“আমি যাম ক’লৈ? যাবলৈ এতিয়াই সাজু নহয়। ঘৰ-বাৰী মানুহৰ দৰে আমি অনাই-বনাই ফুৰিব লাগিব,” মুন্নালাল কুৰ্মীয়ে কয়। মধ্যপ্ৰদেশৰ দামোহত ভাৰতৰ ৫৪তম ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল বীৰাংগনা দুৰ্গাৱতী (ভিডিটিআৰ)ৰ আওততা পৰি নাইকিয়া হ’বলৈ গৈ থকা ৯৩ খন গাঁৱৰ এখন সৰচেলা ৰাইটৰ এগৰাকী খেতিয়ক। বাঘৰ লগতে সংৰক্ষণৰ আৰু এখোপ আগবাঢ়ি যোৱা হৈছে – চিতাবাঘো তাত সংৰক্ষণ কৰা হ’ব।
বাঘৰ বাবে উৎসৰ্গিত ৫৮ খন উদ্যানৰ ক্ষেত্ৰত অন্যতম শেহতীয়া সংযোজন এই ভিডিটিআৰ। ইয়াৰে চিতাবাঘৰ ভাগত পৰিছে দুখন। এই সংৰক্ষিত বনাঞ্চলসমূহ অলংঘনীয় ঠাই, মানুহ-দুনুহৰ তাত স্থান নাই, কেৱল বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত।
এই সংৰক্ষিত অঞ্চলবোৰ তৈয়াৰ কৰিবলৈ যি অঞ্চলে ইতিমধ্যে ৮০ হাজাৰ বৰ্গকিলোমিটাৰ, মোটামুটি ভাৰতৰ মুঠ অৰণ্য আচ্ছাদনৰ ১০ শতাংশ আগুৰি আছে, তাৰ পৰা ২৫৭ খন গাঁও স্থানান্তৰিত কৰা হৈছে, সেই গাঁৱৰ মানুহে ঘৰ-বাৰী হেৰুৱাইছে। এয়া জনজাতি কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উউকেয়ে লোকসভাত ২০২৫ৰ ডিচেম্বৰত প্ৰদান কৰা তথ্য। আকৌ সংৰক্ষিত অঞ্চলৰ ভিতৰত অৱস্থিত ৭৩০ খন গাঁও পৰৱৰ্তী সময়ত স্থানান্তৰিত হোৱাৰ শাৰীত আছে।
দাবা তেনে এখন গাঁও যিখন নতুন সংৰক্ষিত অঞ্চলে গিলি পেলাব। “আমি থাকিম ক’ত? খাম কি?” নৌৰাদেহী অভয়াৰণ্যৰ দাঁতিৰে গাঁওখনৰ ৰাধা ৰাণী গোণ্ডই কয়। শীতৰ সূৰুযৰ উম লৈ চোতালতে বহি তেওঁ অলপতে চপাই অনা ঘেঁহুখিনিত হাত ফুৰাইছে। ৭৫ বছৰ বয়সীয়া ৰাধাক অলপ হতাশ হোৱা যেন দেখা গৈছে।
এই সংৰক্ষণৰ ভিত্তি হৈছে ‘ফ’ৰ্টেছ কনজাৰ্ভেছন’ য’ত অঞ্চল এটা সংৰক্ষণৰ ক্ষেত্ৰত মানুহক সেই অঞ্চলৰ পৰা আৰু ভূমিৰ ব্যৱহাৰৰ পৰা বহিৰ্ভূত কৰা হয়। পৰিস্থিতিতন্ত্ৰবিদে কয় যে ই এনে এক ধাৰণাৰ ওপৰত আধাৰিত য’ত বাঘ আৰু মানুহৰ সহাৱস্থান বিবেচনা কৰা নহয়। কিন্তু বাস্তৱ সত্য এয়ে যে অৰণ্যাঞ্চলত বসতি কৰা জনজাতীয় লোকসকলে যুগ যুগ ধৰি বন্যপ্ৰাণীৰে সৈতে সহাৱস্থান কৰি আহিছে। “হাবিখনৰ লগতে তাত বসতি কৰা জীৱ-জন্তু, চৰাই-চিৰিকতিৰ যত্ন আমিহে লৈ আহিছো। সিহঁতে আমাক খেদিব বিচাৰিছে। এইখিনিতে সিহঁতে পৰ্য্যটকৰ বাবে অতিথিশালা নিৰ্মাণ কৰিব,” জনকা বাইয়ে কয়। তেওঁ যিখন গাঁৱৰ বাসিন্দা আছিল, উমৰাবন, সিখনো ২০১৫ত পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ গ্ৰাসত পৰিছিল।























