দুসপ্তাহ ধৰি বালো মাঝি আৰু তেওঁৰ সৈতে থকা আন ন জন নিৰ্মাণশ্ৰমিকে এটা নতুন ধৰণৰ কাম কৰিবলগীয়া হৈছে – কাষৰে জংগলৰ পৰা চৌকাৰ বাবে খৰি যোগাৰ কৰি অনা।
বিহাৰৰ নালন্দা জিলাৰ আৰ্পা পঞ্চায়তৰ নিজ গাঁৱৰ ঘৰৰ কাষতে খাটিয়া এখনত বহি থকাৰ পৰা কয়, “প্ৰতিদিনে তিনি-চাৰিদিনৰ মূৰে মূৰে আমি পুৱা পাঁচ বজাতে উঠি হাবিলৈ ৰাওনা হও। আবেলিলৈ আমি ১০-১২ কিলোগ্ৰাম খৰি লৈ উভতো।”
বালোৱে কয়, “আমি যিখিনি খৰি যোগাৰ কৰো, সেইখিনিৰে আমাৰ কোনোমতে ১০ জনৰ তিনি-চাৰিদিনৰ খাদ্য ৰন্ধা হয়। কিন্তু আমাৰ ভাতৰ লগত কেৱল দাইল বা পাচলি বনাও। এই তিনিবিধ খদ্য ৰন্ধা মানে আৰু বেছি খৰি পোৰা যোৱা।”
তেওঁ তাম্বৰম নামে তামিলনাডুৰ চেন্নাইৰ উপকণ্ঠ অঞ্চলৰ নিৰ্মাণ ছাইটত কাম কৰা দিনকেইটাৰ কথা কৈছে।
তৰলীকৃত পেট্ৰ’লিয়াম গেছ চমুকৈ এলপিজিৰ তীব্ৰ নাটনিৰ মাজত এই অস্থায়ী সমাধানেৰে বালো আৰু তেওঁৰ সহকৰ্মী পৰিয়ালৰ শ্ৰমিকসকল এসপ্তাহ কোনোমতে চলিল। “খৰি বিচাৰি পোৱাটো সদায় সম্ভৱ নহয়,” তেওঁ কয়।








