স্থানীয় ডাকঘৰটোৰ খিৰিকিখন খোল খাইছিল আৰু আমাক আহি থকা দেখি ডাকোৱালগৰাকীয়ে খিৰিকিৰে আমালৈ চাইছিল।
হাঁহি এটি মাৰি ৰেণুকাই আমাক ডাকঘৰলৈ সোমাবলৈ ইংগিত দিলে। কাগজ আৰু চিয়াহীৰ গোন্ধেৰে ভৰি আছে একোঠলীয়া ঘৰটো। তেতিয়া তেওঁ দিনটোত অহা শেষৰ চিঠিখন বিচৰাত ব্যস্ত। হাঁহি মাৰি তেওঁ আমালৈ চাই ক’লে, 'আহক, আহক। ইয়াতে বহক।’’
বাহিৰত বতৰৰ বিপৰীতে ডাকঘৰটোৰ ভিতৰটো যথেষ্ট শীতল। খিৰিকিখনেৰে ফিৰফিৰিয়া বতাহ সোমাই আহিছে। বগা দেৱালখনৰ ইফালে-সিফালে হাতেৰে তৈয়াৰী হৰেক ৰকমৰ পোষ্টাৰ, মেপ আদি লগাই থোৱা আছে। সৰু কোঠাটো যথেষ্ট পৰিপাটি আৰু সুন্দৰকৈ সজাই থোৱা আছে। কোঠাটোৰ অধিকাংশ ঠাই আগুৰি আছে এখন ডেস্ক আৰু খোলা খলপযুক্ত আলমাৰীয়ে।
৬৪ বছৰীয়া ৰেণুকাপ্পা টুমকুৰ জিলাৰ দেৱেৰায়পাটনা এগৰাকী গ্ৰামীণ ডাক সেৱক আৰু তেওঁ ৬খনকৈ গাঁৱৰ দায়িত্বত আছে।
গাঁৱলীয়া এই ডাকঘৰটো খোলা ৰখাৰ চৰকাৰী সময় হৈছে পুৱা ৮.৩০ বজাৰ পৰা দিনৰ ১ বজা, কিন্তু একমাত্ৰ কৰ্মচাৰী ৰেণুকা প্ৰসাদে প্ৰায়েই পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে কাম কৰিবলগীয়া হয়। ''চাৰে চাৰিঘণ্টাত সকলো কাম সম্পূৰ্ণ কৰাতো সম্ভৱ নহয়,’’ ডাকোৱালগৰাকীয়ে কয়।








