নাম বিশ্বকৰ্মা। যেনে নাম তেনে কাম। কাঠশিল্পৰ সৈতে ওতঃপ্ৰোতঃভাৱে জৰিত এইগৰাকী খনিকৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সাতোটাকৈ চালে চকুৰোৱা মন্দিৰে। উত্তৰাখণ্ডৰ এই দুৰ্গম পাৰ্বত্য অঞ্চলত পৰম্পৰাগত নিৰ্মাণশৈলীবিধৰ এনে কোনো দিশ নাই, য’ত তেওঁৰ দখল নাই।
“য়ে হমাৰা খান্দানি কাম হ্যে, বাপ দাদা কে টাই চে (এয়া আমাৰ পৰম্পৰাগত বৃত্তি, ককা-আজোককাৰ দিনৰে পৰা আমি এই কামকে কৰি আহিছোঁ),” হাতুৰী-বটালি দেৱদাৰু কাঠৰ ওপৰত থৈ পাৰিৰ সৈতে কথা পাতিবলৈ লৈ তেওঁ কয়।
আমি এতিয়া জৌনছৰ অঞ্চলত আছোঁ। পাহাৰৰ সিপাৰৰ পৰা কোমল ৰ’দ আহি মহাসু দেৱতাৰ মন্দিৰৰ চূড়াবোৰত পৰিছে। মন্দিৰটো এতিয়াও নিৰ্মীয়মান অৱস্থাতে আছে। ২০২৫ চনৰ শেষৰ ফালে পাৰিৰ দলটোৱে ইয়ালৈ অহা সময়লৈকে মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছিল।
“মন্দিৰ বনানে কি চুৰুৱাত হমেচা নীচে চে হৌতি। পেহলে বেচ বনেগা, ফিৰ উপৰ কা। সবচে জৰুৰী হ্যে পিলাৰ জিচপে ধাঁচা খড়া হৌগা (মন্দিৰ সজাৰ কামটো সদায় তলৰ পৰাহে আৰম্ভ হয়। প্ৰথমে ভেটিটো সাজু কৰা হয়। তাৰ পিছতহে ওপৰৰ অংশ। আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল মূল স্তম্ভবোৰ, যাৰ ওপৰত সমগ্ৰ কাঠামোটো থিয় হৈ থাকিব,” অৰ্ধনিৰ্মিত গাঁথনিটোলৈ চাই বলবীৰে বুজাই দিয়ে।
আটাইতকৈ বেছি সময় লাগিছিল থাইনা গাঁৱৰ মন্দিৰটো সাজোঁতে, সুদক্ষ কাঠশিল্পীজনে মনত পেলাই কয়। কাঠৰ সূক্ষ্ম কাৰুকাৰ্য আৰু আলংকাৰিক উপাদান বেছি থকাৰ বাবে সমগ্ৰ নিৰ্মাণকাৰ্য্যত প্ৰায় ন বছৰ সময় লাগিছিল। অৱশ্যে তুলনামূলকভাৱে সৰু আকাৰৰ মন্দিৰবোৰ বনাওতে এক-দুইবছৰ লাগে।























