গৰীৱ নগৰৰ বতাহত এতিয়া চকু মেলিব নোৱাৰাকৈ ধূলি আৰু বুকুত সোপা লাগি ধৰা শোক।
মুম্বাইত বেদখলকাৰীক উচ্ছেদৰ বাবে ২০২৬ৰ ১৯ৰ পৰা ২৩ মে’লৈ চলা অভিযানত বান্দ্ৰা ইষ্টৰ ৫০০ৰো অধিক জুপুৰি ঘৰ ভাঙি পেলোৱা হ’ল। সেয়া আছিল ঘৰুৱা কাম কৰা দিন-মজদুৰৰ জুপুৰি। তেওঁলোক এতিয়া আশ্ৰয়হীন।
সকলোতে কেৱল ভগা-চিগা জুপুৰিৰ অৱশেষ সিঁচৰতি হৈ আছে।
এখন তিৰ্পালৰ চালিৰ তলত আলিয়া শ্বেইখ, ৰুকছাৰ খান অফছাৰ, আচমা শ্বেইখ আৰু হীনা খান একেলগে বহি আছে। ঘাইকৈ মুছলমান সম্প্ৰদায়ৰ লোক অধ্যুষিত এই অঞ্চলটোত কেবাদশক ধৰি তেওঁলোকে বসতি কৰি আহিছিল। কিন্তু এতিয়া ভাঙি পেলোৱা ঘৰৰ সন্মুখতে পদপথত তেওঁলোকে নিশাবোৰ কটাবলগীয়া হৈছে।
১৭ মে’ৰ দিনা আবেলি গৰীৱ নগৰৰ বাসিন্দাসকলৰ হাতত পৰে এখন জাননী য’ত বান্দ্ৰা জংচনৰ আশে-পাশে থকা সকলো বসতিস্থল দুদিনৰ ভিতৰত ভাঙি পেলোৱা হ’ব বুলি কোৱা হৈছিল।
ইফালে মুছলমান অধ্যুষিত অঞ্চলটোৰ বেছিভাগ বাসিন্দাই উদযাপন কৰা ঈদলৈ আছিল মাত্ৰ কেইটামান দিন। “ইনচান কী ইনচানিয়ত কহাঁ হ্যে (মানৱীয়তা ক’লৈ গ’ল)?” ৫২ বছৰীয়া গৃহিণী আলিয়াই এই প্ৰতিবেদকক সোধে। তেওঁৰ বোৱাৰী আৰু তিনি নাতি-নাতিনীৰ বাবে কিনা নতুন কাপোৰবোৰ এতিয়াও ঘৰৰ আন সামগ্ৰীৰ সৈতে টোপোলা কৰি থোৱা আছে।
















