২০১৯ চনৰ ডিচেম্বৰত ছত্ৰপতি শম্ভাজীনগৰস্থিত এটা পৰিবহন প্ৰতিষ্ঠানত দীৰ্ঘদিন ধৰি ট্ৰাক চলাই অহা ৫০ বছৰীয়া সুভাষ বিক্কড়ে জীৱনৰ এক নতুন পথত খোজ দিছিল, তেওঁৰ আছিল হাবিয়াস।
“মই আৰু মোৰ দুজন বন্ধুৱে লগ লাগি আমাৰ নিজৰে এটা পৰিবহন প্ৰতিষ্ঠান গঢ়ি তুলিলো আৰু তিনিখন ট্ৰাক আৰু কণ্টেইনাৰ ক্ৰয় কৰিলো। আমি আটাইকেইজন একেখন গাঁৱৰে আছিলো আৰু দেশৰ চুক-কোণলৈকে আমাৰ ট্ৰাক চলিছিল। পুণেৰ এজন বন্ধুৱে গেৰাণ্টৰ হিচাপে আমাক সহায় কৰিছিল।”
এনেকৈ এজন সাধাৰণ গাড়ীচালকৰ পৰা মালিকলৈ ৰূপান্তৰ হোৱাৰ এক বিস্ময়কৰ যাত্ৰাৰ আৰম্ভণি হৈছিল। এয়া কেৱল বিক্কড় আৰু তেওঁৰ অংশীদাৰসকলেই নহয়, বৰঞ্চ তেওঁৰ গাঁও সাৰণি চাংৱিৰ ৮০ গৰাকী যুৱকো এই বিস্ময়কৰ যাত্ৰাৰ সহযোগী হৈ পৰিছিল। ১,৪৬০ জনসংখ্যাৰ এই গাঁওখনৰ এক চতুৰ্থাংশ পৰিয়ালেই ট্ৰাক পৰিবহন ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল। উল্লেখ্য যে সাৰণি চাংৱি খৰাংপ্ৰৱণ বীড় জিলাৰ কেইজ তহচিলৰ অন্তৰ্গত এখন গাঁও।
২০২৫ চনলৈ সাৰণি চাংৱি গাওঁখন ট্ৰাক আৰু ট্ৰাক কণ্টেইনাৰ (যাক কাৰ্গো কন্টেইনাৰ বুলিও কোৱা হয়)ৰ গাঁৱলৈ পৰিণত হৈছিল। সেই ৮০ গৰাকী পুৰুষে একেলগে ৪০০ খন ট্ৰাক আৰু লোডিং কন্টেইনাৰৰ অধিকাৰী হৈছিল। ব্যৱসায় অতি ক্ষিপ্ৰগতিত সম্প্ৰসাৰিত হৈছিল। আনকি দেশৰ আগশাৰীৰ বৃহৎ পৰিবহন প্ৰতিষ্ঠানসমূহেও তেওঁলোকক ঠিকাৰ কাম দিছিল। বহুতে ইজনে সিজনৰ ঋণৰ জামিনদাৰ হৈ সফলতাৰ নতুন সোপান বগাইছিল। গাঁৱৰ সৰপঞ্চ সুনীল কেদাৰে পাৰিক জনাইছিল: “আমি পথাৰত আটাইবোৰ ট্ৰাক একলগ কৰি পূজা-অৰ্চনাৰে দেৱালী উৎসৱ উদযাপন কৰিছিলোঁ।”
ট্ৰাক কণ্টেইনাৰ আছিল গাওঁখনৰ নতুন আৰাধ্য দেৱতা।
কিন্তু বৰ্তমান বৃহৎ সংখ্যক সেই ট্ৰাক আৰু কণ্টেইনাৰবোৰ গন্তব্য স্থানত অথবা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথত থমকি ৰৈছে। এই প্ৰতিবেদকে গৈ গাঁওখনত কেইখনমানহে ট্ৰাক দেখিলে। ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যুদ্ধই সাৰণি চাংৱিৰ এই সংমৃদ্ধিৰ গতিৰুদ্ধ কৰিলে। যি সমৃদ্ধিৰ গতি ইতিমধ্যে ক্ৰমবৰ্ধমান ৰোড টেক্সকে ধৰি আন বিভিন্ন কাৰণত ইতিমধ্যে লেহেম হৈ পৰিছিল।







