“ইসকৌ দেখিয়ে! মৰ গয়া হ্যে…ঔৰ চল ৰহা হ্যে (এইজনলৈ চাওক! মৰি গ’ল, কিন্তু চলাফিৰা কৰি আছে)।”
অমিত মাৰান্দিয়ে শেহতীয়াকৈ অলপ হঁহাৰ সুযোগ পাইছে, আজিও তাৰ ব্যতিক্ৰম নহয়। তেওঁ মচান (ডেকাচাং) এখনৰ ফালে আগবাঢ়িছে, তাত আকৌ আধা ডজনমান মানুহ তেওঁক লৈ অকণ ৰগৰ কৰিবলৈ ৰৈ আছে।
৩২ বছৰ বয়সীয়া চাওঁতাল ডেকাজনে সেই হাঁহিত যোগ দিছে যদিও তেওঁৰ মুখখনত আন এটা দিশো ফুটি উঠিছে। মুৰটো কেবাবাৰো ডুপিয়াই তেওঁ কৈছে, “দেখ লিজিয়ে, হম জিন্দা হ্যে লেকিন হমকৌ মাৰ দিয়া হ্যে (চাওক, মইতো জীয়াই আছো, কিন্তু মোক মৃত বুলি ঘোষণা কৰা হৈছে)।”
বিহাৰৰ লোসিংহনা গাঁৱৰ দিনহাজিৰা কৰা শ্ৰমিকগৰাকীয়ে শেহতীয়াকৈ মৃত ভোটাৰৰ তালিকাত নিজৰ নাম থকাক কথা কৈছে। এই তালিকাখন ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে প্ৰস্তুত কৰা বিশেষ বিস্তৃত পুনৰীক্ষণ চমুকৈ এছ.আই.আৰ.ৰ অধীনত বনোৱা হৈছে। নিৰ্বাচন আয়োগে অনুপযুক্ত ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাৰ বাবে এই কাম কৰিছিল। কিন্তু ইয়াত লোৱা তোলাত বহু উচিত আদিবাসী ভোটাৰৰ নাম ‘মৃতক’ৰ তালিকাত আহিছে। ফোনত মই স্থানীয় সূত্ৰক সতৰ্ক কৰি দিছিলোঁ যে তালিকাত অমিতৰ নাম আছে।
ভোটাৰ তালিকাত নিজৰ নাম নথকাৰ কথা জানিবলৈ পাই তেওঁ দুখ কৰে, “বুৰা তৌ লগতা হ্যে না (বেয়াতো লাগিবই, নহয় জানো)।”
দুপৰীয়া বাৰমান বাজিছে। মই আছো আদিবাসী লোকৰ চুবুৰি লোৱা তোলাত। হাতত মোৰ ২২৩ নম্বৰ ভোটকেন্দ্ৰৰ ভোটদাতাৰ তালিকাৰ পৰা নাম ডিলিট হোৱা ভোটাৰ লিষ্টখন। নিৰ্বাচন আয়োগৰ ৱেবছাইটত ডিলিট হোৱা ভোটাৰ তালিকাখনত চকু ফুৰাই থাকোতে এই গাঁওখন পাইছিলোঁ, য’ত লোসিংহনা গাঁৱৰ ২২৩ নং ভোটকেন্দ্ৰৰৰ পৰা বহু আদিবাসীৰ নাম নোহোৱা হোৱা কথাটো লক্ষ্য কৰিছিলো।
লোৱা তোলা চুবুৰিটোৰ নামটো আহিছে এডাল গছৰ নামৰ পৰা। ডমৰ মানে ডিমৰু গছ, যাক অষ্ট্ৰিক ভাষাগোষ্ঠীৰ অন্তৰ্গত চাওঁতালিত ‘লোৱা’ বুলি কোৱা হয়। ভাৰতত প্ৰায ৭৪ লাখ লোকৰ ভাষা চাওঁতালি।
স্থানীয় লোকে কয় যে তেওঁলোকৰ গাঁও বা চুবাটোত এসময়ত এডাল বিশাল ডিমৰু গছ আছিল যিডাল গছ এই চাওঁতালি চুবুৰিটোৰ বাবে আছিল এক পৰিচয়স্বৰূপ। চুবুৰিটোৰ প্ৰায়ভাগ লোকৰে ঘৰবোৰ কেঁচা, খেৰী চাল দিয়া, গাইপতি গড় আয় মাহে প্ৰায় ৬,০০০ বা তাতোকৈ কম, এয়া ২০২২-২০২৩ৰ বিহাৰ জাতি জৰীপৰ তথ্য। প্ৰায় পাঁচজন চাওতাল আদিবাসীৰ এজনে ক্ষুদ্ৰ বা ভাড়াতীয়া কৃষক হিচাপে কৃষি কাম কৰে। বাকীসকলে অমিতৰ দৰে মজুৰি দিনহাজিৰা কৰে। অমিত পাটনাত গাড়ীচালক হিচাপে কাম কৰে।





















