ৰুজলুক চু য়াৰচু থে গোৱ বাহনাই আন্থে আন্থে, এক দম অ পাচা থাই গোৱ হমলাই আন্থে আন্থে
তেওঁ আহিল আৰু অজুহাত দেখুৱাই গুছি গ’ল, মোক দেখিলে আৰু তেওঁ গুছি গ’ল
সুহৃদজনে মোক অজুহাত দেখুৱাই গুছি গ’ল, মোক দেখিলে আৰু তেওঁ গুছি গ’ল



ৰুজলুক চু য়াৰচু থে গোৱ বাহনাই আন্থে আন্থে, এক দম অ পাচা থাই গোৱ হমলাই আন্থে আন্থে
তেওঁ আহিল আৰু অজুহাত দেখুৱাই গুছি গ’ল, মোক দেখিলে আৰু তেওঁ গুছি গ’ল
সুহৃদজনে মোক অজুহাত দেখুৱাই গুছি গ’ল, মোক দেখিলে আৰু তেওঁ গুছি গ’ল
জম্মু-কাশ্মীৰৰ দাৰ্দ-চিন সম্প্ৰদায়ৰ বিখ্যাত কবি গুলাম ৰছুল মুস্তাক বিৰচিত কবিতাটো কোমলকৈ পাঠ কৰি থকাৰ সময়ত ফৰীদ আহমদ লোনৰ দৃষ্টি নিবদ্ধ হৈ আছিল কিষাণগংগা নদীখনৰ ওপৰত।
নৈখনৰ পাৰত বহি থকাৰ পৰা আমি দেখিছিলো সৰু সৰু বৰফৰ টুকুৰাবোৰ বৈ গৈছিল আৰু বৰফৰ পাতল চামনি এটা নৈখনৰ ওপৰত পৰিছিল। নৈখন এতিয়াও গোট মাৰি বৰফ হৈ যোৱা নাই, কিন্তু সলনি হ’ব ধৰিছে। ঋতুৰ পৰিৱৰ্তন ঘটিছে।
তাৰপৰা কিছুদূৰত স্থানীয় মহিলা কেইগৰাকীমানে ঘাঁহ আৰু খৰিৰ বোজা কঢ়িয়াইছে, তাৰে কিছুমান বোজাৰ ওজন কমেও ২৫ৰ পৰা ৩০ কিলোগ্ৰাম হ’ব। আকৌ আন এগৰাকী মহিলাই দান, তেওঁলোকৰ পৰম্পৰাগত শীতকালীন চৌকাৰ বাবে ইন্ধন তৈয়াৰ কৰিবলৈ এপাচি গৰুৰ গোবৰ কঢ়িয়াই নিছে। আমাৰ আশে-পাশে গুৰেজ উপত্যকা চাবলৈ অহা পৰ্য্যটকৰ ভীৰ লাহে লাহে কমিছে, তেওঁলোক ঘৰমুৱা হ’বলৈ ধৰিছে।
কেৱল নদীখনৰ দৃষ্টিৰে নহয়, গোটেই গুৰেজখনে আগন্তুক শীতৰ বাবে যি প্ৰস্তুতি চলাইছে, সেই ভিত্তিতে ফৰিদে ঋতু পৰিৱৰ্তনৰ কথা কৈছে। দাৰ্দ-চিন সম্প্ৰদায়ৰ ফৰিদে কয় যে তেওঁলোকৰ মানুহখিনিৰ অধিকাংশই থাকে গুৰেজ উপত্যকাত, তাত ২০১১ৰ লোকপিয়ল অনুসৰি দাৰ্দিক লোকৰ জনসংখ্যা ৩৭,৯৯২।

Muzamil Bhat

Muzamil Bhat

Muzamil Bhat

Muzamil Bhat
অক্টোবৰত শীত আহে মানে উপত্যকাখন বৰফেৰে ঢাক খাই পৰে। “কেৱল ডাঙৰবোৰহে তাত থাকে,” ৬৮ বৰ্ষীয় ফৰিদে কয়। বৰফ ইমানেই পৰে যে এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে। “গুৰেজত থাকি যোৱাসকলে প্ৰায়ে ঘৰৰ ভিতৰতে থাকি সময় কটায়।”
কেতিয়াবা উপত্যকাটোত ১৫ ফুট পৰ্য্যন্ত বৰফ পৰে আৰু ছমাহলৈ ৰাজ্যখনৰ পৰা বিচ্ছিন্ন হৈ থাকে। ফলত তাৰে প্ৰায় ৮০ শতাংশ লোকে প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈ পৰে। “কিছুমানে কাশ্মীৰৰ আন আন অংশলৈ গুছি যায়। আন কিছুমানে দিনহাজিৰাৰ কাম বিচাৰি হিমাচল প্ৰদেশ নাইবা পাঞ্জাৱলৈ যায়,” উদ্যানশস্য বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ টেকনিচিয়ানগৰাকীয়ে কয়। কাশ্মীৰৰ আন ঠাইলৈ যোৱাসকলে সাধাৰণতে সৰু হোটেল নাইবা হাৰিছাৰ দোকানত ৰান্ধনীৰ যোগালি হিচাপে থাকে। (পঢ়ক: শ্ৰীনগৰত গৰমে গৰমে হাৰিছা)
প্ৰতিকূল শীতকাল আৰু বিষম জলবায়ু গুৰেজৰ বাবে সদায়েই এক প্ৰত্যাহ্বান হৈ আহিছে। ২০১৭ৰ ২৫ জানুৱাৰীত হোৱা হিমস্খলনত দাৱৰত থকা ফৰীদৰ ঘৰৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ দূৰৰ মাঝগুণ্ড নীৰুৰ ২০ গৰাকী সেনা জোৱান আৰু চাৰিগৰাকী নাগৰিকৰ মৃত্যু হৈছিল।
তেওঁ মনত পেলায় এটা সময়ত যে তাত মৌলিক চিকিৎসাৰ সুবিধাখিনি পোৱাটোও কঠিন আছিল। ১৯৭০ৰ দশকত মাৰকুট গাঁৱৰ কাষৰ মৌলবী চাহাব এজন নৰিয়াত পৰিল। শীতকালৰ কথা। বৰফ আছিল ১২ৰ পৰা ১৫ ফুট দ। “লৌগ উনকৌ চাৰপাই পে লে গয়ে (মানুহে তেওঁক চাৰপাইত উঠাই নিবলগীয়া হৈছিল)।” তাৰপৰা ৮৬ কিলোমিটাৰ দূৰৰ বান্দিপুৰস্থিত হস্পিতাললৈ মৌলবীগৰাকীক নিওতে দুটা দিন লাগিছিল।
আন এটা ঘটনাত ওস্তাদ মোহতৰম (সন্মানীয় শিক্ষয়িত্ৰী) এগৰাকীৰ জীয়েকৰ গৰ্ভাৱস্থাৰ সময়ত জটিলতাৰ সৃষ্টি হৈছিল। তেতিয়া সাধাৰণ নাগৰিকৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থা নাছিল। আৰু থাকিলেও হস্পিতাললৈ সন্তান প্ৰসৱৰ বাবে নিয়াৰ বাবদ এক লাখৰো অধিক টকা খৰছ হ’লহেঁতেন। “আৰ্মি নে সদভাৱনা কে জৰিয়ে মদদ দেনা চুৰু কিয়া (সেনাবাহিনীয়ে অপাৰেচন সদ্ভাৱনাৰ অধীনত সহায় কৰিবলৈ আগবাঢ়ি আহিল)।”
আজি পৰিস্থিতি যদিও উন্নত হৈছে, তথাপিও জম্মু-কাশ্মীৰত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত এই সম্প্ৰদায়টোৱে এতিয়াও জৰুৰীকালীন অৱস্থাত স্থানান্তৰণৰ বাবে সেনাৰ ওপৰত নিৰ্ভৰশীল। গৰ্ভধাৰণ আৰু প্ৰসৱৰ ক্ষেত্ৰত পৰিস্থিতি অপৰিৱৰ্তিত।

Muzamil Bhat

Muzamil Bhat
ভাৰত আৰু পাকিস্তানৰ মাজৰ নিয়ন্ত্ৰণ ৰেখা (এল.অ’.চি.) নিচেই কাষত। সেয়ে সীমা পাৰ হৈ অহা গোলাবৰ্ষণ তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে ঋতুভিত্তিক প্ৰব্ৰজনৰ বাহিৰেও আন এক গুৰুতৰ চিন্তাৰ বিষয়।
ফৰিদে কেম্পছাইটত খোজ কাঢ়ি থকাৰ মাজতে হঠাতে ৰৈ যায় আৰু কয়, “এই ৰাস্তাটোৰ কথা মোৰ ভালদৰে মনত আছে। ২০০৫ৰ কথা। বাপেক-পুতেকে ভেড়া চৰাই আছিল। তেওঁলোকে এই দলংখনেৰে গাওঁখনত সোমাবলগা আছিল,” ৰাস্তাটোৰ আনটো মূৰলৈ দেখুৱাই তেওঁ কয়।
“বাপ পীচ্ছে পীচ্ছে বেটা আগে আগে (বাপেক পিছে পিছে, পুতেক আগে আগে),” ফৰিদে মনত পেলায়। সেই সময়ত তেওঁ কাষৰে মছজিদটোত আছিল আৰু দূৰৰ পৰা দেখিছিল। তেওঁ সিহঁতৰ গাত বোমা এটা পৰা দেখিলে। কিন্তু সিমানতে তেওঁলোকৰ দুৰ্দশা শেষ নহ’ল, তেওঁ কয়। একেটা দিনতে ওচৰৰে সেনাৰ শিবিৰ এটাৰ কাষতে থকা পৰীক্ষাকেন্দ্ৰলৈ পৰীক্ষা দিবলৈ ওলাই যোৱা ছোৱালী এজনীৰ গাত নিৰ্বিচাৰে কৰা গোলাবৰ্ষণত পৰাত ছোৱালীজনী মৃত্যুমুখত পৰে।
তেওঁ পাৰিক এই কথা কৈ থাকোতে তেওঁৰ মাতটো কঁপি উঠে, “এক হি দিন মেই ঘৰ ছে এক কা লড়কা গয়া, এক কি লড়কি গয়ী (একেটা দিনতে এজনে নিজ পুত্ৰক হেৰুৱালে আৰু আনজনে জীয়েকক)।” এই গোলাবৰ্ষণত ২০-২৫ জন লোকৰ মৃত্যু হৈছিল, লগতে কেইবাটাও গৰু আৰু পশুধনৰো মৃত্যু হৈছিল।
আৰু এবাৰ গোলাবৰ্ষণৰ ফলত বজাৰৰ কাষতে ৰখাই থোৱা এখন বাছত জুই লাগি সমগ্ৰ তুলেইল বজাৰখন ছাঁই হৈ গৈছিল। জুই দ্ৰুতগতিত বিয়পিছিল বুলি তেওঁ কয়। তেতিয়া বজাৰৰ বেছিভাগ ঘৰ কাঠৰ আছিল।
“মানুহে মৰিবলৈ ইয়াত থাকিবনে বাৰু? এনে ঠাইত কোনে থাকিব বিচাৰিব, কওকচোন?” প্ৰশ্ন কৰে। তেওঁ এতিয়া তেওঁৰ পত্নী, চাৰিজন পুত্ৰ আৰু তিনিগৰাকী কন্যাৰ সৈতে জনপ্ৰিয় তুলাইল উপত্যকালৈ যোৱাৰ বাটত যিখন শেষ বজাৰ, তাতে থাকে।

Muzamil Bhat

Muzamil Bhat
ইয়াৰ আগতেও গুৰেজত উপাৰ্জনৰ বিশেষ একো সুযোগ-সুবিধা নাছিল৷ “মানুহে গৰু চৰাই বা সেনাবাহিনীৰ সৈতে বোজা কঢ়িওৱা কাম কৰি কোনোমতে পেট পুহিছিল।” সকলোৰে ঘোঁৰা আছিল, আৰু “মুলাজামত বিলকুল কম থী (নিয়োগৰ সুযোগ-সুবিধা নিচেই কম আছিল),” তেওঁ কয়। বহুতেই সমাজৰ পৰম্পৰাগত পট্টু শিল্পৰ সৈতে জৰিত আছিল। পঢ়ক: পট্টু শিপিনীসকলৰ হা-হুমুনিয়াহ আৰু সপোন
গুৰেজ উপত্যকাৰ মানুহে যেতিয়া কামৰ সন্ধানত বাহিৰলৈ ওলাই গৈ দেখিলে যে তাত ভাল চাকৰি, ভাল বিদ্যালয় আৰু চিকিৎসা সুবিধা আছে, তেওঁলোক আৰু ঘূৰি নহা হ’ল। এনেকৈয়ে উপত্যকাটোৰ মানুহে বান্দিপুৰ, কংগন, গান্দাৰবল আৰু শ্রীনগৰ আদি চহৰত থাকিবলৈ ল’লে।
মানুহ যেতিয়া বাহিৰলৈ ওলাই যাবলৈ ধৰিলে, নতুন ঠাইত নিজৰ ভাষা কোৱাটো কঠিন হৈ পৰিল। দাৰ্দ-চিন সম্প্ৰদায়ৰ লোক যেতিয়া বান্দিপুৰলৈ বস্তু কিনিবলৈ যায়, তেতিয়া বহুতে আন কাশ্মীৰীৰ সন্মুখত শীনা ভাষাত কথা কোৱাৰ পৰা বিৰত থাকে। “এক কমপ্লেক্স হৌতা হ্যে। ছায়দ হম অলগ হ্যে” (কিবা হীনবোধ হয়, আমি যেন বেলেগ তেনে এটা অনুভৱ মনলৈ আহে)।
এনেকুৱা পিছে আগতে কেতিয়াও নাছিল। “সৰুতে চিনাত সকলোৱে কথা পাতি থকা দেখিছিলো। কিন্তু এতিয়া বজাৰলৈ যাওঁতে আমাৰ নতুনচামে উৰ্দু, হিন্দী, কাশ্মীৰী আনকি কেতিয়াবা ইংৰাজীতো কথা পাতি থকা দেখিবলৈ পাওঁ,” ফৰিদে কয়।
শীনা ভাষাটো আৰ্য্য বংশোদ্ভুত ভাৰতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। ইউনেস্ক’ই ইয়াক বিপন্ন ভাষাৰ তালিকাত সন্নিবিষ্ট কৰা নাই যদিও ভাষাটো কোৱা লোকৰ সংখ্যা তীব্ৰভাৱে হ্ৰাস পাইছে। এতিয়া ইয়াক অসুৰক্ষিত ভাষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
ফৰিদে হাব্বা খাতুন সাংস্কৃতিক গোটৰ সদস্য হিচাপে যোৱা ৪০ বছৰ ধৰি নিজৰ মাতৃভাষা সংৰক্ষণৰ চেষ্টা চলাই আহিছে। গুৰেজৰ স্থানীয় লোকসকলৰ পৰা পোৱা অৰিহণা আৰু মাজে-সময়ে ইয়াৰ পৰিবেশনৰ বাবে ধন দিয়া এই গোটটোৱে তেওঁলোকৰ সম্প্ৰদায়ৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিদ্যালয়সমূহত সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰে।

Muzamil Bhat

Muzamil Bhat
সেই প্ৰচেষ্টাক অব্যাহত ৰখাটো দিনক দিনে কঠিন হৈ পৰিছে। অঞ্চলটোৰ প্ৰায় আটাইবোৰ ল’ৰা-ছোৱালীয়ে গুৰেজৰ বাহিৰত পঢ়ে, গতিকে শিকিবলৈ কোনো নাই। “বিদ্যালয়ত পুৱাৰ প্ৰাৰ্থনা, কিতাপ-পত্ৰ, সাংস্কৃতিক কাৰ্যসূচী উৰ্দু, হিন্দী, ইংৰাজী ভাষাতে চলে,” তেওঁ কয়। “মই স্কুলত সাংস্কৃতিক অনুষ্ঠানৰ সময়ত শীনা ভাষাত গীত গালে বেছিভাগ শিক্ষাৰ্থীৰে বুজিবলৈ কষ্ট হয়।”
গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস উদযাপনৰ বাবে আয়োজন কৰা কাৰ্যসূচীৰ দৰে ডাঙৰ ডাঙৰ কাৰ্যসূচী কাশ্মীৰী আৰু উৰ্দু ভাষাত অনুষ্ঠিত হয়। “কিন্তু এতিয়া আমাৰ গোটে সেই মানসিকতা সলনি কৰি এই অনুষ্ঠানসমূহ আমাৰ মাতৃভাষাত পাতি তাত লোকগীতৰ আবৃত্তি, কবিতা আবৃত্তি আদি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছে,” তেওঁ লগতে কয়।
*****
“চৌক মানে কি জানানে তোমালোকে?” দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক তাৰিক পাৰৱেইজ লনে এই প্ৰশ্ন কৰাত আটায়ে বিবুদ্ধিত পৰিছে। কাৰো হাতত উত্তৰ নাই। “কেনেকুৱা বাৰু ছাৰ? দেখাত কেনে?” চৰকাৰী হাইস্কুল ৱানপ’ৰাৰ এজন কৌতুহলী ছাত্ৰই সুধিছে। প্ৰধান শিক্ষকজনে তাৰ উত্তৰ দিবলৈ ব’ৰ্ডখনত শিক্ষাৰ্থীসকলে চিনি নোপোৱা বস্তু এটাৰ ছবি আঁকিবলৈ লয়। শেষত ছাত্ৰ-ছাত্ৰীসকলক কয়, “এইখন তাঁতশাল। আমাৰ বয়োজ্যেষ্ঠসকলে এই শালতে ঊলৰ কাপোৰ ব’ইছিল।”
তাৰিকে পাঠ অব্যাহত ৰাখি ব’ৰ্ডত এটা লাটুম আঁকিলে। “এতিয়া কোৱা, এইটোক শীনা ভাষাত কি বোলা হয়?” তেওঁ ছাত্ৰ-ছাত্ৰীখিনিক উদ্দেশ্যি ক’লে। এজনে ‘লট্টু’ বুলি উত্তৰ দিলে। সেইটোক শীনা ভাষাত ‘থুৰকাইটি’ বোলা হয় বুলি তাৰিকে কোৱাৰ পিছত সকলোৱে নতুন কিবা এটা শিকাৰ দৰে চাই থাকিল।
তেওঁ অনুশীলনটো আগবঢ়াই নিলে, আৰু ৩০ জনীয়া শ্ৰেণীৰ এজন ছাত্ৰইহে তেওঁলোকৰ মাতৃভাষা শীনাত বস্তুবোৰ চিনাক্ত কৰিব পাৰিলে। তাৰিকে কয়, “এনে বহু শব্দ আছে যিবোৰ আমাৰ দৈনন্দিন জীৱনৰ কথা-বতৰাৰ পৰা নোহোৱা হৈ গৈছে কাৰণ আমি আন ভাষা আদৰি লৈছো।”

Muzamil Bhat
গুৰেজৰ ল’ৰা-ছোৱালীয়ে ঘৰৰ পৰা ওলাই গৈ বিদ্যালয়ত পৰস্পৰৰ সৈতে কথা পাতোতে উৰ্দু আৰু কাশ্মীৰী ভাষা ব্যৱহাৰ কৰে। তাতে আকৌ বেছিভাগ শিশুৱেই হিন্দী আৰু ইংৰাজী শিকিবলৈ লয়।
তাৰিকে কয়, “বছৰৰ ১২ মাহ গুৰেজত থকা শিশুয়ে ভাষাটো ক’বলৈ কেতিয়াও কোনো অসুবিধাৰ সন্মুখীন নহয়।” কিন্তু কাম, অধ্যয়ন বা স্বাস্থ্যজনিত সমস্যা, জলবায়ুৰ সমস্যাৰ বাবে বাহিৰলৈ প্ৰব্ৰজন কৰা আনসকলে প্ৰায়ে নিজৰ মাতৃভাষা সাৱলীলভাৱে কোৱাত সমস্যাৰ সন্মুখীন হয়।
তাৰিকৰ কথা শুনি তেওঁৰ সতীৰ্থ শিক্ষক কথাৰ মাজতে কয়, “মোৰ সৰুজনী ছোৱালীয়ে নিজাববীয়াকৈ উৰ্দু শিকিলে, ফ’ন দেখ দেখ কৰ [ফোনত (ভিডিঅ’) চাই চাই]।” তেওঁ তাইক ভাষাটো শিকোৱা নাছিল। কিন্তু তেওঁ যেতিয়া জীয়েকক শীনা ভাষা শিকাবলৈ চেষ্টা কৰিলে, ছোৱালীজনীয়ে বিশেষ এটা আগ্ৰহ প্ৰকাশ নকৰিলে। ভাষাটো শিকিবলৈ লোৱা তেওঁৰ এতিয়া এবছৰমান হৈছে। ডাঙৰ ছোৱালীজনী স্কুল যাবলৈ লৈছে আৰু স্কুলত মাতৃভাষাত পঢ়োৱা হয় বাবে তাই আকৌ শীনা ভাষা ক’ব পাৰে।
তাৰিকে অনুভৱ কৰে যে ভাষাটোক জীয়াই ৰখাৰ একমাত্ৰ উপায় হ’ল ঘৰত আৰু বজাৰে-সমাৰে ভাষাটোৰ ব্যৱহাৰ। তেওঁ কয় যে তেওঁ কাশ্মীৰী আৰু উৰ্দু শিকাৰ বিৰোধী নহয়, কিয়নো গুৰেজৰ পৰা ওলাই কাশ্মীৰৰ আন প্ৰান্তলৈ গ’লে উৰ্দু বা কাশ্মীৰী ভাষাটো জানিবই লাগিব। “কিন্তু আমাৰ ভাষা পাহৰি যোৱাটো আমাৰ পৰিচয় পাহৰি যোৱাৰ দৰেই,” তেওঁ লগতে কয়।
কিন্তু সমাজৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নিজকে দাৰ্দিক বুলি পৰিচয় দিবলৈ সংকোচবোধ কৰে। তেওঁলোকে ভাবে যে তেওঁলোকক মানুহে “দাৰ্দে” (যিটো তেওঁলোকৰ প্ৰতি কোনো কোনো সময়ত ব্যৱহৃত অপমানজনক এটা শব্দ) বুলি ক’ব।

Muzamil Bhat

Muzamil Bhat
*****
আগতে গুৰেজ উপত্যকা কাশ্মীৰৰ লোকসকলৰ বাবে ইতিহাসৰ লেখত ল’বলগীয়া পথ আছিল। তেওঁলোকে বাণ্ডিপ’ৰাৰ পৰা গুৰেজ হৈ গিলগিটলৈ ব্যৱসায় আৰু তীৰ্থযাত্ৰা এই বাটেৰেই কৰিছিল। ইয়াৰ উপৰিও হজযাত্ৰীসকলেও এই পথেৰেই গৈছিল।
গুৰেজ আৰু দ্ৰাছৰ দাৰ্দ-চিন জনগোষ্ঠীৰ সুকীয়া সাংস্কৃতিক আৰু ভাষিক মূল যদি বিচাৰি যাও, সেয়া আৰম্ভ হৈছিল দাৰ্দিস্থানৰ পৰা। সেয়া আছিল এসময়ত কাশ্মীৰ উপত্যকাৰ পৰা গিলগিট আৰু আফগানিস্তানলৈকে বিস্তৃত ঐতিহাসিক অঞ্চল। কাশ্মীৰী আৰু দাৰ্দসকলৰ মাজৰ সম্পৰ্ক ১৯৪৭ৰ বিভাজনতকৈ বহু গভীৰ বুলি মাছুদ আল হাছান চামুনে কয়। “বিভাজন তোহ কল কি বাত হায় (বিভাজন এই ধৰক যোৱাকালিৰ কথা)।” দাৰ্দসকলে যুগ যুগ ধৰি জম্মু-কাশ্মীৰত বাস কৰি আহিছে,” জম্মু-কাশ্মীৰ চৰকাৰৰ প্ৰাক্তন শিক্ষা সঞ্চালকগৰাকীয়ে এইদৰে কয়।
কাশ্মীৰৰ ৰজাসকলৰ সংস্কৃত কাব্যিক বুৰঞ্জী ৰাজতৰংগিনীত দ্বাদশ শতিকাৰ কাশ্মীৰী ইতিহাসবিদ কলহনাই গুৰেজৰ দাৰ্দসকলৰ কথা উল্লেখ কৰিছে। মাছুদে কয় যে গুৰেজৰ ৰজাসকলে প্ৰায়ে উপত্যকাৰ শাসকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল আৰু তেনে এক উল্লেখযোগ্য যুঁজ আছিল দাৰ্দসকল আৰু ৰজা হৰ্ষ (ভাৰতৰ হৰ্ষবৰ্ধনৰ সৈতে বিভ্ৰান্ত নহ’ব)ৰ মাজত দুধকাথ পৰ্বতত হোৱা যুদ্ধখন।
সুকীয়াকৈ নিজা লিপি নথকা ভাষাটো মৌখিক পৰম্পৰা, লোককথা, লোকগীতৰ জৰিয়তে জীয়াই আছে। কিন্তু দশক দশক ধৰি চলি অহা ঋতুভিত্তিক প্ৰব্ৰজন, সীমা অতিক্ৰমী অহা গোলাবৰ্ষণ আৰু অঞ্চলটোৰ ৰাজনৈতিক আৰু সাংস্কৃতিক অস্থিৰতাই সমাজখনক নিজৰ মাতৃভাষাৰ পৰা আৰু অধিক আঁতৰাই পেলাইছে।
“যেতিয়া আপুনি শ্ৰীনগৰলৈ যায় আৰু ৫০ ঘৰ মানুহৰ মাজত যদি এঘৰ শীনা ভাষা কোৱা মানুহ থকা দেখে, আপুনিয়ে কওকচোন তেতিয়া ভাষাটো কেনেকৈ বাচি থাকিব?” তেওঁলোকৰ সমাজৰ ল’ৰা-ছোৱালীয়ে আন শিশুৰ লগত কাশ্মীৰী বা আন সাধাৰণ ভাষাত কথা পাতে। তেওঁ কয় যে হয়তো এটা প্ৰজন্মই মাতৃভাষা কৈ থাকিব, কিন্তু পৰৱৰ্তী প্ৰজন্মৰ বাবে এই ভাষা বাচি নাথাকিব।
বৰ্তমান মাছুদ উত্তৰ কাশ্মীৰৰ বান্দিপ’ৰ এলেকাত থাকি এক ঐক্যবদ্ধ চিনা লিপি প্ৰস্তুত কৰা কামত লাগি আছে। “এতিয়ালৈকে শীনা ভাষাটোৰ বাবে দুটাকৈ লিপি প্ৰস্তুত কৰা হৈছিল। এখন আছিল জৰ্জ আব্ৰাহাম গ্ৰেৰচনৰ, যিখন ৰোমান লিপিত লিখা হৈছিল। আনখন হৈছে পাকিস্তানৰ গিলগিটৰ জিলা শিক্ষা বিষয়া ডাঃ চুজা নামুছে উৰ্দু ভাষাত নষ্টালিক লিপি ব্যৱহাৰ কৰি লিখা কিতাপ ‘গিলগিট ঔৰ চিনা জবান’ৰ পৰা।”
দুয়োটা ক্ষেত্ৰতে নথিভুক্তকৰণৰ কাম তেওঁলোকৰ নিজৰ গৱেষণাৰ মাজতে সীমাবদ্ধ আছিল। গ্ৰেৰচন বা ডাঃ নামুছ দুয়োজনেই স্থানীয় ভাষী নাছিল। ধ্বনিবিজ্ঞান সম্পৰ্কীয় সবিশেষ বহুখিনি সঠিকভাৱে লিপিবদ্ধ নহ’ল।
মাছুদে কৈছে যে শীনা ভাষাটোৰ চাৰিটা মৌলিক ব্যঞ্জন ধ্বনি আছে, “জো দায়েঁ-বায়েঁ কি কিচি ভাষা ম্যে নহী হ্যে (যিটো আশে-পাশে থকা কোনো ভাষাতে নাই)। উৰ্দু বা ফাৰ্চী বাদেই, কাশ্মীৰী ভাষাৰ লগতো সেয়া নিমিলে।” গতিকে, অনন্য বিশেষ উচ্চাৰণসূচক চিন (ডায়েক্ৰিটিকচ) থকাৰ প্ৰয়োজন আছিল, কিন্তু কোনো সফল নহ’ল। তেওঁ আৰু কয় যে পিছলৈ পাকিস্তানৰ কাৰাকোৰাম বিশ্ববিদ্যালয়ৰ অধ্যাপক মহম্মদ আমিন জিয়াই ব্যাকৰণ আৰু ইয়াৰ নিয়মবোৰ সেই দিনতে লিখিছিল যেতিয়া কম্পিউটাৰ আহিছিল মাত্ৰ। কিন্তু তাতো লিপিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাছিল।
তাৰিকে মাছুদৰ কথাত একমত হৈ কয়, “লিপি নাথাকিলে আমি ভাষাটো কেনেকৈ লিখিম আৰু শিকাম? চিনা ব্যাকৰণৰ কিতাপখন প্ৰকাশ পোৱাৰ পিছত বহু সম্প্ৰদায়ৰ লোকে আনকি হোৱাটছএপ গ্ৰুপ এটাও খুলিছিল। কিন্তু একো কামত নাহিল,” তেওঁ লগতে কয়।
ফৰিদে লগতে কৈছে, “চিনা সাহিত্যৰ বেছিভাগেই এতিয়াও উৰ্দু ভাষাত লিখা হৈছে। সেয়ে সঠিক লিপিয়ে আমাক সহায় কৰিব।” নতুন লিপিৰ সৈতে পৰিচয় কৰাই দিলে ল’ৰা-ছোৱালী নিজৰ মাতৃভাষাৰ ওচৰ চাপিব। তেওঁ কয়, “আমাৰ ল’ৰা-ছোৱালীয়ে যেতিয়া কাশ্মীৰৰ পৰা ৰাছিয়া আৰু জাৰ্মানীৰ দৰে আন দেশলৈ যায়, তেতিয়া আমি তেওঁলোকক সেই বিদেশী ভাষাবোৰ শিকাওঁ জানো? তেওঁলোকে তাত নিজেই শিকে।”

Muzamil Bhat

Muzamil Bhat
সাহিত্যই ভাষাসমূহক জীয়াই ৰখা এটা মৌলিক কাৰক বুলি মাছুদে দঢ়াই কয়। তেওঁ কাশ্মীৰী সাহিত্য, লাল দেদৰ কবিতা, শ্বেখ-উল-আলম (নুন্দ ঋষি বুলিও জনা যায়) আৰু মধ্যযুগীয় আৰু আধুনিক যুগৰ আন কেইবাজনো কবিলৈ আঙুলিয়াই দিয়ে। তেওঁ কয় যে আজিও কাশ্মীৰী ভাষাত বহু গদ্য আৰু কবিতাৰ সৃষ্টি হৈছে, যিটো আগন্তুক সময়ত ভাষাটোক নিজৰ অস্তিত্ব বজাই ৰখাত সহায় কৰিব, “কিন্তু শীনা ভাষাৰ তেনে একো নাই।”
চিনা বাবে এক সুকীয়া লিপি উদ্ভাৱনৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৭৫ চনত, যেতিয়া তেওঁ কাশ্মীৰ বিশ্ববিদ্যালয়ত উৰ্দু আৰু ফাৰ্চী ভাষা শিকোৱাৰ পূৰ্ণকালীন চাকৰি কৰিছিল। “মই লোককথা আৰু লোকগীত সংগ্ৰহ কৰিছিলো,” কিন্তু তেওঁ প্ৰায়ে নিজকে সুধিবলগীয়া হৈছিল, “এইটো এতিয়া লিখা যায় কেনেকৈ!”
পিছলৈ যেতিয়া তেওঁ শিক্ষা সঞ্চালক হয়, তেতিয়া জম্মু-কাশ্মীৰত চতুৰ্থ শ্ৰেণীৰ পৰা মাতৃভাষাত পঢ়োৱাৰ নতুন ভাষা নীতি ঘোষণা কৰা হয়। তেওঁ কয়, “সেয়াই আছিল নিজাকৈ লিপি এটা গঢ়াৰ সঠিক সময়,” আনকি কম্পিউটাৰতো লিপিটো কম্পেটিবল কৰি তোলা হৈছিল।
তেওঁ লিপি উদ্ভাৱনৰ চেষ্টা কৰিছিল আৰু কুঁহিপাঠো লিখিছিল। কিন্তু তাৰ পিছত তেওঁ চাকৰি এৰিলে, “তাৰপিছত কথাবোৰ খেলিমেলি হৈ পৰিল,” আৰু তেওঁ কেতিয়াও সেয়া ছপা কৰিব নোৱাৰিলে। তেওঁ কয় যে অৱসৰৰ পিছত তেওঁ পুনৰবাৰ এই প্ৰচেষ্টা হাতত লৈছে।

Muzamil Bhat

Muzamil Bhat
লিপিৰ মাননিৰ্ণয়ৰ একাধিক প্ৰচেষ্টাৰ অন্তত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁৰ পাঠ্যপুথি ‘পুমিকি চিনা কিতাব’ ছপা কৰা হয়। অৱশ্যে সেই সময়তো চিনা ঐচ্ছিক বিষয় আছিল। “মই এজন ভাষাকৰ্মী হৈ পৰিলোঁ আৰু অন্ততঃ মোৰ অঞ্চলত লিপিটোৰ মাননিৰ্ণয় হৈছে”, তেওঁ কয়। শেহতীয়াকৈ মাতৃভাষাক নথিভুক্ত কৰাৰ আন আন প্ৰয়াস কৰি থকা হৈছে। শ্ৰীনগৰৰ কাশ্মীৰ বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞান বিভাগে চিনা ব্যাকৰণৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰিছে।
মাছুদে কয় যে যেতিয়ালৈকে লিপিৰ মানকীকৰণ কৰা নহয়, তেতিয়ালৈকে চিনাক প্ৰাথমিক পৰ্যায়ত, অন্ততঃ দশম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি তোলাটোৱে ভাষাটোক অধিক দিন জীয়াই থকাত সহায় কৰিব। যদিও ভাষাটোৰ বৰ্তমান যি পৰ্য্যায়, সেই পৰ্যায়ত ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞানৰ দৰে উচ্চ বা কাৰিকৰী অধ্যয়নৰ বাবে শিক্ষাৰ মাধ্যম হিচাপে ভাষাটোৰ ব্যৱহাৰ সম্ভৱ নহয়, তথাপিও কথাবোৰ ভাবি চোৱাৰ প্ৰয়োজন আছে। “নহ’লে ভাষাটো হেৰাই যাব।”
তেওঁ চাকৰিকালৰ গুৰেজৰ কাহিনী এটা মনত পেলায়। তেওঁৰ সম্প্ৰদায়ৰ কোনোবাই যদি অফিচত তেওঁৰ লগত কাশ্মীৰী বা উৰ্দু ভাষাত কথা পাতে, “মই তেওঁলোকক গালি পাৰিছিলো আৰু কৈছিলো যে মই শীনা ভাষাত কথা পাতিম, আপুনি পতা উচিত!”
তেওঁ প্ৰশ্ন কৰে, “এতিয়া যদি আপুনি নিজৰ ঘৰৰ মানুহৰ লগতো ইংৰাজীতে কথা পাতিবনে? কোনো ফৰাচী ব্যক্তিয়ে নিজৰ ঘৰত ইংৰাজীত কথা নাপাতে। কেৱল আমি ভাৰতীয়সকলৰহে ইংৰাজী ভাষাটোৰ গোলাম হৈ থকাৰ বেমাৰ আছে।”
তেওঁ কয় যে আজিকালিৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী শিকে আৰু তেওঁলোক মানসিক সক্ষমতাখিনি বিদেশী ভাষা শিকোতে-কওঁতে শেষ হৈ যায়। “এনেকুৱাতো নহয় যে কেৱল ইংৰাজসকলেই বুদ্ধিমান আৰু আমি হিন্দুস্তানীবোৰ বুৰ্বক। নিশ্চয়কৈ তেনে নহয়। কিন্তু আমি বিদেশী ভাষাবোৰ শিকি থাকোতে আমাৰ (ভাৰতীয়) ভাষাবোৰৰ উৎকৰ্ষ সাধন নোহোৱা হৈছে,” তেওঁ কয়।

Muzamil Bhat

Muzamil Bhat

Muzamil Bhat

Muzamil Bhat
ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই কথা কোৱা হৈছে যে শিশু এটিৰ শিক্ষাৰ মাধ্যম পঞ্চমমানলৈ মাতৃভাষাতে হ’ব লাগে। “এইটো ভাৰতৰ শিক্ষা খণ্ডটোত হোৱা আটাইতকৈ বাস্তৱধৰ্মী কাম বুলি ক’ব পাৰি। কিন্তু ইয়াত প্ৰত্যাহ্বান নথকা নহয়,” মাছুদে কয়।
শিক্ষা ব’ৰ্ডে প্ৰথম শ্ৰেণীৰ পাঠ্যক্ৰমত কাশ্মীৰী আৰু ডগ্ৰি ভাষা আনিছে। শীনা ভাষাত তেওঁৰ পাঠ্যপুথি প্ৰকাশ হোৱালৈ তেওঁ ৰৈ থকা বুলি কয়। তেওঁ এটা বছৰ ধৰি এই কাম কৰি আছে।
এইখিনি সময়ত মাছুদে তেওঁ সহ-ভাষাকৰ্মীৰ সৈতে লগ লাগি শীনা ভাষাটোৰ লিপিক মানক ৰূপ দিয়াৰ কমত ব্যস্ত। “কিন্তু কেতিয়া এই কাম সম্পূৰ্ণ কৰিব পৰা যাব, তাক লৈ মই আপোনাক নিশ্চয়তা দিব নোৱাৰিম। ভালেখিনি কাম থাকে, তাতে আকৌ মই বুঢ়া হৈ আহিছো,” তেওঁ কয়।
প্ৰতিবেদকে প্ৰতিবেদন প্ৰস্তুতিত আগবঢ়োৱা সহায়ৰ বাবে মাছুদ আল হাছান চামুন, বশিৰ আহমদ তেৰূ, ফৰীদ আহমদ লন আৰু আবৰাৰ-উল-আলমক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।
গুলাম ৰছুল মুস্তাকৰ শীনা ভাষাৰ কবিতাটো ফৰীদে ভাঙনি কৰিছে আৰু প্ৰতিষ্ঠা পাণ্ড্যাই সম্পাদনা কৰিছে। মাছুদ আল হাছান চামুনৰ কবিতাটো মুজামিল আৰু প্ৰতিষ্ঠা পাণ্ড্যাই মিলি ইংৰাজীলৈ অনুবাদ কৰিছে।
পাৰিৰ বিপন্ন ভাষা প্ৰকল্প (এনডেঞ্জাৰ্ড লেংগুৱেজ প্ৰজেক্ট চমুকৈ ই.এল.পি.)ৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ দ্বাৰা সমৰ্থিত এক পদক্ষেপৰ অংশ। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে এনে ভাষা ব্যৱহাৰ কৰা সাধাৰণ লোকৰ মাত-কথা আৰু অভিজ্ঞতাৰ জৰিয়তে বিলুপ্তিৰ দিশে আগবঢ়া ভাৰতীয় ভাষাসমূহ সংৰক্ষণ আৰু নথিভুক্তকৰণ।
এই প্ৰতিবেদন পাৰিৰ ২০২৫ৰ জ্যেষ্ঠ ফেল’শ্বিপৰ অধীনত প্ৰকাশিত।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/in-gurez-home-is-not-where-the-word-is-as