“ৰাতি কলহৰ কাণে ঢলা বৰষুণত সকলো উটি গ’ল… নিজেই চাওকচোন। সকলো ভাঁহি গ’ল। আমাৰ ঘৰ গ’ল, চাৰিটাকৈ গৰু-গাই গ’ল। সকলো গ’ল…” শ্ৰীকাৱাল ভাৰত ম’ৰে কথাখিনি কৈ থকাৰ মাজতে এই প্ৰতিবেদকক টিনপাতৰ বেৰ আৰু চালি দিয়া ঘৰটো আৰু চৌপাশ দেখুৱায়। “কঁকাল পৰ্য্যন্ত পানী আছিল। ল’ৰাৰ মাতত আমি সাৰ পাইছিলো, সেয়ে বাচিলো। কিন্তু সেই যি পানীৰ ঢল আহিছিল,” তেওঁ কয়।
ম’ৰে মাৱচিয়ে কোনোমতে যিখিনি পাৰে সিখিনি লোৰ চাংখনতে ততাতয়াকৈ থৈছিল। তেওঁলোকৰ ঘৰৰ কেঁচা মজিয়াখন এতিয়া কেৱল বোকা-বালিৰে ভৰি পৰিছে।
২০২৫ৰ ২১ ছেপ্টেম্বৰত ধাৰাশিৱ (প্ৰাক্তন ওচমানাবাদ)ৰ ভূম ব্লকৰ চিঞ্চপুৰ ধাগেত মূষলধাৰ বৰষুণ হৈছিল। গাঁওখন গোদাবৰীৰ উপনৈ বংগাংগা নদীখনৰ পাৰতে অৱস্থিত। পৰৱৰ্তী দিনটোত, ২২ ছেপ্টেম্বৰত গোটেই ৰাতি প্ৰবল বৰষুণ হ’ল। গাঁওখন পানীত বুৰ গ’ল। “কেতিয়াও এনেকৈ বৰষুণ হোৱা দেখা নাছিলো,” গাঁৱৰ মানুহে সেই আচহুৱা দিনটোৰ কথা মনত পেলাই কয়।
সুৰ্য্যকান্ত ম’ৰেয়ে আমাক নদীখন দেখুৱায়। নৈৰ পাৰৰ পথাৰবোৰ বালিয়ে পুতি পেলাইছে। তাত তেওঁৰ দুই একৰ মাটিত দুখন আঙুৰৰ বাগানো আছিল। “আমি শেষ মুহূৰ্তত গৰু-ম’হকেইটা বচাব পাৰিলো। সিহঁতৰো গললৈকে পানী আহিছিল। মই সিহঁতৰ পঘা খুলি দিলো আৰু সিহঁত বাচিল,” ম’ৰে বাচিল। “কিন্তু টিনৰ চালিৰ তলত থকা আটাইবোৰ শস্য তিতি গ’ল। জোৱাৰ, মগুমাহ, উবিদ (ক’লামাহ) আৰু চীনাবাদামৰ বস্তাবোৰ তিতি থাকিল। আটাইবোৰ কাৰবা, পশুখাদ্য হিচাপে ৰখা জোৱাৰ আৰু মাকৈৰ খেৰবোৰ বানে উটুৱাই নিলে।”
ম’ৰেয়ে ডেৰ একৰ মাটিত পিঁয়াজৰ খেতি কৰিছিল। গোটেই খেতিপথাৰখন এতিয়া শিল-বালিৰে ভৰি পৰিছে। পিঁয়াজৰ পুলিবোৰ এতিয়া বালিয়ে পুতি পেলাইছে।























