“পঢ়া-শুনা কৰি মই অফিছাৰ হ’ব খোজো - হোমগাৰ্ড হ’ব খোজো,” ১৪ বছৰীয়া সন্ধ্যা সিঙে কয়। তাইৰ ১৬ বছৰীয়া ককায়েক শিৱমে সেনাবাহিনীত চাকৰি পোৱাৰ আশা পুহি ৰাখিছে আৰু সন্ধ্যাৰ বয়সৰ পৰাই ইয়াৰ বাবে ‘প্ৰশিক্ষণ’ লৈ আহিছে। “মই সদায় ৰাতিপুৱা ৪ বজাতে উঠি ব্যায়াম কৰোঁ,” তেওঁ কয়, “সেনাবাহিনীৰ প্ৰশিক্ষণৰ বিষয়ে মই যিয়েই নোসোধোঁ কিয়, ইউটিউবে মোক সকলো দেখুৱাই দিয়ে – বাৰত কেনেকৈ ওলমিব লাগে, পুচ-আপ কেনেকৈ কৰিব লাগে, তেনেকুৱা কথাবোৰ। আৰু মই সেই মতেই কৰোঁ।”
উত্তৰ প্ৰদেশৰ জালৌন জিলাৰ বিনৌৰা গাঁৱৰ নিজৰ ঘৰৰ চাদৰ পৰা তেওঁলোকে মোৰ সৈতে ফোনত কথা পাতি আছিল। এই ভাই-ভনীহাল যোৱা ২১ মে’ত অন্ধ্ৰপ্ৰদেশৰ কালিকিৰি গাঁৱৰ পৰা ইয়ালৈ ঘূৰি আহিছিল, য’ত তেওঁলোকৰ মাক-দেউতাকে কাম কৰিছিল। “ঘৰ আহি দেখিছিলো যে খাবলৈ একো নাছিল আৰু আমাৰ হাতো শুদা আছিল,” তেওঁলোকৰ ৩২ বছৰীয়া মাতৃ ৰামদেকালিয়ে কয়। “ৰাতি শুদা পেটে শুবলগীয়া হৈছিল...।”
৮ জুলাইত ৰামদেকালিয়ে বৰ আনন্দ আৰু গৌৰৱেৰে এই প্ৰতিবেদকক জনাইছিল যে শিৱমে শতকৰা ৭১ শতাংশ নম্বৰ লৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু যেতিয়া মই তেওঁৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ প্ৰক্ৰিয়াৰ বিষয়ে সুধিলোঁ, তেতিয়া তেওঁৰ মনটো সেমেকি উঠিল। “অনলাইন ক্লাছ কেনেকৈ কৰিব, সেই লৈ ল’ৰা-ছোৱালীহাল চিন্তাত পৰিছে। “ঘূৰি যাও যদি (অন্ধ্ৰপ্ৰদেশলৈ) ফোনটোও আমাৰ লগত নিয়া হ’ব। তেতিয়া শিৱমে উত্তৰ প্ৰদেশত থাকি অনলাইন কেনেকৈ পঢ়া-শুনা কৰিব? আকৌ ইয়াত থাকিলে সিহঁতৰ পঢ়াৰ খৰচ কেনেকৈ উলিয়াম?” ৰামদেকালিয়ে প্ৰশ্ন কৰে। ব্যক্তিগত বিদ্যালয়ত পঢ়ি থকা দুয়োটা সন্তানৰ প্ৰতিজনৰে বছৰেকীয়া মাচুল ১৫,০০০ টকা।
কিছু মাহ আগলৈকে ৰামদেকালি আৰু তেওঁৰ ৩৭ বছৰীয়া স্বামী বীৰেন্দ্ৰ সিঙে অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ জিলাৰ কালিকিৰি গাঁৱত তিনিখন ফুচকাৰ দোকান চলাইছিল। সন্ধ্যা তেওঁলোকৰ লগতে আছিল, আনহাতে শিৱম জালৌন জিলাৰ বৰ্দাৰ গাঁৱত ককা-আইতাকৰ লগত আছিল। এই পৰিয়ালটো পাল সম্প্ৰদায়ৰ, যাযাবৰী জনজাতি হিচাপে তালিকাভুক্ত।









