“ভগোল সবাই বানেৰ পাই, মনচাৰ দেলা সুধু আমৰাই বানাই (শোলা পৰা কদম ফুল সকলোৱে বনাব পাৰে, কিন্তু আমি কেৱল মনসাৰ দেলা বনাও,)” মুখত তামোল ভৰাই থকা অনেশ্বৰী বৰ্মনে মিচিকিয়াই হাঁহি মাৰি কয়।
বয়স তিনিকুৰিলৈ দুবছৰ বাকী থকা অনেশ্বৰীয়ে পিন্ধা শাড়ীখন প্ৰায় আঠুত উঠিছে, খোপা টানকৈ পিছফালে আটি আটি বন্ধা আছে। লাহেকৈ আচলেৰে মুখ আৰু হাত মচি লৈ তেওঁ অলপতে চিকুনাই থোৱা পকী বাৰান্দাখনত বহি লৈছে। ঘৰৰ অতসোপা কাম-বন শেষ কৰাৰ পিছতো আন এটা কাম তেওঁৰ বাবে ৰৈ আছে। পাকৈত শিল্পীজনৰ সেই কাম আন কি হ’ব পাৰে, শোলা (কুঁহিলা) শিল্পৰ কাম।
পৰম্পৰাগত আৰু শোভাবৰ্ধনৰ সামগ্ৰী কুঁহিলাৰ পৰা বনোৱা হয়। পানীত হোৱা এইবিধ উদ্ভিদ (বৈজ্ঞানিক নাম Aeschynomene aspera L)ৰ ঠানিৰ পৰা এই সামগ্ৰীসমূহ বনোৱা হয়। পশ্চিমবংগৰ হস্তশিল্প পৰম্পৰাৰ এয়া এক অন্যতম জনপ্ৰিয় আৰু বিখ্যাত ধাৰা। ৰাজ্যখনৰ কোচবিহাৰ জিলাৰ উত্তৰাঞ্চলত অৱস্থিতি সিদ্ধেশ্বৰী (২০১১ৰ লোকপিয়ল অনুসৰি ৪,৪৬৭ জনসংখ্যাৰ)ত ভালেকেইটা পৰিয়াল জীৱিকাৰ বাবে কুঁহিলা শিল্পৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু কোচবেহাৰ-২ ব্লকৰ অনেশ্বৰীৰ পৰিয়ালৰ দৰে আঙুলিৰ মূৰত লিখিবপৰা কেইটামান পৰিয়ালেহে মনসাৰ দেলা বনাব পাৰে। কুঁহিলা গছৰ সছিদ্ৰ, সোপোকা ঠাৰিৰ কাঠামো এটা বনাই তাত মা মনসাৰ ছবি অঁকা কাগজ আঠা লগাই দি এই দেলা বনোৱা হয়।
“এই পৰম্পৰা যদি আপোনাৰ ঘৰত নাই, তেন্তে আপুনি দেলা বনাব নোৱাৰিব। কিন্তু আমি বনাব পাৰো। আমাৰ পৰিয়ালত এয়া আছে,” ৰাজবংশী সম্প্ৰদায়ৰ (পশ্চিমবংগত অনুসূচিত জাতি হিচাপে তালিকাবদ্ধ) গিৰীয়েকৰ পৰিয়ালত পূৰ্বপুৰুষপ্ৰদত্ত এই শিল্প-পৰম্পৰা প্ৰসংগত গৌৰৱেৰে অনেশ্বৰীয়ে কয়।

























