ৰণদীপ সিঙৰ ভাগ্য ইমানো ভাল নাছিল যে তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আটক কৰি হাতে-ভৰিয়ে বান্ধি অমৃতসৰ অভিমুখী চি-চেভেণ্টিন ফ্লাইটখনত উঠাই ঘৰলৈ পঠিয়াই দিব। বিদেশৰ মাটিয়ে-পানীয়ে ২৬৪ দিন কম্বোডিয়া হৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ডানকি ৰুট লৈ যাওতে এইবছৰ ২১ ফেব্ৰুৱাৰীৰ দিনা তেওঁৰ মৃত্যু ঘটে।
আপুনি পৰ্গত সিঙক ভাগ্যৱান বুলি ক’ব পাৰে। তেওঁ আন এগৰাকী পাঞ্জাৱী ডেকাল’ৰা, যাৰ আমেৰিকাৰ সপোন আৰম্ভ হৈছিল ঘৰৰ তিনি একৰ মাটি আৰু মাকৰ প্ৰায়খিনি সোণ-গহণা বিক্ৰীৰে। কিন্তু শেষ হ’ল ক’ত – ভাৰতলৈ বিতাড়নেৰে। নিজ দেশলৈ উভতাৰ সময়ত তেওঁৰ হাতত হেণ্ডকাফ লাগি আছিল ঠিকেই, কিন্তু তেওঁ নিজৰ কাহিনী ক’বলৈ অন্ততঃ জীয়াই আছিল।
পাঞ্জাৱৰ মহালি জিলাৰ শ্বেইখপুৰা কলাঁ গাঁৱৰ ৰণদীপৰ ঘৰত পতা চত্থৰ নামে মৃতকৰ শোক অনুষ্ঠানটোৱে তেওঁৰ হৃদয়-বিদাৰক কাহিনীৰ কথাকে কয়। দুটা কোঠালীৰ সৰু ঘৰটোত শোকস্তব্ধ পৰিয়ালটোৰ লোকে বহাৰ বাবে ঠাইৰ অভাৱ ঘটিছে। তেওঁৰ অৱশেষ এতিয়াও আহি পোৱা নাই। কিন্তু কেতিয়া আহি পাব, তাৰ কোনো ঠিকনা নাই। কম্বোডিয়াত থকা ভাৰতীয় দূতাবাসে ভাৰত চৰকাৰৰ পৰা তেওঁৰ মৃতদেহ স্বদেশলৈ পঠিওৱাৰ বাবে ৬ লাখ, ২১ হাজাৰ টকাৰ আগধন বিচাৰিছে।
সিমানখিনি ধন কি, ৰণদীপৰ হাজিৰা কৰি খোৱা ৫৫ বৰ্ষীয় পিতৃ বলৱিন্দৰ সিঙে বুজি নাপায়। তেওঁ দিনটো গেবাৰি খাটি ৫০০ টকা পায়, তাকো দিন ভালে থাকিলেহে কাম পায়। তেওঁ কাৰোবাক চিনি পায়-নাপায়, সকলোৰে মুখলৈ এবাৰ আশাৰে চায়। লাহেকৈ এষাৰ কথাকেই কয়, “বডি লাই কে আউন দা দেখো (বডিটো অনাৰ বাবে কিবা এটা কৰকচোন)।”
কৰ্মহীনতা আৰু কৃষিসংকটে দেশখনৰ গ্ৰামাঞ্চল জৰ্জৰিত কৰাৰ সময়ত কেৱল ৰণদীপেই (২৪) নাছিল, যিয়ে পাঞ্জাৱৰ পৰা ওলাই যোৱাৰ ইচ্ছা পুহি ৰাখিছিল। ভূমিহীন দলিত পৰিয়াল এটাত জন্মগ্ৰহণ কৰা ৰণদীপে দেখিছিল বাৰে বাৰে খেতিত হোৱা লোকচান, কৰ্মসংস্থানৰ চুড়ান্ত অভাৱ আৰু সেই সময় এনে আছিল যে গ্ৰামীণ পাঞ্জাৱত আত্মহত্যাৰ ঘটনাৰ বাৰে বাৰে ঢৌ উঠিছিল।










