মচ্চিৱালা গাঁৱৰ লোকসকলে এই প্ৰতিবেদকক এপিয়লা চাহ যাঁচিছে৷ চাহপাত আনিছে তেওঁলোকে বানৰ বাবে সাহায্য শিবিৰত লাভ কৰা সাহায্য সামগ্ৰীৰ পৰা৷ ৰবি নদীৰ এই বিধ্বংসী বানে পাঞ্জাৱত বিভীষিকাৰ সৃষ্টি কৰিছে৷ ঘৰ-দুৱাৰ, খেতি পথাৰ সকলো পানীত জাহ গৈছে৷ আক্ৰান্ত লোকসকলে তম্বুৰ তলত আশ্ৰয় ল’বলগীয়া হৈছে৷
আগষ্ট মাহৰ এই বিধ্বংসী বানত জনসাধাৰণ সৰ্বহাৰা হৈ পৰিছে৷
মচ্চিৱালা গাঁৱৰ বাহিৰত ৰামদাস ব্লকৰ এডোখৰ ঠাইত সৰৱজিৎ কৌৰ এটা ঝুগ্গিৰ (তম্বু) সন্মুখত আমনজিমনকৈ বহি আছে৷ এই ঠাইডোখৰৰ পৰা সামান্য দূৰৈত তেওঁৰ নিজৰ ঘৰ আছিল যাৰ অধিকাংশই ৰবি নদীৰ অটল গহ্বৰত জাহ গৈছে৷ বানে কৌৰৰ সৰ্বস্ব ধ্বংস কৰাৰ পিছতো এই প্ৰতিবেদকলৈ চাই তেওঁ এটা হাঁহি মাৰিবলৈ চেষ্টা কৰিলে৷
‘‘আমি গোটেই নিশাটো বান্ধটো (মানৱ নিৰ্মিত মথাউৰি) ধৰি ৰাখিবলৈ চেষ্টা কৰিলো৷ ২৭ আগষ্ট তাৰিখে (২০২৫ চন) পুৱা ৬ বজাত গুৰুদ্বাৰাৰ পৰা লাউডস্পীকাৰত কৰা ঘোষণাত আমি সকলোৱে শুনিবলৈ পালো যে ধুচ্ছি (বালিৰে নিৰ্মিত মথাউৰি) ইতিমধ্যেই ভাঙিছে৷ আমি সকলোৱে ওখ ঠাইত আশ্ৰয় ল’বলৈ ততালিকৈ দৌৰিলো’’, ১৮ বছৰীয়া কৌৰে পাৰিক এইদৰে জনালে৷
মচ্চিৱালা হ’ল অমৃতসৰ জিলাত অৱস্থিত এখন সৰু গাঁও৷ ইয়াৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ১,১৮৬ জন লোক৷ অধিকাংশ লোকেই হ’ল জাট শিখ আৰু ৰায় শিখ সম্প্ৰদায়ৰ৷ পিছলৈ পাঞ্জাৱৰ অনুসূচিত জাতিৰ তালিকাত এই সম্প্ৰদায়কেইটাই স্থান পায়৷ দলিত পৰিয়ালকেইটাই প্ৰধানকৈ নিজৰ সামান্য ভূমিত ক্ষুদ্ৰ কৃষকৰূপে অথবা আনৰ পথাৰত কৃষি শ্ৰমিক হিচাপে কাম কৰি পেট প্ৰৱৰ্তায়৷
সৰৱজিতৰ পৰিয়ালটো ভূমিহীন ৰায় শিখ সম্প্ৰদায়ৰ আৰু তেওঁলোকে কৃষি শ্ৰমিক হিচাপে জীৱন নিৰ্বাহ কৰে৷ ছমাহ পূৰ্বে ঢুকোৱা তেওঁৰ মাতৃয়েও কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল; তেওঁৰ পিতৃৰ মৃগী ৰোগ আছে, সেয়েহে তেওঁ কাম কৰিব নোৱাৰে৷ পৰিয়ালটোত দুগৰাকী ভাই-ভনী আৰু দুয়োয়ে ঘৰ চলোৱাৰ বাবে শ্ৰমিক হিচাপে কাম কৰে৷
তিনি চাৰি দিন ধৰি সমগ্ৰ গাঁও পানীৰ তলত আছে৷ পানী আঠ ফুট উচ্চতালৈ বাঢ়িছে৷ এই বিধ্বংসী বানে খেতিয়কসকলৰ ঘৰবোৰ ধ্বংস কৰাৰ লগতে কষ্টেৰে কৰা খাৰিফ খেতিখিনিও সমূলঞ্চে নষ্ট কৰিছে৷ এতিয়া সমগ্ৰ অঞ্চল বোকাময় হৈ উঠিছে৷ বিশাল ইউকেলিপ্টাছ গছবোৰ শিপাৰে সৈতে উভালি পৰিছে৷
















