‘‘প্ৰাকৃতিক ৰং ধুবলৈ [ৰঙেৰে বোলোৱা কাপোৰ] নদীৰ বোৱতী পানীৰ প্ৰয়োজন৷ য়াহা পে তো হাথ ধোনে কা পানী নেহী মিলতা [ইয়াত আমি হাত ধুবলৈয়ে পানী নাপাওঁ]’’ আব্দুলে এইদৰে স্বগতোক্তি কৰে৷
বজাৰত অন্য সুলভ সামগ্ৰীৰ পয়োভৰৰ লগে লগে তৃতীয় প্ৰজন্মৰ ব্লক প্ৰিণ্টিং শিল্পী হালিমে উপাৰ্জনৰ দিশৰ পৰা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইন্দোৰৰ দৰে পানীৰ অভাৱগ্ৰস্ত চহৰ এখনত হালিমে ততালিকে ৰং ধৰি ৰখাৰ বাবে অন্য ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ বাহিৰে আন গত্যন্তৰ দেখিবলৈ পোৱা নাই৷
ব্লক প্ৰিণ্টিঙৰ কাম কাঠৰ টুকুৰাত সজ্জিত কৰা বিভিন্ন ডিজাইনৰ সৈতে আৰম্ভ হয় আৰু এই ডিজাইন প্ৰস্তুত হোৱাৰ পিছত হালিমে সেইবোৰে জয়পুৰ, ফাৰুখাবাদ আৰু ফটেহপুৰৰ ব্লক নিৰ্মাতাসকললৈ প্ৰেৰণ কৰে৷ তেওঁলোকে সাধাৰণতে চেগুণ আৰু চিঁচু (ইণ্ডিয়ান ৰোজউড) কাঠেৰে এই ব্লকবোৰ প্ৰস্তুত কৰে৷
এই ব্লকবোৰ ৰঙত ডুবাই থোৱা হয় আৰু পিছত কাপোৰত সাঁচ বহুৱাই প্ৰিণ্ট কৰা হয়৷ চান্দেৰী দুপাত্তা এখনত সাৱধানে ৰং বোলাই হালিমে কৈ যায়, ‘‘এয়া আমাৰ ঐতিহ্য’’৷ কাপোৰত ৰং বোলোৱাৰ পূৰ্বে সেই ৰংখিনি মৰাপাট, মুলমুল কঁপাহ আৰু আঠুৱাৰে ফিল্টাৰ কৰি লোৱা হয়৷ বাৰিষাৰ বতৰত এই কাম সাধাৰণতে জটিল হয় কিয়নো ৰং শুকাবলৈ কেতিয়াবা ৭২ ঘণ্টাৰো প্ৰয়োজন হয়৷














