দগ্ধ হ’ল মোৰ কায়া
কৰোঁ হাহাকাৰ মাই দুৰ্গা, মাই দুৰ্গা বুলি
দিয়া মুকুতি হে মাই, কৰিছো কাকূতি
দেৱী দুৰ্গাৰৰ প্ৰশংসাত উচ্চস্বৰে শিল্পী বিজয় চিত্ৰকাৰে গাবলৈ ধৰে। পেটকাৰ শিল্পীয়ে প্ৰথমে গীত এটা ৰচনা কৰে, তাৰপিছত তাৰ আলমত চিত্ৰ আঁকে। এনে চিত্ৰ ১৪ ফুট পৰ্য্যন্ত দীঘল হ’ব পাৰে। এই চিত্ৰ সংগীত আৰু কাহিনীৰ যোগেদি দৰ্শকৰ আগত তুলি ধৰা হয়।
শিল্পী বিজয়ৰ (৪১) ঘৰ ঝাৰখণ্ডৰ পুৰ্বি সিংভূম জিলাৰ আমাডুবি গাঁৱত। পেটকাৰ চিত্ৰকলা স্থানীয় চাওতালী কাহিনী, গ্ৰামীণ জীৱন, প্ৰকৃতি আৰু ৰূপকথাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। “গ্ৰামীণ সংস্কৃতিয়েই আমাৰ চিত্ৰকলাৰ ভাষা, আমি চৌপাশে যি দেখো, তাকেই আমাৰ কলাৰ যোগেদি প্ৰকাশ কৰোঁ,” ১০ বছৰ বয়সৰ পৰা পেটকাৰ চিত্ৰ আঁকি অহা বিজয়ে কয়। “কৰ্মা নৃত্য, বাহা নৃত্য নাইবা ৰামায়ণ, মহাভাৰতৰ চিত্ৰ, গাঁৱৰ ছবি আদি...” তেওঁ চাওতালী চিত্ৰশিল্পৰ বিষয়বস্তু সম্পৰ্কে কৈ যায়, “পেটকাৰ শিল্পই মহিলাই ঘৰুৱা কাম-বন কৰি থকা আৰু পুৰুষে পথাৰত বলদ গৰুৰ সৈতে আৰু আকাশৰ চৰাই আদি সকলো সামৰি লয়।”
“মই মোৰ ককাদেউতাৰ পৰা এই শিল্প শিকিছিলো। তেওঁ বিখ্যাত চিত্ৰশিল্পী আছিল। মানুহে তেতিয়া কলকাতাৰ পৰা তেওঁৰ শিল্প চাবলৈ আহিছিল।” বিজয়ৰ পৰিয়ালৰ ভালেকেইটা প্ৰজন্ম পেটকাৰ শিল্পী আছিল। তেওঁ কয়, “পেট য়ুক্তাকাৰ মানে পেটকাৰ, ইচিলিয়ে পেটকাৰ পেইণ্টিং আয়া (এই চিত্ৰবোৰ নুৰিয়াই ৰখা পটৰ দৰে আছিল, তেনেকৈয়ে পেটকাৰ শব্দটো আহিল)।”
















