সুগুণাৰ কাহিনী
বন্নকম! মোৰ নাম সুগুণা। মই ২০০৮ৰে পৰা এই কাম কৰি আছো। বৰ সৰুতে মই মোৰ মা-দেউতাক হেৰুৱালো।
দেউতাৰ মৃত্যুৰ পিছত মায়ে ওচৰৰ পুতলা বনোৱা কাৰখানা এটাত কাম কৰিবলৈ ধৰিলে। মায়ে ঘৰলৈ পুতলা লৈ আহিছিল। সেয়া দেখি মই প্ৰথমবাৰৰ বাবে সেইবোৰৰ প্ৰতি আকৰ্ষিত হৈ পৰিলোঁ। চাৰি বছৰ বয়সৰ পৰাই স্কুলতকৈ পুতলাৰ প্ৰতি মোৰ বেছি বাঢ়ি গৈছিল। ভাবি বিস্মিত হৈছিলো, কেনেকৈনো এইবোৰ বনায়, কিহৰ পৰা বনায়!
মাৰ মৃত্যুৰ সময়ত আইতাই কৈছিল, “তোক আৰু স্কুললৈ পঠিয়াব নোৱাৰিম।” আইতাই মোক মোৰ ভনীজনীৰ লগত একেটা নিৰ্মাণশালাত কাম কৰিবলৈ পঠিয়াই দিলে। মোৰ বয়স আছিল ১০ বছৰ।
প্ৰথমতে মোক কেৱল মাটি মিহলোৱা আৰু চালিবলৈ দিয়া হৈছিল। পুতলাবোৰ মই চুবলৈ পোৱা নাছিলো। দুবছৰৰ পাছত সাঁচত মাটি ঢলা কাম কৰিবলৈ পালো। লাহে লাহে মইও কাষ্টিঙৰ কামো শিকিলোঁ। এনেকৈ সময় বাগৰাৰ লগে লগে আৰু ভাল কাম কৰিবলৈ বিচাৰিলো। তেতিয়াই মই মৃৎশিল্প আয়ত্ত কৰাৰ সিদ্ধান্ত ল’লো।
শিকোতে চাৰি বছৰ লাগিল। ১৪ বছৰ বয়সত আৰম্ভ কৰিছিলো। দিনটোত উপাৰ্জন আছিল ৭৫ টকা। মৃৎশিল্পীয়ে ১০০ টকা পাইছিল। তেওঁলোকৰ সমানে সমানে পইচা বিচৰাত তেওঁলোকে কৈছিল, “তুমি এতিয়াও সৰু হৈ আছা।” সেয়ে মই তাৰ পৰা ওলাই আহিলো।
পিছলৈ মই ঠিকাভিত্তিক কাম ল’বলৈ ধৰিলো। প্ৰায় দহটা কোম্পানীয়ে মোক তেওঁলোকৰ আৰ্টৰ অৰ্ডাৰ দিলে। তেতিয়াই মই বুজিলো, দক্ষতা বঢ়ালে আমাৰ কামেই আমাক ওপৰলৈ তুলি নিব৷
লাহে লাহে মানুহে মোক সন্মান কৰিবলৈ ধৰিলে। সেই সময়ত কেৱল শিল্পীয়েহে চকীত বহিছিল। আনবোৰে মজিয়াত বহিছিল। কিন্তু মোক যাবলৈ দিয়া মানুহখিনিয়ে আকৌ মাতিবলৈ ধৰিলে। মই কাম একেবাৰে খুঁতি-নাতি মাৰি চাইছিলো, পুতলাবোৰৰ চকু, ওঁঠ আদি সৰু সৰু অংশত মই সুক্ষ্মভাৱে কাম কৰিছিলো। তেনেকৈয়ে মোৰ কাম আনতকৈ পৃথক হৈ পৰিছিল।
কিন্তু কিছুমান কথা সহ্যাতীত আছিল। কিছুমানে মহিলাক যিধৰণে চাইছিল, যিধৰণৰ ঠাট্টা-মস্কৰা কৰিছিল, সেইবোৰ কথা চিন্তা কৰি মই ঘূৰি যোৱাৰ কথা কেতিয়াও মনলৈ নানিলো, যিমানেই পইচা নিদিয়ক লাগিলে।
তেনেকুৱা এটা শিল্পশালাতে মই মোৰ স্বামীক লগ পাইছিলো। তেওঁ বিদেশলৈ যাব বিচাৰিছিল, কিন্তু মই তেওঁক ক’লো, “আমাৰ যদি বিয়া হয়, তেতিয়া তুমি ইয়াতে থাকি মোৰ লগত এই কোম্পানীটো চলাব লাগিব।” মোৰ একমাত্ৰ চৰ্ত সেইটোৱেই আছিল।
মাটিৰ এই কাম মই কিয় ইমান ভাল পাওঁ? কাৰণ চাগে সেয়া যে মাটি, তাক মই দুহাতেৰে গঢ় দিব পাৰো, জীৱন দিব পাৰো আৰু মানুহে প্ৰশংসাও কৰে। সেই আনন্দতে চাগে মই এই কাম কৰি গৈছো।