এই প্ৰতিবেদন পুলিৎজাৰ চেণ্টাৰৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স একাউণ্টেবিলিটি নেটৱৰ্কৰ দ্বাৰা সমৰ্থিত।
ভাৰতৰ পূৰ্বাঞ্চলৰ ৰাজ্য ঝাৰখণ্ডৰত বাচিং মুণ্ডা থিয় হৈ আছে থিয় দি আছে তেওঁৰ পূৰ্বপুৰুষসকলক সন্মান জনোৱা স্মাৰকেৰে ঘেৰা পথাৰ এখনত। কেবাটাও প্ৰজন্ম আগত ১৮৯৯ত তেওঁৰ পূৰ্বপুৰুষসকলেই বিৰছা মুণ্ডাৰ নেতৃত্বত খিলঞ্জীয়া লোকক একাষৰীয়া কৰা ঔপনিৱেশিক শক্তিৰ বিৰুদ্ধে গা কৰি উঠা জনজাতীয় বিদ্ৰোহত যোগদান কৰিছিল।
এটা শতিকা পিছত মুণ্ডা জনজাতিৰ দুকুৰি বয়সৰ বাচিঙৰ দৰে আদিবাসী খেতিয়কে মাটি-বাৰী আদিৰ পৰা বঞ্চিত হ’বলগীয়া আন এক আগ্ৰাসনৰ সন্মুখীন হৈছে। যোৱা আঠ বছৰমানত নতুন চৰকাৰে ভূমিৰ খতিয়ান ডিজিটাইজ কৰিছে, কিন্তু তেওঁলোকৰ সন্মতি অবিহনে আৰু কোনো জাননী অবিহনে। এই প্ৰক্ৰিয়াত শ শ খেতিয়কে দেখিছে যে তেওঁলোকৰ মাটিৰ পৰিমাণ চৰকাৰী নথিত হ্ৰাস পাইছে, তেওঁলোকৰ মাটিৰ সীমা সলনি হৈছে আৰু স্বামিত্ব তলে তলে নাইকিয়া কৰা হৈছে।
এপ্ৰিল মাহ। ৰাজধানী চহৰ ৰাঁচীৰ পৰা ৩৩ কিলোমিটাৰ দূৰৰ খুঁটি জিলাৰ দৰগামালৈ যোৱা বাটৰ কাষবোৰ ফুলেৰে ভৰি আছে। থলুৱাই উদযাপন কৰা প্ৰকৃতি উপাসনা উৎসৱ চৰহুলৰ পিছত স্থানীয় বজাৰত মানুহৰ ব্যস্ততা বাঢ়িছে।
ঘৰৰ বাহিৰত বাচিং আৰু আন কেইজনমানে পলাশৰ ছাঁত (বনৰ অগনি শিখা) আৰু তেঁতেলী গছৰ তলত বহি তেওঁলোকৰ নিজ ভাষা মুণ্ডাৰিত কথা পাতিছে।
২০২৩ত বাচিঙে ২০ কিলোমিটাৰ দূৰৰ খুঁটিস্থিত ৰাজহ বিভাগৰ অফিছৰ পৰা অনলাইন ৰাজহৰ ৰছিদ এখন পাইছিল। বাচিং আৰু তেওঁৰ ভায়েকহঁতৰ মাটি য’ত তেওঁলোকে ধান আৰু মিলেটৰ খেতি কৰে, সেইখিনি বাস্তৱত থকা ৫২ একৰ ৫২ ডিচমিলৰ পৰিৱৰ্তে ৰছিদখনত লিখা আছিল ৫২ একৰ, ৫ ডিচমিল।
ডিচমিল হৈছে কেন্দ্ৰীয় আৰু পূব ভাৰতৰ মাটিৰ এক বিশেষ জোখ। এক ডিচমিল মানে ৪৩৫.৬ বৰ্গফুট। শব্দটো আহিছে ডেচিমেলৰ পৰা। এক ডেচিমেল মানে মুম্বাইত গঢ় জোখৰ এটা শোৱনি কোঠাৰ এপাৰ্টমেণ্ট এটাৰ সমান আৰু বাচিঙৰ ভূ-স্বত্ব এটা ৰাতিৰ ভিতৰতে কোনো সতৰ্কতাবাণী আদি একো নিদিয়াকৈ চৰকাৰী হিচাপত ৪৭ ডিচমিল সংকুচিত হ’ল।
কেৱল বাচিঙৰ সৈতেও এনে হোৱা নাই।
“ভূমিলেখ্যৰ আৰু বহুত হেৰফেৰ কৰা হৈছে। ডিজিটাইজেচনৰ আগতে আমাৰ খাতাত ৰাবকা (ভূমিৰ পৰিমাণ) আছিল বেলেগ। শেহতীয়া অনলাইন ভূ-লেখ্য আৰু ৰছিদত কিছুমান প্লট আঁতৰোৱা হৈছে, ৰাবকা কমিছে,” বাচিঙে কয়। তেওঁলোকৰ ভূমিৰ লেখ ডিজিটাইজ কৰাৰ সময়ত তেওঁলোকক জাননী নিদিয়াৰ ফলত মাটিৰ গৰাকীয়ে বহুসময়ত তেনে ভুলবোৰ অজ্ঞানকৃতভাৱেহে ধৰা পেলায়।














