টোকা: পাৰিয়ে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকক লৈ কেবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে। এতিয়া আমি বিশেষ কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ ওপৰত গুৰুত্ব দিম। সেই ধাৰাবাহিকৰ এয়া প্ৰথমখন প্ৰতিবেদন


Sangrur, Punjab
|WED, OCT 01, 2025
পাঞ্জাৱত সেউজ বিপ্লৱৰ অন্য এক ফলাফল
পাঞ্জাৱত সাধাৰণতে খেতিৰ মেচিন-পাতিৰ পৰা দুৰ্ঘটনাগ্ৰস্ত হৈ বহু লোক বিকলাংগ হৈছে, ৰাজ্যখনৰ গাঁৱে-ভূঞে এয়া যেন এক সাধাৰণ কথা,। ঘটনা ঘটিছে, জীৱন থমকি ৰৈ যোৱা নাই। এক অক্টোবৰত বৃদ্ধ লোকসকলৰ বাবে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন কৰিছে, সেই প্ৰসংগতে বৃদ্ধাৱস্থা আৰু বিশেষভাৱে সক্ষম লোকৰ জীৱনক লৈ এই প্ৰতিবেদন
Author
Editor
Photo Editor
Translator
সুৰজিত সিঙে এটা দশক আগতে এখন হাত হেৰুৱাইছে যদিও সেই কথাটো মানসিক-শাৰীৰিকভাৱে মানি লোৱা নাই সিং ডাঙৰীয়াই।
“কেৱল ধান কাটিব নোৱাৰো। সেই কামটো এখন হাতেৰে কৰিব নোৱাৰি। এখনেৰে ধৰিব লাগে, আনখনেৰে কাচি লৈ কাটিব লাগে,” বৃদ্ধ খেতিয়কজনে কয়। তাৰপিছত তেওঁ সংগ্ৰুৰ জিলাৰ ৰংগিয়াঁ জিলাৰ দহ একৰ খেতিমাটিত কি কি কাম নিতৌ কৰে, তাৰ তালিকা এখন এই প্ৰতিবেদকৰ আগত তুলি ধৰে।
কিন্তু তেনেতে তেওঁৰ পত্নী কুলৱন্ত কৌৰে হস্তক্ষেপ কৰে। অকণো দয়া নকৰি তেওঁ সিঙৰ দাবীবোৰ নস্যাৎ কৰে। “নিজৰ পাইজামাৰ ৰছীডালো নিজে গাঠিব নোৱাৰে,” তেওঁ কয়। “পুৱাৰ ভাগত বৰপানীভাগ চুবলৈ গৈ তেওঁ ভালকৈ পৰিষ্কাৰ হৈ আহিব নোৱাৰে। পিঠিখন ভালকৈ খজুৱাবও নোৱাৰে। পিঠিত খজুৱতি উঠিলে বেৰত বা গছত পিঠিখন ঘঁহাই খজুৱাই ল’বলৈ লৰ মাৰে।”
তথাপি সুৰজিত সিং বিশেষভাৱে সক্ষম লোকে পাবলগীয়া চৰকাৰী সুবিধাসমূহৰ বাবে যোগ্য বুলি বিবেচিত নহ’ল। তেওঁ কোনো ক্ষতিপূৰণ নাপালে। তেওঁ পাটৱাৰি (গাঁও পৰ্য্যায়ৰ চৰকাৰী বিষয়া যিয়ে ভূমিৰ লেখ ৰাখে)। “কিন্তু তেওঁ ক’লে, ‘আপোনাৰ দেখোন নিজা মাটি আছে।’ সেয়ে মই ঘৰলৈ গুছি আহিলো।” সেয়া হাস্যকৰ কথা আছিল। কিয়নো ভূমিহীন আৰু ভূমিৰ অধিকাৰী - দুয়োশ্ৰেণীয়ে এই সুবিধাৰ যোগ্য। বিশেষভাৱে সক্ষমজনৰ পেঞ্চন তেওঁ (পাঞ্জাৱত মাহে ১৫০০ টকা) নাপায়। তেওঁ বৃদ্ধপেঞ্চনো নাপায়, যিটো ৬০-৬৯ বছৰ বয়সৰ লোকৰ বাবে ১,৫০০ টকা আৰু ৭০ উৰ্দ্ধ বয়সৰ লোকৰ বাবে ২,০০০ টকা।

Vishav Bharti

Vishav Bharti
৭২ বছৰ বয়সীয়া এইগৰাকী মানুহে আন একো কথাক লৈয়ে গৌৰৱ কৰা নাই, যিমানখিনি তেওঁ এখন হাতেৰে কৰিব পৰা কামক লৈ কৰিছে। হাতখন তেওঁ কেনেকৈ হেৰুৱালে? সেযা ১৯৯০ৰ মাজভাগৰ কথা, সুৰজিতে কয়। “মোৰ ভাইটিয়ে মোক ঘাঁহ কুটিবলৈ হাক দিছিল, কাৰণ মই অন্যমনস্ক হ’বলৈ বেছি সময় নালাগে। সিদিনা আমি টকাটো (ঘাঁহ কুটা মেচিন) মেৰামতি কৰি আনিছিলোহে আৰু পশুখাদ্যৰ বাবে কুঁহিয়াৰ কাটি আছিলো। প্ৰথমে মোৰ আঙুলিকেইটা মেচিনত লাগি ধৰিলে, তাৰপিচত হাতখন সোমাই গ’ল, একেবাৰে বাহুলৈকে,” কথাখিনি কৈ থাকোতে তেওঁৰ মুখখন ভাবলেশহীন হৈ থাকিল।
তেওঁ কথাখিনি কৈ ৰৈ গ’ল, সেইখিনিতে তেওঁৰ পত্নী ৬৫ বৰ্ষীয় কুলৱন্ত কৌৰে ক’বলৈ ধৰিলে। “হাতখন পশুখাদ্যৰ দৰে টুকুৰা-টুকুৰ হৈ গ’ল। চাৰিওফালে আছিল কেৱল তেজ আৰু তেজ। মই সেই ক্ষণতে মূৰ্ছা গ’লো।” হস্পিতালত সুৰজিত ২০ দিনমান থাকিবলগীয়া হ’ল। কিন্তু যি হৈ গ’ল, গ’ল। তাকে লৈ অনুতাপ কৰি ৰৈ যোৱাৰ সময় তেওঁৰ হাতত নাছিল। পেটৰ ভাতকেইটাতো মোকলাবই লাগিব। ডেৰমাহ পিছত তেওঁ আকৌ পথাৰত নামিল। “আমি শুনিবলৈ পাইছিলো যে চুবুৰীয়াই হাক দিয়াৰ পিছতো, আনকি ৰখাবলৈ চেষ্টা কৰাৰ পিছতো তেওঁ ব’ৰৱেলৰ তললৈ সোমাই গৈ সেয়া মেৰামতি কৰি পেলাইছিল। হাতখন হেৰুৱাই তেওঁক কেতিয়াও দুখ কৰি বহি থকা নেদেখিলো,” কুলৱন্তে কয়।
“দুয়োখন হাত থকা হ’লে তেওঁ এই বেৰবোৰ তেওঁ সোণ লেপি সাজি উলিয়ালেহেঁতেন। তেওঁ আগৰেপৰাই বৰ পৰিশ্ৰমী লোক,” কুলৱন্তে কয়।
সুৰজিত আৰু তেওঁৰ দৰে আন বহুতেই সত্তৰৰ দশকৰ আৰম্ভণিতে অহা সেউজ বিপ্লৱ, প্ৰযুক্তি আৰু অটোমেচনৰ অন্য এক ধৰণৰ ফলাফল। পাঞ্জাৱৰ গাঁৱে গাঁৱে এনে বহুতো তেওঁৰ দৰে কাহিনী আছে, কিন্তু সেয়া কোনোদিন বাহিৰলৈ অহা নাই।

Vishav Bharti
১৯৭৫ৰ পৰা ১৯৭৮ৰ সময়চোৱাত কেৱল এইখন ৰাজ্যত কৃষিত ব্যৱহৃত মেচিনৰ পৰা ৮৪১ টা দুৰ্ঘটনা ঘটিছে।
পাঞ্জাৱ কৃষি বিপণন ব’ৰ্ডে গোটোৱা তথ্য অনুসৰি ২০০৭ৰ পৰা ২০১২ৰ সময়চোৱাতে মুঠ ৬,১৯৬ টা কৃষি-দুৰ্ঘটনা ঘটিছে। ইয়াৰে ৪,২১৮ টা, মানে ৬৮.০৮ টা ঘটনা পশুখাদ্য কুটা মেচিনৰ পৰা হৈছে। ১,৩৯৫ টা (২২.৫১ শতাংশ) দুৰ্ঘটনা হৈছে শস্য চপোৱা আৰু মৰণা মৰা মেচিনৰ পৰা হৈছে। ৫৮৩ টা (৯.৪১ শতাংশ) হৈছে ট্ৰেক্টৰ আৰু সম্পৰ্কিত সঁজুলিৰ পৰা।
বিপণন ব’ৰ্ডৰ দুৰ্ঘটনা সম্পৰ্কীয় ডেটাৰ আন এক বিশ্লেষণমূলক অধ্যয়নত দেখা গৈছে যে খেৰ কুটা আৰু মৰণা মৰা মেচিন সংক্ৰান্ত ৬৭.৫ শতাংশ দুৰ্ঘটনাত হাত-ভৰি কাটিবলগীয়া হৈছে। ১৮.২ শতাংশ ঘটনাত হাত কাটিবলগীয়া হৈছে। ১০.৫ শতাংশ ঘটনাত বাহু কটা গৈছে। কৃষিজনিত দুৰ্ঘটনাত ভুক্তভোগীৰ ক্ষতিপূৰণ সংক্ৰান্ত ২০১৭ৰ সেই অধ্যয়ন কৰিছিল লুধিয়ানাৰ পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ ফাৰ্ম মেচিনেৰি এণ্ড পাৱাৰ ইঞ্জিনিয়াৰিং বিভাগে।
বিশ্ববিদ্যালয়খনে বিপণন ব’ৰ্ডৰ ডেটাখিনিৰ ওপৰতো প্ৰশ্ন তুলিছে আৰু কৈছে যে ২০০৭ৰ পৰা ২০১২লৈ মাত্ৰ তিনিটা বছৰত দুৰ্ঘটনাৰ সংখ্যা আছিল ৯,১৮৮ টা। ক্ষতিপূৰণ দিয়া হৈছিল মাত্ৰ ৫,৪৯২ গৰাকীলৈ, মুঠ ২৫ কোটি টকা। মানে গাইপতি ৫০ হাজাৰৰো কম। তাৰমানে দুৰ্ঘটনাত পতিত হোৱা মুঠ ৯,১৮৮ গৰাকীৰ অতিকমেও ৩,৬৯৬ গৰাকী ভুক্তভোগীয়ে (৪০ শতাংশৰো অধিক) কোনোধৰণৰ ক্ষতিপূৰণ পোৱা নাই বুলি ধৰিব পাৰি।
সেউজ বিপ্লৱৰ লগে লগে কৃষিপথাৰত নতুন ধৰণৰ মেচিন অহাৰ পিছতে এনে দুৰ্ঘটনা ঘটিবলৈ লৈছিল। পাঞ্জাৱত এনে গাঁও খুব কম ওলাব য’ত কৃষিত ব্যৱহৃত মেচিনৰ পৰা দুৰ্ঘটনাত পতিত হৈ বিকলাংগ হোৱা লোক নাই। দুখৰ কথা যে ভুক্তভোগীয়ে দুৰ্ঘটনাৰ পিছৰ বিশেষভাৱে সক্ষম হিচাপে জীৱনচোৱা প্ৰায়ে শোচনীয় অৱস্থাত কটাবলগীয়া হৈছে। “মূল আৰ্থিক সমস্যাটো হৈছে তেওঁলোকৰ বাৰ্ষিক আয় গুৰুতৰভাৱে হ্ৰাস পাইছে আৰু তেওঁলোক স্থায়ী ৰূপত কায়িকভাৱে অক্ষম হৈ পৰিছে,” চণ্ডীগড়ৰ উন্নয়ন আৰু যোগাযোগ প্ৰতিষ্ঠান-য়ে কৰা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে। “ফলত তেওঁলোকে প্ৰাত্যহিক কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে।”
কৃষি-দুৰ্ঘটনাৰ ভুক্তভোগীসকলৰ বাবে ক্ষতিপূৰণৰ নীতি নিৰ্ধাৰণ কৰা পাঞ্জাৱ প্ৰথমকেইখন ৰাজ্যৰ মাজৰ এখন। সংসদত বিপজ্জনক মেচিন (নিয়ামক) আইন ১৯৮৩ত বলবৎ কৰা হয়। আৰু পাঞ্জাৱে তাৰ পৰৱৰ্তী বৰ্ষত কৃষি-দুৰ্ঘটনাগ্ৰস্ত হোৱাসকলৰ বাবে বিত্তীয় সাহায্যৰ আঁচনি মুকলি কৰে। কিন্তু ১৯৮৪ত মুকলি কৰাৰ পিছতো এই আঁচনি ৰূপায়ণ তেনেই শোচনীয়। সুৰজিতেই তাৰ জীৱন্ত উদাহৰণ।
পাটিয়ালাৰ সামন্ত প্ৰদেশত জমিদাৰী অৱদমনৰ বিৰুদ্ধে যুঁজাৰ ইতিহাসেৰে সমৃদ্ধ তেওঁ গাঁও ৰংগিয়াঁত কৃষিকাৰ্য্যত ব্যৱহৃত মেচিনৰ পৰা হোৱা দুৰ্ঘটনাৰ ফলত শাৰীৰিকভাবে অক্ষম হৈ পৰা বহুসংখ্যক লোক আছে। বহু মানুহ এতিয়ালৈ ঢুকাল, সুৰজিতৰ দৰে দুই-এজন এতিয়াও আছে।
৭৩ বৰ্ষীয় খেতিয়ক পাল সিঙে মৰণা মৰা মেচিনত লাগি তেওঁৰ সোঁহাতখন আৰু এখন বাহু হেৰুৱালে, সেয়া ১৯৮২ৰ কথা। কিন্তু এতিয়াও চাৰিটা দশক আগৰ সেই দিনটোৰ কথা মনত পৰিলে তেওঁৰ গাৰ নোম শিয়ৰি উঠে। “মই কাড়া এপাত পিন্ধি আছিলো (শিখসকলে পিন্ধা খাৰু)। এনেয়ে বহি থাকিব মই নোৱাৰো। সেয়ে মই মৰণা মৰা মেচিনটোত তেল দিবলৈ ধৰিলো। মেচিনটো ইতিমধ্যে চলি আছিল। মোৰ কাড়াডাল ফিডাৰৰ ডাঙৰ বল্টু এটাত লাগি গ’ল আৰু মোৰ হাতখন এনেকৈ টানি নিলে যে হাতৰ হাড় ভাঙি গ’ল। তাৰ এক মুহূৰ্ত পিছত দেখিলো যে মোৰ হাতৰ সৰুগাঁঠিটোৰ লগত হাতখনৰ কিছু অংশ মাটিত পৰি আছে। ডাঠ খাৰুপাত চাৰিকোণীয়া হৈ গৈছিল। অসহনীয় বিষ হৈছিল, আপুনি কল্পনা কৰিব নোৱাৰে। তাতকৈ হাতখন খেৰ কুটা মেচিনত কটা গ’লেই চাগে ভাল আছিল, বৰ সহজে গ’লহেঁতেন,” তেওঁ কয়।
পাল ২০-২৫ দিন হস্পিতালত থাকিল। কিন্তু সুৰজিতৰ দৰে তেওঁৰো দুৰ্দশাত সময় কটাবলৈ আজৰি নাছিল। “মই দুৰ্ঘটনাৰ দুমাহ পিচৰ পৰাই ট্ৰেক্টৰ চলাবলৈ ল’লো। মাটি চহোৱা আৰু বীজ সিঁচা আদি কাম সহজেই হৈ থাকিল। কিন্তু মই মাটি সমান কৰা কামো কৰি থাকিলো। মই পুৱা ৪ বজাতে সেই কাম আৰম্ভ কৰি ১৬ ঘণ্টা পৰ্য্যন্ত কাম কৰোঁ, যিটো কামত সাধাৰণতে দুয়োখন হাতৰ প্ৰয়োজন হয়।”
তেওঁৰ বাবে জীৱনটো বেছি এটা সলনি হোৱা নাই। “বেছি নহয়। কিন্তু সদায় এনে লাগে যেন মোৰ হাতৰ মুঠিটো টানকৈ ধৰি আছো আৰু চেষ্টা কৰিলেও খুলিব পৰা নাই। বাওঁহাতখন এনেকৈ ব্যৱহাৰ কৰো যে এতিয়া মনতেই নপৰে যে মই সোঁহাতখনৰেও কিবা কৰিছিলো।”

Vishav Bharti

Vishav Bharti
পাল সিঙৰ দৰে নচীব কৌৰৰ বয়স ৭০ বছৰ আৰু তেওঁৰ একেখন গঁৱতে ঘৰ। তেওঁৰো বাওঁহাতখনক লৈ এটা দুখৰ কাহিনী আছে। এটা দশক আগতে খেৰ কটা মেচিনত লাগি তেওঁৰ হাতখন কটা গৈছিল। “গৰুৰ বাবে খেৰ-ঘাঁহ কটা মেচিনত কাম কৰাটো ৰুটিমমাফিক আছিল। শৈশৱৰে পৰা কৰি আহিছো। সন্ধ্যা ৭ মান বজাৰ কথা। প্ৰথমে মোৰ বুঢ়া আঙুলিটো ৰোলাৰত লাগি ধৰিলে, তাৰপিছত গোটেই হাতখন সোমাই গ’ল। মই চিঞৰিছিলো, কিন্তু মোৰ ননদজনীয়ে ইমানেই ভয় খালে যে মেচিনটো বন্ধ কৰিব নোৱাৰিলে। চুবুৰীয়াই মোৰ চিঞৰ শুনি দৌৰি আহি ইঞ্জিনটো বন্ধ কৰি মেচিনৰ পৰা মোৰ হাতখন উলিয়াই আনিলে।”
তেওঁ পৰিয়ালটোৰ তিনিগৰাকী ব্যক্তিৰ ভিতৰত তেঁৱেই এগৰাকী ব্যক্তি যিয়ে ১,৫০০ টকাৰ বৃদ্ধপেঞ্চন পায়। কিন্তু বিশেষভাবে সক্ষমজনৰ পেঞ্চন কিম্বা ক্ষতিপূৰণ একো নাপায়। এই তিনিগৰাকীৰ ভিতৰত কেৱল পাল সিঙে মাহে ১,৫০০ টকা বিশেষভাবে সক্ষমজনৰ পেঞ্চন পায়। সুৰজিত সিঙে একো নাপায়। জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰাপ্যখিনি পোৱাৰ কাৰবাৰটো বেছিভাগ সময়তে ইমান সহজ নাপায়। তাতে আকৌ জ্যেষ্ঠ আৰু বিশেষভাবে সক্ষমজনৰ ক্ষেত্রত ৰঙাফিটাৰ মেৰপেচে বিহু দেখুওৱাৰ উদাহৰণ বহুত। চৰকাৰী কাৰ্য্যালয়ত প্ৰায়ে তেওঁলোকৰ আবেদন ভুল ব্যাখ্যা বা কোনো ব্যাখ্যা অবিহনেই নাকচ কৰা হয়।
নচীবৰ মনত পৰে সেই দিনবোৰৰ কথা যেতিয়া তেওঁ ফণিৰে চুলি আঁচুৰিছিল আৰু খোপা বান্ধিছিল। পাকঘৰৰ গোটেই কাম কৰিছিল, গাই দোৱা আদি কাম ততালিকে কৰিব পাৰিছিল। কৈ থকাৰ মাজতে তেওঁ হঠাতে ভাবত বিভোৰ হৈ যায়। অলপ তভক মাৰি তেওঁ কয়, “এতিয়া সেইবোৰ নোৱাৰো।”

Vishav Bharti
ৰুটি বেলিব পাৰেনে তেওঁ? “হয় কৰিবলগা হয়। ঘূৰণীয়া নহয় যদিও কি কৰিব, উপায় নাই। মোৰ যে এনে এটা অৱস্থা হৈছে, মই কিনো ভুল কৰিছিলো?” কথাখিনি কৈ থাকোতে তেওঁৰ চকুলো বৈ আহে, দোপাত্তাখনেৰে তেওঁ চকুপানী মচে। সান্তনাৰ সুৰত সুৰজিতৰ পত্নীয়ে তেওঁক কয়, “কঠিন সময়ৰ কথা সজে পাহৰিব নোৱাৰি।”
এইবোৰ দেখি সুৰজিত সিং বহি থকাৰ পৰা মনে মনে উঠি গ’ল আৰু ষাড়গৰুটো বান্ধি থোৱা ঠাইলৈ গৈ তাৰ পঘাডালৰ গাঁঠিটো কটা যোৱা হাতখনৰ মুঠিটোৰেই খুলি দিলে। মেচিনত কটা যোৱা হাতখন এতিয়াও চলে, কোনেও নেদেখিলেও, কোনোৱে গুৰুত্ব নিদিলেও সেইখন চলে।
এই প্ৰতিবেদন পাৰিৰ ২০২৫ৰ জ্যেষ্ঠ ফেল’শ্বিপৰ অধীনত প্ৰকাশিত।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/in-punjab-green-revolution-red-harvest-as

