন্ধানত এটা পাম্পৰ পৰা আনটো পাম্পলৈকে ৭০-৮০ কিলোমিটাৰ পৰ্যন্ত গাড়ী চলাবলগীয়া হয়। তেওঁ কয়, “দুই-তিনিদিনৰ মূৰত অলপ তেল পালে নিজকে ভাগ্যৱান বুলিয়েই ক’ব পাৰি।” কেতিয়াবা আকৌ পেট্ৰ’ল পাম্পবোৰে প্লাষ্টিকৰ জাৰত ডিজেল নিদিয়া হয় আৰু ট্ৰেক্টৰখন পাম্পলৈ লৈ আহিবলৈ কয়।











