ভূদান আঁচনিৰ অধীনত আমাক অর্থাৎ ভিলালাসকলক আবণ্টন দিয়া ৩৩ একৰ কৃষিভূমি দখল কৰাৰ বিৰুদ্ধে ২৯ অক্টোবৰত গালসিঙে বাঞ্জাৰাসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁলোকে তাত জুপুৰি সাজি মাটিবোৰ দখল আৰম্ভ লৈছিল। এই অভিযোগত বাঞ্জাৰাসকল টিঙিৰিতুলা হৈ পৰে আৰু দুদিন পিছতেই গালসিঙত প্ৰথমে গালি-গালাজ আৰু তাৰপিছত হিংসাত্মক আক্ৰমণ কৰে। গুৰুতৰভাবে আহত হৈ পৰা গালসিঙক ইন্দোৰৰ এখন হস্পিতাললৈ লৈ যোৱা হয় যদিও তাত এমাহ চিকিত্সাধীন হৈ থকাৰ পিছত তেওঁৰ মৃত্যু ঘটে। আমি কিমানবাৰ যে প্ৰশাসনৰ ওচৰত কাবৌ-কাকূতি কৰিছিলো যে তেওঁলোকে হস্তক্ষেপ কৰক, কিন্তু গাঁৱৰ ৰাজনৈতিকভাৱে প্ৰভাৱশালী লোকৰ কথাহে প্ৰশাসনে শুনে। সেয়ে প্ৰশাসনে আমাৰ অভিযোগ শুনি মূৰ তুলিয়ে নাচালে,” গুনাৰ পানেহটী গাঁৱৰ কাৰো মালিকীস্বত্ব নথকা যেন লগা মাটি এটুকুৰাক লৈ দুটা সম্প্ৰদায়ৰ মাজত সূত্ৰপাত হোৱা সংঘৰ্ষৰ প্ৰসংগত কাল্লু ভিলালাই কয়। ঘটনাটোত তেঁৱো আহত হৈছিল।
গালসিঙৰ মৃত্যুৰ খবৰ বনজুইৰ দৰে বিয়পি পৰে। ভিলালা আদিবাসী আৰু বাঞ্জাৰা সম্প্ৰদায়ৰ মাজত প্ৰচণ্ড সংঘাতৰ সূত্ৰপাত ঘটে। ইয়াৰ পৰিণতিত ১০ টা বাঞ্জাৰা পৰিয়ালৰ ঘৰ জ্বলাই দিয়া হয়। দুয়োটা সম্প্ৰদায়ৰে কেইবাটাও পৰিয়াল নিমিষতে গৃহহীন হৈ পৰে। প্ৰাণৰ মমতাত বহুতেই গাঁৱৰ পৰা পলায়ন কৰে আৰু মুকলি আকাশৰ তলত হাড়কঁপোৱা শীতৰ নিশা কটাবলৈ বাধ্য হয়।
“আমাৰ পূৰ্বপুৰুষসকলক ভূদান পট্টা দিয়া হৈছিল,” ২০২৪ চনৰ আৰম্ভণিতে যেতিয়া এই প্ৰতিবেদকে ৪৬ বছৰীয়া গালসিং ভিলালাক লগ পাইছিলো, তেওঁ এই সাংবাদিকগৰাকীক কৈছিল। তেওঁলোক প্ৰায় ৫০-৫৫ বছৰ পূৰ্বে ইয়াত বসতি স্থাপন কৰিছিল। আজি এই পট্টাবোৰক ভূ-স্বামিত্ব পট্টা বুলি জনা যায়। কিন্তু ইমান বছৰৰ পিছতো আমি মাটিৰ প্ৰকৃত মালিকানা স্বত্ব পাবলৈ সক্ষম হোৱা নাই। আমাৰ এই অঞ্চলটোৰ সকলো ভিল, ভিলালা (ভিলসকলৰ এক উপ-গোট) আৰু চাহাৰিয়া আদিবাসীৰ বাবে এক জ্বলন্ত সমস্যা। এই বামৌৰি তহচিলত এনে বহু আদিবাসী লোক আছে যিসকলৰ খেতি পথাৰ দাবাং (প্ৰতিপত্তিশীল সম্প্ৰদায়ৰ জমীদাৰ) সকলে দখল কৰি থৈছে।”
তেওঁ তেতিয়া বুজাই দিছিল, “বহুতো ভূদান পট্টা গাঁৱৰ খচৰা (মাটিৰ দাগ নম্বৰ)ৰ অধীনত পৰে আৰু আন মানুহে সেইবোৰ বেদখল কৰিছে। পাটৱাৰি, তহছিলদাৰ - কোনেও আজিলৈকে আমাৰ বাবে মাটিৰ সীমা নিৰ্ধাৰণ কৰি দিব পৰা নাই।” ৰাজহ বিষয়াসকলে এই প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাৰ বাবে সম্প্ৰদায়সমূহৰ মাজত সংঘাত চলি থাকে। এনে এটা ঘটনাই নিজৰ প্ৰাণ কাঢ়ি লোৱাৰ কেইমাহমান পূৰ্বে গালসিঙে এই কথা বুজাই দিছিল।
এনে সকলো সংঘাতৰ মূল কাৰণ হ’ল এক পুঞ্জীভূত, অত্যন্ত জটিল ভূ-বিবাদ আৰু কেবাতৰপীয় বিশৃংখল ব্যৱস্থা। এই সমস্যাই অঞ্চলটোৰ আদিবাসীসকলক আন আদিবাসীসকলৰ বিৰুদ্ধে থিয় কৰাইছে আৰু তেওঁলোকক অৰ্থনৈতিকভাৱে বিশেষ আগ নবঢ়া অন্যান্য পিছপৰা শ্ৰেণী, প্ৰভাৱশালী সম্প্ৰদায়ৰ মাটিৰ মালিক, বন বিষয়া আৰু ৰাজনীতিবিদসকলৰ সৈতে সংঘাতত লিপ্ত হ’বলৈ বাধ্য কৰাইছে।
এই প্ৰতিবেদকে ২০২২ চনৰ পৰা আদিবাসীসকলৰ ভূমি সংক্ৰান্ত সংঘাতৰ নথিভুক্তকৰণ আৰম্ভ কৰাৰ পিছৰে পৰা এনে বহু সংঘাত প্ৰত্যক্ষ কৰিছে। মধ্যপ্ৰদেশৰ গুনাৰ ধনোৰিয়া গাঁৱৰ ৰামপ্যাৰীক সেই বছৰেই প্ৰভাৱশালী জাতিৰ জমীদাৰসকলে নিজৰ পথাৰতে জীয়াই জীয়াই জ্বলাই দিছিল। সেয়াও নিজৰ মাটিৰ অধিকাৰৰ বাবে ২০ বছৰ জোৰা আইনী যুঁজত জয়ী হোৱাৰ পিছত। মাটিৰ অধিকাৰক লৈ হোৱা এনে ধৰণৰ হিংসাত্মক সংঘাত তেওঁৰ মৃত্যুৰ পূৰ্বৰ পৰাই চলি আহিছে আৰু আজিও সেয়া তীব্ৰ।















