মদাৰ গছবোৰ (Erythrina variegata) ফুলেৰে ভৰি পৰিছে। নাগালেণ্ডৰ মন জিলাত এই জুইৰঙা ফুলবোৰে বসন্তৰ আগমনৰ সংকেত দিছে। আৰু বসন্ত মানেই ঘৰে-বাহিৰে উদুলি-মুদুলি পৰিৱেশ। সম্প্ৰদায়টোৱে বছৰি পাতি অহা আওলেং উৎসৱৰ আগমন।
৬২ বছৰীয়া নিলেই কন্যাকে এইবাৰ নাতিয়েকৰ সৈতে উৎসৱথলিলৈ আহিছে। কন্যাক ছাত্ৰ সন্থাৰ ভৱনৰ বাৰাণ্ডাত বহি হাঁহিমুখে তেওঁ কয়, “এতিয়া যে সকলো খেল-ধেমালী চকুৰ আগতে পাম, ভাবি মনটো ভাল লাগিছে।” কিন্তু তাৰ লগচে তেওঁৰ মনটো সমূহীয়া ভোজভাততো আছে। নিলেইয়ে কৈয়ে দিলে, “বৰা চাউল, মাংস, চাটনি, বিভিন্ন ধৰণৰ ফল - কি কি যে খাপলৈ নাপাম আজি!”
আওলেং আহিছে মানে গীত-মাত, ৰং-ধেমালী আৰু পৰম্পৰাগত খেল-ধেমালিৰ সময় সমাগত। পৰম্পৰাগত খেল-ধেমালীত আছে কং-কে-হাম-আছাক মীক (বাঁহৰ ওখ পেং লৈ দৌৰা প্ৰতিযোগিতা), খাম থুত (কাঠৰ ঢোল বজোৱা) আৰু ৱান খান মীক (জুই ধৰা প্ৰতিযোগিতা) আদি।
কন্যাক জনজাতিৰ আওলেং উৎসৱ ছদিনীয়া। বসন্তৰ আগমন (মাৰ্চ-এপ্ৰিল)ৰ লগে লগে উদযাপিত এই উৎসৱ নতুন ঝুম খেতিত বীজ সিঁচাৰ পিছত আয়োজিত হয়। এই সময়ত সমগ্ৰ সম্প্ৰদায়টোৰ লোকসকল একত্ৰিত হৈ দেৱ-দেৱীৰ পৰা আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে আৰু শস্য নদন-বদন হওক বুলি সেৱা আগবঢ়ায়। এই অঞ্চলৰ ঘাই শস্য ধান আৰু ঝুম খেতি এতিয়াও ইয়াৰ প্ৰধান কৃষি পদ্ধতি।
কন্যাক সমাজত এতিয়াও বংশানুক্ৰমে দায়িত্ব গ্ৰহণ কৰি অহা গাঁওবুঢ়া, অৰ্থাৎ আংসকলৰ বিশেষ মৰ্যাদা অটুট আছে। সাম্প্ৰতিক সময়ত নিৰ্বাচিত সদস্যৰে গঠিত গাঁও পৰিষদৰ ব্যৱস্থাও তাত আছে। স্থানীয় ভাষাত অয়া বুলিও কোৱা আওলেং উৎসৱ উদযাপনৰ বাবে পৰিয়ালবোৰ বছৰি আঙৰ ঘৰৰ কাষৰ পথাৰত একত্ৰিত হয়।


