ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ, সন্ধিয়া ৬ বাজিছে। বেলি ডুবাৰ লগে লগে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা খোলদোড়া গাঁৱত ৰামচন্দ্ৰ দোড়কে (৩৫) দীঘলীয়া নিশাটোৰ বাবে সাজু হৈছে। তেওঁ নিজৰ দূৰলৈ পোহৰ যোৱা, উচ্চ ক্ষমতাৰ ‘কমাণ্ডাৰ’ টৰ্চটো পৰীক্ষা কৰিছে আৰু নিজৰ বিচনা-পত্ৰৰ সামগ্ৰী সাজু কৰিছে।
তেওঁলোকৰ দেখাত তেনেই সাধাৰণ ঘৰৰ পাকঘৰত তেওঁৰ পত্নী জয়শ্ৰীয়ে দাইল আৰু পাচলিৰ তৰকাৰী এখন বনাই আছে। কাষৰ ঘৰৰ ৭০ বছৰ বয়সীয়া ককাক দাদাজী দোড়কেও নিশাৰ প্ৰস্তুতিত ব্য়স্ত। তেওঁৰ পত্নী চাকুবাঈয়ে ৰন্ধা চাউলখিনিৰ বিশেষ এটা সুগন্ধ আছে, সেয়া তেওঁলোকৰ খেতিপথাৰতে কৰা, লগত আছে চাপাটি।
“আমি এতিয়া সাজু,” ৩৫ বছৰীয়া ৰিয়ানে মোক কয়। “আমাৰ খাদ্যখিনি টোপোলা কৰি ল’লেই আমি যাব পাৰিম,” জয়শ্ৰী আৰু চাকুবাঈয়ে নিশাৰ আহাৰৰ বাবে সেইখিনি টোপোলা কৰি দিব বুলি তেওঁ কয়।
দাদাজী আৰু ৰামচন্দ্ৰ, দোড়কেৰ দুটা প্ৰজন্মৰ প্ৰতিনিধি, তেওঁলোক দুয়োজনেই মানা সম্প্ৰদায়ৰ (ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত)। তেওঁলোক দুজন আজি মোৰ গৃহস্থ। প্ৰথমজন এগৰাকী কীৰ্তনকাৰ, বাবাচাহেব আম্বেদকাৰৰ অনুগামী, আৰু এজন খেতিয়ক। পিছৰজনে পৰিয়ালৰ পাঁচ একৰ মাটিত খেতি কৰে। তেওঁৰ ডাঙৰজন দাদা ভিকাজী অসুস্থ কাৰণে তেওঁ অকলেই খেতি চম্ভালে। ভিকাজী এসময়ত ‘পুলিচ পাটিল’ আছিল, গাওঁ আৰু পুলিচৰ মাজত যোগাযোগ ৰক্ষাৰ কাম কৰা লোক।
আমি নাগপুৰ জিলাৰ ভীৱাপুৰ তহচিলৰ গাঁৱৰ পৰা দুমাইলমান দূৰৈৰ ৰামচন্দ্ৰৰ খেতিপথাৰলৈ জাগলীৰ বাবে যাবলৈ সাজু হৈছো। জাগলী মানে বন্যপ্ৰাণীৰ পৰা শস্যবোৰ ৰক্ষা কৰিবলৈ তেওঁলোকে দিয়া নিশাৰ পহৰা। ৰামচন্দ্ৰৰ ডাঙৰ পুত্ৰ ন বছৰীয়া আশুতোষ আমাৰ সাতজনীয়া দলটোত আছে।


























