“দিদি, আমি সঁচাকৈয়ে আমাৰ নিজৰ ভাষাতো ইয়াত কিতাপ পঢ়িব পাৰিম?” অংশ ওৰাওঁৱে (১৫) হাতত কুৰুখ ভাষাৰ কিতাপ এখন লৈ সোধে।
পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ চাহ বাগানৰ শ্ৰমিকৰ ল’ৰা-ছোৱালীৰ স্কুল এখনত আমি আছো। অংশৰ মাক-দেউতাক আৰু মোৰ মা-দেউতাই লীচ নদীৰ পাৰৰ চাহ বাগানখনতে কাম কৰে।
আমাৰ পৰিয়ালবোৰো ইয়াৰ বেছিভাগ শ্ৰমিকৰ দৰেই ওৰাওঁ জনগোষ্ঠীৰ। আমাৰ পূৰ্বপুৰুষসকল বৰ্তমানৰ ঝাৰখণ্ডৰ ৰাঁচী, গুমলা আৰু চিমডেগা জিলা আগুৰি থকা ছোটানাগপুৰ মালভূমি অঞ্চলৰ পৰা আহিছিল।চাৰি প্ৰজন্মৰ আগতে। ঘৰত আমি এতিয়াও আমাৰ নিজৰ কুৰুখ ভাষা কওঁ। কিন্তু বাহিৰত হিন্দী আৰু বাংলা ভাষাত কথা পাতো। সেয়ে অংশই কেতিয়াও আমাৰ নিজৰ মাতৃভাষাৰ কিতাপ দেখা নাই।
মোৰ জন্ম লীচ নদীৰ পাৰৰ পাতিবাৰীতে, তাতেই ডাঙৰ-দীঘল হৈছো। লোকপিয়লৰ হাতপুথিত এই নামটোৰ বানান লিচৰিভাৰ (Lishriver) বুলি আছে। কিন্তু স্থানীয় লোকে আৰু প্ৰশাসনে লীচ (Leesh) নদী বুলি কয়।



















