অক্টোবৰৰ শেষ মানে আনন্দৰ মেলাহে যেন, নন্দা গোটাৰণেয়ে কয়। খেতিয়কসকলে বলদ গৰুৰে চপোৱা কষ্টোপাৰ্জিত ফচলবোৰ এখন পথাৰত জমা কৰে৷ নৱেম্বৰ মাহৰ মাজলৈকে শস্য চপোৱা কাম শেষ হয়৷ সোণগুটি চপোৱাৰ পিছৰ এই পৰিৱেশৰ এইদৰে বিৱৰণ দিয়ে নন্দা গোটৰণেয়ে৷
এই বছৰ মাহটোৰ শেষলৈ ধান চপোৱা পথাৰখন পিতনিলৈ ৰূপান্তৰিত হৈছে৷ ফচল চপোৱাৰ পৰিৱৰ্তে এইবাৰ নন্দা আৰু তেওঁৰ গিৰিয়েকে ১৬ আৰু ১৭ অক্টোবৰত তেওঁলোকৰ দুই একৰ ভূমিৰ খেতি পথাৰৰ পৰা নষ্ট হোৱা ফচলবোৰ আঁতৰাবলৈহে আয়োজন কৰিছে৷
দুদিন পিছতো পথাৰখনত গোৰোহাৰ ওপৰলৈ পানী জমা হৈ আছিল আৰু ৪২ বৰ্ষীয় নন্দাই পানীত তিতি বাগৰি পৰা ধানবোৰ ৰ’দত শুকুৱাবলৈ যতন কৰিছিল৷ ‘‘মই নাজানো, এইদৰে শুকুৱালে কাম হ’ব নে নহয়…’’, শাৰীৰ আঁচলেৰে চকুপানী মচি তেওঁ কৈছিল৷ (অৱশ্যে তেওঁৰ এই পৰিশ্ৰমে ফল দেখুৱাইছিল৷ তেনেদৰে শুকুওৱা ধানৰ পৰা তেওঁ ছয় কুইণ্টল চাউল উলিয়াবলৈ সমৰ্থ হৈছিল৷ পূৰ্বৰ বছৰটোত তেওঁলোকে পোন্ধৰ কুইণ্টল চাউল পাইছিল৷) নন্দাৰ গিৰিয়েক কৈলাশে (৪৭ বছৰ) বাড়া তালুকাত এটা ব্যক্তিগত সংস্থাৰ কাৰ্যালয়ত সহায়কৰ কাম কৰি মাহে ৮,০০০ টকাকৈ দৰমহা লাভ কৰে৷ তেওঁলোকৰ এজনী ১৪ বছৰীয়া কন্যা সন্তান আৰু ১০ বছৰীয়া পুত্ৰ সন্তান আছে আৰু দুয়ো জিলা পৰিষদৰ বিদ্যালয়ত পঢ়ি আছে৷
অক্টোবৰত হঠাতে অহা বৰষুণজাকে নন্দাৰ পৰিয়ালটোকে ধৰি গেটছ্ বুদ্ৰুক গাঁৱৰ ১,১৩৪ জন লোকৰ জীৱনলৈ অমানিশা নমাই আনিলে৷
কামিনী গোটৰণেৰ পথাৰখনো বোকাময় হৈ পৰিছে৷ তেওঁ কয়, ‘‘ধানবোৰ পচিব এতিয়া, পথাৰখনো বোকাৰে ভৰি পৰিল৷’’ অক্টোবৰ মাহত গিৰিয়েক মনোজৰ সৈতে কামিনীয়ে তেওঁলোকৰ চাৰি একৰ কৃষিভূমিত পানীত হাউলি পৰা ধানবোৰ কাটি কিছু ফচল ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল আৰু লগতে বোকাময় পথাৰখনো পৰিষ্কাৰ কৰিবলগীয়া হৈছিল৷ এই কাৰ্যত তেওঁলোকক সহায় কৰিছিল আন চাৰিজন খেতিয়কে৷ প্ৰকৃততে প্ৰত্যেকেই প্ৰত্যেকৰ পথাৰত এই অবৰ্ণনীয় পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ সহায় কৰি দিছিল৷













