সেয়া আছিল পোন্ধৰ বছৰ আগৰ কথা। ২০০৫ চনৰ জানুৱাৰী। সিদিনা ভোলি দেৱী বিষ্ণইক দৰীবাত ডাইনী সজোৱা হৈছিল। সেইখন গাঁৱৰে তিনিগৰাকী মহিলাই অভিযোগ আনিছিল যে ভোলি এগৰাকী ডাইনী। ভোলিয়ে কৰা তন্ত্ৰ-মন্ত্ৰৰ ফলত গাঁওখনৰ শিশুবোৰ অসুস্থ হৈ পৰা বুলি তেওঁলোকে অভিযোগ আনে। গাঁৱত তেওঁক মানুহৰ আগতে তেওঁলোকে ডাইনী বুলি আঙুলি টোৱাই কৈছিল যে তেওঁ গাঁৱৰ মানুহক বেমাৰী কৰিছে।
ভোলি আৰু তেওঁৰ পৰিয়ালটোক সেই ঘটনাৰ পিছত চাৰিমাহৰ ঘৰ এৰিবলৈ বাধ্য কৰা হৈছিল। চুৱানা খণ্ডৰ ৫০০ টা পৰিয়ালে বাস কৰা গাঁওখনত থকা নিজৰ ঘৰ এৰি তেওঁলোকে ১৪ কিলোমিটাৰ দূৰৰ ভিলৱাড়া চহৰলৈ গুছি যায়।
এতিয়া ৫০ বছৰ বয়সীয়া ভোলি এগৰাকী খেতিয়ক আৰু গৃহিণী। তেওঁ কয় যে ডাইনী-চাইনি এইবোৰ তেওঁ বিশ্বাস নকৰে। কিন্তু তেওঁক ডাইনী সজোৱাৰ পিছত বদনামৰ যি চেকা তেওঁৰ গাত লাগিল, সেয়া নগ’ল। সেয়া তেতিয়ালৈ নাযায় যেতিয়ালৈ তেওঁৰ ওপৰত অভিযোগ তোলা লোকসকলে, তেওঁক ডাইনী নাম দিয়াসকলে তেওঁৰ হাতৰ বস্তু নাখায় আৰু তেওঁক ‘দোষমুক্ত’ বুলি নকয়, ভোলি দেৱীয়ে কথাখিনি বুজাই কয়।
দীৰ্ঘদিন ধৰি ভোলিয়ে সেই বদনামৰ পৰা মুক্তি পাবলৈ অভিযোগকাৰীসকলক তুষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে। পুষ্কৰ, হৰিদ্বাৰ, কেদাৰনাথ ক’লৈ যে তেওঁ যোৱা নাই। গংগাত গা ধুইছে, পৱিত্ৰ দিনবোৰত উপবাস খাটইছে। ডাইনী বুলি তেওঁৰ গাত যি কালিমা লাগিল, সেয়া বদনাম দূৰ কৰাৰ সেয়াই উপায় বুলি তেওঁক কোৱা হৈছিল।
“তীৰ্থযাত্ৰা আৰু উপবাসৰ পিছত তেওঁ ধৰ্মীয় নিয়ম-নীতিবোৰ অনুসৰি কেইঘৰমানক এসাজ ভাত খুৱাবলৈ মাতিলে। কিন্তু কোনোৱে আমাৰ ঘৰলৈ নাহিল,” ভোলিয়ে কয়। তেওঁৰ পৰিয়ালে স্থানীয় উৎসৱ-পাৰ্বণত ঘৰত আৰু গাঁৱত খাদ্য ৰান্ধে, মনতে আশা কৰে যে মানুহে তেওঁলোকক এঘৰীয়া কৰি নাৰাখে। ভোলিয়ে আনুমানিক হিচাপ এটা কৰি কয় যে তেওঁলোকে যোৱা কেইটামান বছৰত ১০ লাখৰো অধিক টকা ভোজ-ভাতৰ নামত খৰচ কৰিছে।
ভোলিক এনেদৰে এঘৰীয়া কৰা কাৰবাৰটো ভিলৱাড়া জিলাত এটামাত্ৰ ঘটনা নহয়, তাৰা আহলুৱালিয়াই কয়। আহলুৱালিয়াই ২০০৫ৰ সেই ঘটনাৰ কেইদিনমান পিছতে ভোলি আৰু তেওঁৰ পৰিয়ালৰ হৈ এজাহাৰ দি আইনী যুঁজত অৱতীৰ্ণ হৈছিল। তেওঁ ভিলৱাড়া চহৰৰ এগৰাকী সমাজকৰ্মী।







