‘‘গাভৰু কালত মই ধুনীয়াই আছিলো৷ কিন্তু এতিয়া মোৰ নিজৰ যতন ল’বলৈ সময়েই নোপোৱা হৈছো,” ভাড়া ঘৰটোৰ চিৰিত বহি সামান্য অৱকাশ উপভোগ কৰি নুৰে (নাম সলনি কৰা হৈছে) হুমুনিয়াহ কাঢ়ি এইদৰে কয়৷
পাৰিক নুৰে কয়, ‘‘২২ বছৰ বয়সৰে পৰা মই নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে, কাৰখানাত আৰু তাৰ পিছত ঘৰুৱা সহায়িকা হিচাপে কাম কৰি আহি এতিয়া অৱশেষত দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত চাফাই কৰ্মী হিচাপে কাম কৰি আছো। দিল্লীলৈ অহাৰ দিন ধৰি মই কেৱল কামেই কৰি আছো৷’’
ৰোহিণী ছেক্টৰ ১৫-ত অৱস্থিত হাস্পতালখনত নুৰে নাৰ্ছিং আৰু চাফ-চিকুণ কৰা কামত সহায় কৰে৷ তেওঁ ৰোগীৰ কোঠাবোৰ পৰিষ্কাৰ কৰে আৰু প্ৰয়োজন হ’লে খাদ্য আৰু পানী আনি দিয়ে৷ যদি নাৰ্ছসকলক বেণ্ডেজ কৰা বা ৰোগীৰ চোৱাচিতা কৰাত সহায়ৰ প্ৰয়োজন হয়, তাতো নুৰে সহায় কৰি দিয়ে৷ ‘‘মই দিনে প্ৰায় ১২-১৩ ঘণ্টা কাম কৰোঁ৷ মাহে মই ১১,০০০ টকাকৈ উপাৰ্জন কৰোঁ৷ কিন্তু দিল্লীৰ দৰে মহানগৰত জীয়াই থাকিবলৈ এইখিনিয়েই পৰ্যাপ্ত নহয়,’’ তেওঁ কয়৷ ‘‘মই ঘৰ ভাড়া, পানী আৰু বিদ্যুতৰ বিলো দিব লাগে।’’ এই খৰচবোৰ মিলি মাহেকত প্ৰায় ৯,৬০০ টকা হয় বুলি নুৰে জনায়।
২০০৪ চনত নুৰে তেওঁৰ মাহীয়েক আৰু গিৰিয়েকৰ সৈতে দিল্লীলৈ আহিছিল৷ মাত্ৰ ২১ বছৰ বয়সতে অন্তঃসত্বা হোৱা নুৰে বিহাৰৰ ছুলিন্দাবাদৰ পৰা অহা পৰিয়ালটোৰ সৈতে কাম আৰু উন্নত উপাৰ্জনৰ সন্ধানত ৰাজধানী চহৰলৈ আহিছিল৷ এক উন্নত জীৱন বিচাৰিছিল নুৰে৷
১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত, দিল্লী-এনচিটিলৈ অহা প্ৰব্ৰজনকাৰীৰ সংখ্যাৰ ক্ষেত্ৰত বিহাৰ দ্বিতীয় স্থানত আছিল৷ ২০২৪ চনৰ পর্যায়কালীন শ্ৰম শক্তি জৰীপৰ তথ্যই দেখুৱাইছে যে এই স্থিতি এতিয়াও সলনি হোৱা নাই৷ জৰীপটোৰ মতে, বিহাৰৰ পৰা দিল্লীলৈ ১১ লাখতকৈও অধিক লোকে প্ৰব্ৰজন কৰিছে আৰু ইয়াৰ মূল কাৰণ হৈছে কৰ্মসংস্থাপনৰ নিশ্চিতি৷
দিল্লীলৈ অহাৰ পিছত নুৰৰ পৰিয়ালটো কাশ্মীৰী গেটৰ ঝুগ্গি (অস্থায়ী বসতিস্থল) ত বসবাস কৰিবলৈ লৈছিল৷ সেই সময়ত গাভৰু তথা অন্তঃসত্বা অৱস্থাত থকা নুৰে প্ৰথমে নিৰ্মাণ কাৰ্যৰ শ্ৰমিক হিচাপে কাম আৰম্ভ কৰিছিল; পৰৱৰ্তী সময়ত তেওঁ স্বৰূপ নগৰৰ এটা কাৰখানাত কাম কৰিবলৈ লৈছিল৷








