এই প্ৰতিবেদন পুলিত্জাৰ চেণ্টাৰৰ সমৰ্থনত পাৰ্থ এম.এন. য়ে প্ৰস্তুত কৰা এলানি প্ৰতিবেদনৰ অংশ।
আচমা খানে (৭৫) প্ৰায় ১০০ কিলোমিটাৰ বাট বাই দৰগাহলৈ আহিছিল। মনত এটাই আশা - মানসিক ৰোগত গুৰুতৰভাৱে আক্ৰান্ত তেওঁৰ ছোৱালীজনীৰ সৈতে কিবা এটা চমত্কাৰ হৈ যাওক আৰু তেওঁ আৰোগ্য লাভ কৰক। ১২ বছৰ হৈ গ’ল, কিন্তু মাক-জীয়েক ঘৰলৈ উভতি যাব পৰা নাই।
মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলৰ শম্ভাজী নগৰ (পূৰ্বৰ ঔৰংগাবাদ) জিলাৰ শ্ৰমিক পৰিয়াল এটাত জন্মগ্ৰহণ কৰা ফাতিমাৰ ডেকাকালটো ভালে যোৱা নাছিল। তেওঁৰ মূৰটো প্ৰায়ে ঘূৰাইছিল আৰু অচেতন হৈ পৰিছিল। এনেকৈ মূৰ ঘূৰাই পৰা বেমাৰটো বাঢ়িবলৈ ধৰে আৰু মাজে-সময়ে চৰম পৰ্য্যায়ৰ ঘটনাও ঘটিছিল।
“আমি ইজনৰ পিছত সিজন ডাক্তৰৰ ওচৰলৈ গৈ থাকিলো,” আচমাই কয়। “আমাৰ গৰু-ম’হ তাইৰ চিকিত্সাৰ বাবে বিক্ৰী কৰিলো। কিন্তু তাইৰ স্বাস্থ্যৰ উন্নতি নহ’ল। দিনে দিনে অৱনতিহে ঘটিল আৰু বাস্তৱ দুনীয়াখনৰ সৈতে তাইৰ সম্পৰ্ক টুটি আহিবলৈ ধৰিলে।”
এদিনাখন ফাতিমাই কাকো চিনি নোপোৱা হৈ গ’ল আৰু গভীৰ হতাশাত নিমজ্জিত হ’ল। তেওঁৰ ইতিমধ্যে ত্ৰিচ বছৰ বয়স পাৰ হৈছিল, মাক-দেউতাকৰ হাতত উপায় নোহোৱা হৈ আহিছিল। ইফালে তেওঁৰ মানসিক স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাক লৈ মাক-দেউতাক চিন্তিত হৈ থাকিল, তাৰ সমান্তৰালভাৱে দুবেলা দুসাজৰ চিন্তাইও তেওঁলোকক জুৰুলা কৰিলে।
“তাই নিজৰ গাৰ কাপোৰ ফালি-চিৰি পেলাইছিল আৰু আমি ভাবি পোৱা নাছিলো কেনেকৈ তাইক নিয়ন্ত্ৰণ কৰিম” আচমাই কয়। এদিন তেওঁলোকৰ চুবুৰীয়াই তেওঁলোকে কেতিয়াও নভবা পৰামৰ্শ এটা আগবঢ়ালে।
তেওঁলোকৰ গাঁৱৰ পৰা ১০০ কিলোমিটাৰ দূৰত আন এখন গাঁও আছে। তাত প্ৰায় ১১৭ বছৰ পুৰণি দৰগাহ এখন আছে। পিম্পলগাঁও চৰাইলৈ ১৯শ শতিকাৰ শেষভাগৰ ফালে হজৰত হাজি আব্দুৰ ৰেহমান শ্বাহ ওৰফে শৈলানি শ্বাহ বাবা আহিছিল বুলি জনা যায়। এই গাঁওখন বিদৰ্ভ অঞ্চলৰ বুলধানা চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত। ভুতে ধৰা মানুহক মুক্ত কৰাৰ বাবে শৈলানি শ্বাহ বাবাৰ বিশেষ খ্যাতি আছিল। ১৯০৮ত এই শৈলানি শ্বাহ বাবাৰ প্ৰয়াণৰ বছৰটোত তেৰাৰ স্মৃতিত দৰগাহ এটা নিৰ্মাণ কৰা হয়।
তেতিয়াৰে পৰা সেই দৰগাহত বছৰটোৰ মাৰ্চ মাহত বাৰ্ষিক উৰুচ উত্সৱ উদযাপন কৰি অহা হৈছে য’ত লাখ লাখ ভক্তৰ আগমন ঘটে।









