বালাচাহেব লন্ধেয়ে কেতিয়াও ভবা নাছিল যে ২০ বছৰ আগতে লোৱা সিদ্ধান্ত এটাৰ কথা মনত পেলালে হুমুনিয়াহে তেওঁক আগুৰি ধৰিব। মহাৰাষ্ট্ৰৰ পুণে জিলাৰ ফুৰচুংগি নামে সৰু চহৰখনৰ উপান্ত খেতিয়কৰ পৰিয়াল এটাত জন্মগ্ৰহণ কৰা লন্ধেয়ে খুব কম বয়সৰ পৰাই তেওঁৰ খেতিপথাৰত কাম কৰিবলৈ লৈছিল। ঘাইকৈ তেওঁলোকে কপাহৰ খেতি কৰিছিল। তেওঁৰ বয়স ১৮ বছৰ হওঁতে চালক হিচাপে কাম কৰি অতিৰিক্ত দুপইচা উপাৰ্জনৰ কথা তেওঁ চিন্তা কৰিছিল।
“বন্ধু এজনে মোক পশু সৰবৰাহৰ ব্যৱসায়ৰ লগত জৰিত মুছলমান পৰিয়াল এটাৰ লগত চিনাকি কৰাই দিলে,” ৪৮ বৰ্ষীয় লন্ধেয়ে কয়। “তেওঁলোকক গাড়ীচালক এজনৰ প্ৰয়োজন আছিল, ময়ে কৰিম বুলি ভাবিলো।”
বালাচাহেব বৰ উদ্যমী ডেকাল’ৰা আছিল, ব্যৱসায়টো খুঁটি-নাটি মাৰি শিকি লৈছিল। এটা দশক পিছত তেওঁ চিন্তা কৰিলে যে শিকা হ’ল, সঞ্চয় ভালেখিনি হ’ল।
“মই ৮ লাখ টকাৰে চেকেণ্ড হেণ্ড ট্ৰাক এখন কিনিলো। তথাপিও হাতত মূলধন হিচাপে আছিল অতিৰিক্ত দুই লাখ টকা,” তেওঁ কয়। “ইফালে দহটা বছৰত বজাৰখনৰ খেতিয়ক আৰু বেপাৰীবোৰ মোৰ চিনাকি হৈ পৰিছিল।”
বালাচাহেবৰ উদ্যোগে কামত দিলে। এই ব্যৱসায়ৰ বলতেই তেওঁ নিজৰ পাঁচ একৰ খেতিমাটিত শস্যৰ মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা লোকচানৰ পৰা উদ্ধাৰ পাইছিল।
ব্যৱসায়টো আছিল তেনেই পোনপটীয়া। সাপ্তাহিক বজাৰত গৰু বেচিব খোজা খেতিয়কৰ পৰা গৰু গাড়ীখনত উঠাই নিয়া, সেয়া কমিচন লৈ বজাৰত নাইবা কচাইখানাত নাইবা আন কোনো খেতিয়কলৈ বিক্ৰী কৰা। ২০১৪ত, তেওঁৰ ব্যৱসায়ৰ এটা দশক পাৰ হোৱাৰ পিছত তেওঁ ব্যৱসায় বঢ়াবলৈ আন এখন ট্ৰাক কিনি আনে।
পেট্ৰলৰ খৰছ, গাড়ীৰ মেৰামতিৰ খৰছ আৰু চালকৰ দৰমহা বাদ দি সেই সময়ত তেওঁৰ হাতত মাহে প্ৰায় ১ লাখ টকা থাকিছিল, লন্ধেয়ে কয়। মুছলমান কুৰেছি সম্প্ৰদায়ৰ লোকৰ আধিপত্য থকা এনে এটা ব্যৱসায়ত তেওঁ মুষ্টিমেয় কেইগৰাকীমান হিন্দু লোকৰ এজন আছিল যদিও তেওঁৰ একো অসুবিধা হোৱা নাছিল। “তেওঁলোকে বহল মানুহ আছিল, দিহা-পৰামৰ্শ, কাৰোবাৰ সৈতে যোগাযোগ কৰাই দিয়াত সদায় আগবাঢ়ি আহিছিল।”








