“ইলেকট্ৰিক মেচিনে এই পৰম্পৰাগত টেকনিকবোৰ নোহোৱা কৰিব,” নেতাৰা বুলি কোৱা দীঘল মৰাপাট ৰছীৰ দুয়োমূৰে ধৰি টানি মাখন মথি থকা অৱস্থাত ৰায়ালি বাইয়ে কয়। নেপথ্যত পাহাৰৰ টিলাটোৰ পৰা চৰাই-চিৰিকতিৰ মাত শুনা গৈছে।
ৰাজস্থানৰ চিৰোহি জিলাৰ উপলাগড় গাঁৱত তেতিয়া সময় পুৱাৰ ৫ বাজি ৩০ মিনিট পাৰ হৈ গৈছে। গুজৰাটৰ সীমান্তৱৰ্তী এই গাঁওখনৰ ওখ-চাপৰ পকী ৰাস্তাত মটৰ চাইকেলেই আটাইতকৈ জনপ্ৰিয় বাহন। চাপৰ চালিৰ কিছুমান পকী আৰু কিছুমান খেৰীঘৰ লানি লানিকৈ ৰাস্তাৰ কাষত আছে। ৰায়ালি বাইৰ পকী ঘৰটোৰ দৰে প্ৰায়ভাগ ঘৰৰে দুটা কোঠালী, এটা পাকঘৰ আৰু এখন বাৰান্দা আছে। তেওঁ ঘৰটো মূল গাঁওখনত নাই। এটা টিলাৰ ওপৰত আছে আৰু শেষৰখিনি বাট খোজকাঢ়ি যাব লাগে।
ৰায়ালি বাইকে ধৰি গাঁৱৰ প্ৰায়ভাগ লোকেই গৰাছিয়া সম্প্ৰদায়ৰ, ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ। দুকুৰি বয়সৰ ৰায়ালি বাইৰ স্কুলীয়া শিক্ষা নাই। তেওঁ এইক্ষেত্রত ব্যতিক্ৰম নহয়। উপলাগড়ৰ কেৱল ১০ শতাংশ মহিলা আৰু ২৭ শতাংশ পুৰুষহে শিক্ষিত (২০১১ৰ লোকপিয়ল অনুসৰি)।








