স্থান: মহাৰাষ্ট্ৰৰ কোনো এখন গাঁও।
অনুষ্ঠান: আম্বেদকাৰ জয়ন্তী বা অন্নভাউ চাথে জয়ন্তী
শ্বাহিৰ এগৰাকী মঞ্চত উঠিছে আৰু দৰ্শকৰ শাৰীত বহি আছে দলিত সম্প্ৰদায়ৰ ডেকা-বুঢ়া, পুৰুষ-মহিলা, সৰু-ডাঙৰ সকলো।
“গাৱত আলা তাৰ ঘৰ নাহি, শিৱাৰাত গেলো তাৰ চেত নাহি।
আৰে কোন কাৰনাৰ আমাচা ৱাকাড়া?”
(গাঁৱত নাই মোৰ ঘৰ, নে আছে খেতিমাটি,
গতিকে মই হেৰুৱাবলগা আছেইবা কি?)
এই সাহসী প্ৰশ্নৰে গংগাধৰ পলে গাবলৈ লয়:
আৰে পেতুন উথু দিয়া কি দেশ চাৰা, ত্যাত জালেল আমচাহি এক জোপাড়া!
(গোটেই দেশখনেই জ্বলক। আমাৰো জুপুৰি সেই জুইতে জ্বলিব।)
মাৰাঠী ভাষাৰ এই গীতেৰে আৰম্ভ হয় অনুষ্ঠান আৰু গংগাধৰে গোটেই ৰাতিটোৰ বাবে পৰিৱেশন কৰিবলৈ সাজু হয়।
শ্বাহিৰী এক কাব্যিক ধাৰা য’ত নানা ঐতিহাসিক ঘটনা আৰু যুদ্ধজয়ৰ ঘটনাৰ সৈতে জৰিত ৰজা আৰু ৰজাৰ সৈন্য-সামন্তৰ বীৰগাঁথাৰ বন্দনা কৰা হয়। মহাৰাষ্ট্ৰখন এই লৈ গৌৰৱান্বিত। কিন্তু গংগাধৰ পল আৰু আন গায়কসকলে আম্বেদকাৰী জলসাত গোৱা এই গীত ভিন্ন। এই শ্বাহিৰসকলে পাৰ হৈ যোৱা দিনৰ গীত নাগায়, তেওঁলোকে বৰ্তমানৰ কথা কয়। বৰ্ণবাদীৰ চৰিত্ৰ সাহসেৰে উদঙাই দিয়া গীত গায়। তেওঁলোকৰ কথাই বৰ্ণবাদীসকলৰ বিৰুদ্ধে দলিতসকলক মুৰ দাঙি থিয় দিয়াৰ সাহস দিয়ে।










