শোৱাপাটিত অসহ্য যন্ত্ৰণাত গেঙাই আছিল কেহল্যা ৱাচাৱে। আঠুৱা টনা চাৰপাইখনত চিত হৈ পৰি আছিল তেওঁ। সেই যাতনা দেখি তেওঁৰ ১৮ বছৰীয়া কন্যা লীলাই তেওঁ আৰাম পাওক বুলি ভৰি মালিচ দিছিল।
আজি কেবামাহো হ’ল তেওঁ নৰিয়াপাটিৰ পৰা উঠিবকে পৰা নাই। তেওঁৰ বাওঁ গালত ঘাঁৰ দাগ। নাকৰ বাওঁফালৰ ফুটাত ভৰাই থোৱা আছে এডাল পাইপ। “তেওঁ বেছিকৈ লৰচৰ নকৰে, কথাও বেছি নাপাতে। ঘাঁবোৰ বিষায়,” তেওঁৰ পত্নী পেছৰিয়ে বয়স ৪২ বছৰ।
চলিত বৰ্ষৰ ২১ জানুৱাৰীত উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ জিলাৰ চিঞ্চপাৰা খ্ৰীষ্টান হস্পিতালত ৪৫ বছৰীয়া কেহল্যাৰ গালৰ ভিতৰৰ ত্বক (ব্যুকেল মিউকোচা)ৰ কৰ্কট ৰোগ ধৰা পৰিছিল।
মাৰ্চৰ ১ তাৰিখৰ পৰা ভাৰতত ক’ভিডৰ দ্বিতীয় পৰ্য্যায়ৰ টিকাকৰণ আৰম্ভ হোৱাৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা ৪৫ৰ পৰা ৫৯ বছৰ বয়সৰ ব্যক্তিৰ টিকাকৰণৰ ক্ষেত্রত ২০ টা কো-মৰ্বিডিটি তালিকাভুক্ত কৰা আছে। সেই তালিকাতে আছে কেহল্যা আক্ৰান্ত হোৱা কৰ্কট ৰোগো। মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুযায়ী এই টিকা পাব লাগে “নিৰ্দিষ্ট বয়সৰ অন্তৰ্গত আৰু প্ৰাথমিকভাৱে ৬০ বছৰ বয়সৰ উৰ্ধ তথা কো-মৰ্বিডিটি থকা ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ লোকে।” (১ এপ্ৰিলৰ পৰা ৪৫ বছৰ বয়সৰ সকলোৰে বাবে টিকাকৰণ মুকলি কৰা হয়, তাত কো-মৰ্বিডিটি থকা-নথকা সকলোকে অন্তৰ্ভুক্ত কৰা হয়)।
কিন্তু কেহল্যা আৰু পেছৰিৰ ক্ষেত্রত নিৰ্ধাৰিত বয়স, কো-মৰ্বিডিটিৰ তালিকা কিম্বা ভেকচিন পোৱাৰ ক্ষেত্রত সম্প্ৰসাৰিত যোগ্যতা - কোনোটোৰেই বিশেষ একো অৰ্থ নাই। অনুসূচিত ভিল জনজাতিৰ অন্তৰ্গত ৱাচাৱে পৰিয়ালটোৱে ভেকচিনৰ সুবিধা লাভ কৰিব পৰা নাই। আক্ৰানি তালুকৰ তেওঁলোকৰ চুবুৰী কুম্ভাৰিৰ পৰা নিকটৱৰ্তী টিকাকৰণ কেন্দ্ৰ ধাড়গাঁও গ্ৰামীণ হস্পিতালখন প্ৰায় ২০ কিলোমিটাৰ দূৰত। “খোজকাঢ়ি যোৱাত বাদে আমাৰ হাতত আন একো উপায় নাই,” পেছৰিয়ে কয়।












