গোপালনগৰৰ সৰু চাওতালী ঘৰ এটাৰ বেৰত এখন হাবি গজি উঠিছে। নিম গছজোপাই ছাতি এটাৰ দৰে ঘৰটোক আৱৰি আছে। তালৈ যোৱা বাটত আছে এখন বেৰ, বেৰত গছৰ তলত জিৰোৱা দুটি ফুটুকী হৰিণ। কাষতে আকৌ বিশাল আকাৰৰ কেইটামান পখিলা আৰু ফুল আৰু চৰাই। লগতে আছে বুলবুলি, ঘুটলুক, ভাটৌ আদি চৰাইৰ ডাঙৰ ডাঙৰ ৰঙীন ছবি। আকাশত উৰি ফুৰা এই পখিবোৰ কাষৰে ইলামবাজাৰ অৰণ্যৰ বাসিন্দা, ঢেলাপৰা বগা ৰঙৰ বেৰখনত সিহঁত জিলিকি আছে।
বেৰত থকা এই পশু-পক্ষীৰ চলাচল বা তাক লৈ হোৱা ভ্ৰম নহয়, তেওঁৰ ঘৰৰ টিনৰ চালিখনত পৰা মে’ মাহৰ আবেলিৰ এই অবতৰীয়া বৰষুণজাকেও নহয় - ৭৫ বৰ্ষীয় চুৰকি টুডু সচকিত হৈছে ঘৰটোক চাদৰ এখনৰ দৰে মেৰিয়াই ৰখা এই চিত্ৰৰ কাষেৰ আমি খোজ কাঢ়ি যোৱা শব্দতহে।
ইলামবাজাৰ ব্লকৰ এই গাঁওখনৰ পকী ৰাস্তাৰ দুয়োফালে থকা চাওতাল ঘৰবোৰত এনে বহু পেইণ্টিঙেৰে ভৰি আছে। আমি সেই বাটেৰে গৈ থাকোতে আমাৰ দৃষ্টি কাঢ়ি নিছিল ঘৰৰ বেৰবোৰত থকা এই দেৱাল-চিত্ৰবোৰে।
“আজিকালি ল’ৰা-ছোৱালীয়ে ফোন আৰু বাতৰি কাকতৰ পৰা নতুন নতুন ডিজাইন শিকিছে। আমাৰ সময়ত এনে ভেৰাইটি ক’ত আছিল? আগতে আমি পথাৰৰ পৰা বোকামাটি লৈ আনিছিলো আৰু বেৰত ৰং ছটিয়াই দিছিলো,” চুৰকি টুডুয়ে নিজৰ কোঠাৰ পৰা ওলাই আহি ঘৰৰ প্ৰৱেশদ্বাৰ পাইহি মানে কয়। তেওঁ যিধৰণে স্থিৰ স্বৰত কথাখিনি আমাক কয়, তাৰ পৰাই বুজিব পাৰি যে তেওঁলোকৰ গাঁওখনলৈ ফটো তুলিবলৈ বাহিৰৰ পৰা অহা লোকৰ সৈতে তেওঁৰ সঘনাই কথা হয়।
তেওঁ আমি কিবা কোৱালৈকে ৰৈ নাথাকিল, আমাৰ য’ত আগ্ৰহ জন্মিছে, সেই বিষয়লৈ পোনপটীয়াকৈ আগবাঢ়িল। “বগা মাটি, ৰঙা মাটি, চৰুৰ ছাঁইৰে কৰা ক’লা মাটিয়ে ইয়াত ব্যৱহৃত ৰংবোৰ।” মুহূৰ্তৰ বাবে ৰৈ তেওঁ আকৌ কয়, “প্ৰথমে বেৰৰ পৰা মাটিৰ পুৰণি ৰং আঁতৰাই লোৱা হয়। তাৰপিছত নতুনকৈ তাত মাটি লেপি তাৰ ওপৰত আৰু এটা তৰপ দিয়া হয়। শেষত আমি খাৰিমাটি (চূণশিল বা চক)ৰে ব’ৰ্ডাৰ বনাই দিও।”
চুৰকিয়ে পূৰ্ণ বৰ্ধমানৰ আকুলিয়া গাঁৱৰ শৈশৱৰ কথা মনত পেলাই নষ্টালজিক হৈ পৰে। চাওঁতাল সম্প্ৰদায়টো দ্ৰুত গতিত সলনি হ’ব ধৰাৰ কথা তেওঁ বুজি পায়। নতুন প্ৰজন্মই কেনেদৰে সেই পৰিৱৰ্তনক আঁকোৱালি লৈছে, সেয়াও তেওঁ জানে। তেওঁ এতিয়া গোপালনগৰত জীয়েকৰ সৈতে থাকে। বোলপুৰৰ পৰা ইলামবাজাৰ অৰণ্যলৈ যোৱা শ্ৰীনিকেতন ৰোডৰ বাওঁফালে থকা গাঁওখনৰ ৩০৪ ঘৰ পৰিয়ালৰ মাজৰ এটা এই চুৰকি টুডুৰ পৰিয়াল।


















