“য়েহ বতানা মুস্কিল হৌগা কি কৌন হিন্দু হ্যে ঔৰ কৌন মুছলমান (কোন হিন্দু আৰু কোন মুছলমান আপুনি ধৰিবই নোৱাৰিব)।”
৬৮ বছৰীয়া মহম্মদ শ্বাব্বিৰ কুৰেছিয়ে তেওঁৰ আৰু তেওঁৰ চুবুৰীয়া অজয় ছেইনি (৫২)ৰ সম্পৰ্কৰ বিষয়ে এইদৰেই কয়। অযোধ্যা নিৱাসী এই দুই বন্ধুৱে বিগত চাৰিটা দশক সমিলমিলেৰে ৰামকোটৰ দুৰাহী কুঁৱা চুবুৰীত বাস কৰি আহিছে।
দুয়োটা পৰিয়ালৰ সম্পৰ্ক ঘনিষ্ঠ। দৈনন্দিন কথা-বতৰাৰ পৰা ইটো-সিটো বস্তু অনা-নিয়ালৈকে দুয়োটা পৰিয়াল ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল। পুৰণি কথা মনত পেলাই অজয় ছেইনিয়ে কয়, “এবাৰ মই কামৰ বাবে ঘৰৰ পৰা আঁতৰত থাকোঁতে ঘৰৰ পৰা ফোন আহিল যে মোৰ ছোৱালীজনীৰ গা বেয়া। মই ঘৰ আহিবলৈ ওলাইছিলো মাত্ৰ, পত্নীয়ে জনালে যে কুৰেশ্বি পৰিয়ালে আমাৰ ছোৱালীজনীক চিকিৎসালয়লৈ লৈ গৈছে, ঔষধো কিনি দিছে।”
দুজন ভিন্ন ঈশ্বৰৰ আৰাধনা কৰা এই দুই বন্ধু যেতিয়া বহি আছিল, তেতিয়া তেওঁলোকৰ ঘৰৰ পিছফালৰ চোতালত কলৰৱ তুলিছিল ম’হ, ছাগলী আৰু আধা ডজন কুকুৰাই। দুয়োৰে পৰিয়ালৰ ল’ৰা-ছোৱালী কেইটাই তাৰ মাজতে জঁপিয়াই ফুৰিছিল, খেলা-ধূলা কৰিছিল।
২০২৪ চনৰ জানুৱাৰী মাহ, অযোধ্যাৰ ৰাম মন্দিৰৰ ভব্য অভিষেক অনুষ্ঠানৰ বাবে সমগ্ৰ চহৰখন সজাই-পৰাই তোলা হৈছে। নতুন, গধুৰ আৰু দুটা বেৰিকেডযুক্ত লোহাৰ গ্ৰীলৰ বেৰে তেওঁলোকৰ ঘৰবোৰক মন্দিৰৰ চৌহদৰ পৰা পৃথক কৰি ৰাখিছে।
আশীৰ দশকত যেতিয়া তেওঁ আৰু তেওঁৰ পৰিয়ালে কুৰেছিৰ কাষৰ ঘৰটোলৈ থাকিবলৈ আহিছিল, তেতিয়া ছেইনি আছিল এজন চফল ডেকা। তেতিয়াৰ বাবৰি মছজিদ চৌহদত ৰাম মূৰ্তি দৰ্শন কৰা ভক্তসকলক তেওঁ এটকাত ফুলৰ মালা বিক্ৰী কৰিছিল।
কুৰেছিৰ পৰিয়াল প্ৰথমে কচাই আছিল, পৰিয়ালটোৰ অযোধ্যা চহৰৰ বাহিৰত মাংসৰ দোকান আছিল। ১৯৯২ চনৰ পিছত তেওঁলোকৰ ঘৰটো জুইত জাহ যোৱাৰ পিছত পৰিয়ালটোৱে ৱেল্ডিঙৰ ব্যৱসায় আৰম্ভ কৰে।
















