ক্ৰুজ নাওঁখন সজনেখালি ব্যাঘ্ৰ অভয়াৰণ্য, পিৰখালি আৰু ডোবাংকি ব্যাঘ্ৰ অভয়াৰণ্যৰ মাজেৰে আগুৱাই আহি আছে৷ ক্ৰুজৰ এই বেগত পাৰ হৈ যোৱা দৃশ্যপটবোৰ চাবলৈ ভানুমতীৰ প্ৰায় সুবিধা নহয়েই। বোঁৱতী পানীৰ বিশাল বিস্তাৰ, ৱাচ্ছ টাৱাৰ আৰু চৰাইবোৰ তেওঁৰ সন্মুখত অস্পষ্ট হৈ পৰে। ক্ৰুজ নাৱত এজন ৰান্ধনী আৰু তেওঁৰ দৰে সহায়ক অহৰ্নিশে ব্যস্ত হৈ থাকে। একাধিক আহাৰৰ প্ৰস্তুতি চলি থকাৰ লগে লগে আলু, মচুৰ দাইল আৰু কণী উতলাবলগীয়া হয়, নহৰু, আদা কাটিবলগীয়া থাকে আৰু বিভিন্ন ধৰণৰ মচলা বটিবলগীয়াও থাকে।
দিন আগবাঢ়ি যোৱাৰ লগে লগে গৰমো বাঢ়ি যায় আৰু পাকঘৰত ব্যস্ত মহিলাসকলে নিজকে শীতল কৰিবলৈ চমু বিৰতি লোৱাটো আৱশ্যক হৈ পৰে। তেওঁলোকে ইজনীয়ে সিজনীক কয়, “তাৰাতাৰি হাত চলা [সোনকালে কাম কৰা]”৷ লিপিকা মণ্ডলে হাঁহি হাঁহি কয়, “এবাৰ মটৰটো চলিবলৈ আৰম্ভ কৰিলে আমিহ উতলিবলৈ আৰম্ভ কৰোঁ।” তেওঁ এগৰাকী ৰান্ধনী আৰু কেতিয়াবা সহায়িকা হিচাপেও কাম কৰে৷ তেওঁ চলন্ত মটৰৰ পৰা ওলোৱা তাপৰ কথা উল্লেখ কৰিছে যি নাৱৰ পাকঘৰৰ তাপমাত্ৰা অধিক বৃদ্ধি কৰে। মহিলাসকলে ৰান্ধে আৰু সহায়কসকলে কয় যে এই গৰম নিৰন্তৰ আৰু নিজকে শীতল কৰিবলৈ পাঁচ মিনিটৰ বাবেও ইয়াৰ পৰা আঁতৰি যাবলৈ তেওঁলোকৰ সময় নাথাকে।
এই ক্ৰুজবোৰ কলকাতাৰ পৰা ১১০ কিলোমিটাৰ দূৰৈত থকা পাখিৰালেই গাঁৱৰ পৰা ভ্ৰমণ আৰম্ভ কৰে যি সুন্দৰবনৰ গোচাবা দ্বীপত অৱস্থিত। ই এক জনপ্ৰিয় পৰ্যটন স্থল আৰু সুন্দৰবনৰ মূল বনাঞ্চলৰ এক প্ৰৱেশদ্বাৰ য'ত বেংগল বাঘ (পেন্থেৰা টাইগ্ৰিছ টাইগ্ৰিছ) দেখা পোৱা যায়।
ট্যুৰ অপাৰেটৰসকলে সাধাৰণতে প্ৰায় ৪০ জন পৰ্যটকক এখন নাৱত লৈ যায়। এজন যাত্ৰীৰ বাবে ছয় ঘণ্টা ক্ৰুজৰ মূল্য ২,০০০-৫,০০০ টকাৰ ভিতৰত। দীঘলীয়া পৰিভ্ৰমণসমূহ সাধাৰণতে দুদিনীয়া হয় আৰু ই অধিক ব্যয়বহুলো হয়। নাওঁবোৰত সাধাৰণতে দুটা ডেক থাকে৷ তলৰ মহলাত বিচনা আৰু গাৰু থাকে য’ত পৰ্যটকসকলে দিনত গৰমত জিৰণি ল'ব পাৰে।










