সোমেশ্বৰ একনাথ ছলগৰে গা ধুলে আৰু তিৰ্পালৰ চালিৰ বাহিৰত বহিছে। নৱেম্বৰৰ ৰ’দৰ উম লৈ তিতা চুলিকেইডাল ফণিয়াইছে। এই বিৰতি পিছে ক্ষণিকৰহে। তেওঁৰ দিনটো ঢলপুৱা ৪ বজাতে আৰম্ভ হ’ব আৰু ১২-১৩ ঘণ্টা চলিব।
সোমেশ্বৰ এগৰাকী ফড়কৰি (কুঁহিয়াৰ কটা লোক) আৰু তেওঁ শ শ শ্ৰমিকৰ মাজৰ এগৰাকী যিয়ে পৰিয়ালসহ ক’লহাপুৰত থকা কুঁহিয়াৰ কাৰখানাত কাম বিচাৰি আহিছে। ক’লহাপুৰ জিলাৰ পাৰগাওঁ ভাদলে স্থিত ৱাৰানা কুঁহিয়াৰ ফেক্টৰিত গোটেই পৰিয়ালটোৱে টেণ্ট বহুৱাইছে। তাত তেওঁলোক আগন্তুক চাৰিৰ পৰা পাঁচ মাহ থাকিব - কুঁহিয়াৰ কটা কাম কৰিব।
তেওঁলোকৰ প্ৰায়ভাগে মাৰাঠৱাড়াৰ বীড়ৰ দৰে খৰাং-প্ৰৱণ এলেকাৰ পৰা আহিছে। সোমেশ্বৰ ভাউ পৰিয়ালসহ আহিছে বীড় জিলাৰ মুংগিৰ পৰা। ৬৫০ কিলোমিটাৰ বাট বাই কুঁহিয়াৰ খেতিৰ আটাইতকৈ বেছি ঘনত্ব থকা ক’লহাপুৰ জিলা আহি পাওতে তেওঁলোকক তিনিটা দিন লাগিছে।
“মোৰ পত্নী পৰিমলা আৰু আমাৰ তিনিসন্তান লগত আছে - প্ৰমোদ, বিনোদ আৰু দশৰথ,” তেওঁ কয়। ট্ৰেক্টৰ-ট্ৰলী এখনত তেওঁলোকে নিজৰ আৱশ্যকীয় সামগ্ৰী-পাতি লৈ আহিছিল। তিৰ্পালৰ চালিৰ তলত এটা ধানৰ বস্তা আৰু এটা গেছ চিলিণ্ডাৰ থোৱা আছে।
























