“ইয়াত এজোপা বিশাল ছাখুৱা গছ আছিল। হিজলা গাঁৱৰ আৰু ওচৰ পাজৰৰ লোকসকল এই ঠাইতে গোট খাইছিল আৰু বেইছি (সভা) পাতিছিল। ইংৰাজে দৈনিক এনেদৰে মানুহ গোট খোৱা দেখি এই গছজোপা কাটি পেলালে... গছজোপা কটাৰ লগে লগে তাৰপৰা তেজ নিগৰিবলৈ ধৰিলে। তাৰ পাছত গছজোপাৰ গুৰিটো শিল হৈ পৰিল।”
ঝাৰখণ্ডৰ ডুমকা গাঁৱত এসময়ত গছজোপা থকা ঠাইতে বহি ৰাজেন্দ্ৰ বাক্সিয়ে শতিকা পুৰণি কাহিনীটো কৈছিল। “গছজোপাৰ গা-গছডাল,’’ ত্ৰিছ বছৰীয়া ৰাজেন্দ্ৰই কয়, “এতিয়া মৰাং বুৰু দেৱতাৰ উপাসনাৰ বাবে এক পৱিত্ৰ স্থানত পৰিণত হ’ল। চাওতাল (ছান্থাল) জনজাতীয় লোকসকলে ঝাৰখণ্ড, বিহাৰ আৰু বংগৰ পৰা এই ঠাইত পূজা কৰিবলৈ আহে।” বাক্সি নামৰ খেতিয়কগৰাকী মৰাং বুৰুৰ বৰ্তমানৰ নায়কী (পূজাৰী)।
হিজলা গাওঁ ডুমকা নগৰৰ বাহিৰৰ চাওতাল পৰগনাত অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই গাঁৱৰ জনসংখ্যা হৈছে ৬৪০ গৰাকী। হিজলা গাঁৱৰ পৰা মাত্ৰ প্ৰায় এশ কিলোমিটাৰ দূৰত অৱস্থিত ভগনাদি গাঁৱৰ পৰাই কানু মুৰ্মূ আৰু সিদ’ৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে ১৮৫৫ চনৰ ৩০ জুনত ঐতিহাসিক চাওতালি বিদ্ৰোহ চাওতাল হূল আৰম্ভ হৈছিল।










