“ইচ্ছে কুসুম নাটকখনত মোৰ ভূমিকা আছিল এজন শিপিনীৰ…যিটো মই বাস্তৱ জীৱনতো হয়,” অচিত প্ৰামাণিকে হাতত পুৰণি নাট এখনৰ পাণ্ডুলিপি লৈ কয়। ঘৰত পুৰণি ৰং যোৱা আলমিৰা এটা চলাথ কৰি তেওঁ সযতনে ৰাখি থোৱা কেইখনমান পাণ্ডুলিপি উলিয়াই আনে।
শান্তিপুৰৰ অসংখ্য তাঁতীৰ শ্ৰমৰ কথা জগতখনে জানে, তাৰেই এগৰাকী শিল্পী অচিত প্ৰামাণিক। নাদিয়া জিলাখনত শান্তিপুৰি তংগইল আৰু জামদানি হস্ততাঁতৰ শাড়ীৰ কথাই সুকীয়া। তাৰেই এইজন তাঁতীৰ তাঁতশালখনৰ সমানে সমানে চলে নাট্যচৰ্চা। এফালে তাঁতশালত বহা কাম, আনফালে থিয়েটাৰ। তাকে লৈ এই শিল্পী-কৰ্মীৰ ছটা দশকৰ এই জীৱনটো গঢ় লৈ উঠিছে।
প্ৰথম অভিনয় কেনেকৈ আৰম্ভ কৰিছিল, সেই কথা ভাবি তেওঁৰ মুখখন উজলি উঠে। “শিয়ালদহ ষ্টেছনৰ কোনোবা এঠাইত নাটকখন হৈছিল। মোৰ চৰিত্ৰটো আছিল ন্যায়াধীশৰ, কিন্তু ভয়ত কঁপি আছিলো,” তেওঁ এই বুলি কৈ হাঁহিবলৈ ধৰিলে। এনেকৈয়ে মানুহৰ মাজত প্ৰথমখন নাটক কৰাটো, তাকো ইমান ডাঙৰ নাটকৰ ক্লাব এটাৰ কাৰণে - ভয় নালাগিবনে।
একেই উদ্যমেৰে অচিতে তাঁতশালৰ জীৱনটোৰ কথাও কয়: “পঢ়া-শুনা বুলিবলৈ কৰিছো পঞ্চম মানলৈ। তাঁতীৰ পৰিয়ালৰ সৰু-ডাঙৰ, পুৰুষ-মহিলা সকলোৱে তাঁতশালৰ বেলেগ বেলেগ ধৰণৰ কামত জৰিত হৈ থাকে।” সূতা কটাৰ পৰা আৰম্ভ কৰি ৰং কৰা, সেই সূতা চেৰেকীত নলীত পকাই, সেই নলীৰ পৰা আকৌ গাড়িত মেৰিয়াই লোৱাৰ পিছতহে তাঁতশালত বহিব পৰা যায়। এই আটাইবোৰ কাম পৰিয়ালৰ ভিন ভিন সদস্যই কৰে। “আন তাঁতী পৰিয়ালৰ দৰে আমাৰ ঘৰতো সৰুৰে পৰা আমি এই কাম কৰি আহিছো।”








