ৰুবেল শ্বেইখ আৰু অনিল খানে গাড়ী চলাইছে ঠিকেই, কিন্তু গাড়ীকেইখন মাটিত চলি থকা নাই। চলিছে মাটিৰ পৰা ২০ ফুট ওপৰত, প্ৰায় উলম্বভাৱে, ৮০ ডিগ্ৰী কোণ কৰি। আগৰতলাৰ মেলাখনত দৰ্শকৰ ভিৰৰ পৰা কিৰীলি ভাঁহি আহিছে। ৰুবেল আৰু অনিলে চলন্ত গাড়ীৰ পৰা গা-মুৰ উলিয়াই দৰ্শকলৈ হাতবাউলিৰে দৰ্শকৰ সঁহাৰিৰ আহ্বান জনাইছে।
এয়াই হ’ল মৌত কা কুঁৱা, য’ত বৃহৎ কুঁৱা আকৃতিৰ এটা গাঁথনিৰ বেৰত একেলগে কাৰ আৰু বাইক চলে।
প্ৰতিটো দৰ্শনীৰ সময় দহ মিনিট। ৰাতিটো ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰদৰ্শনী চলি থাকে। কুঁৱাটো চটা চটা কাঠ আৰু লোৰ ফ্ৰেম দি বনোৱা হয়। মেলাত প্ৰদৰ্শনীৰ বাবে গোটেই গাঁথনিটো সাজু কৰোঁতে কেবাদিনো লাগে। বাইক আৰোহী আৰু কাৰ চালকসকলে নিজে এই কাম কৰে। তেওঁলোকৰ সুৰক্ষাৰ দিশটোৰ লগতে প্ৰদৰ্শনী ভাল হোৱাটো কোনো ক্ৰুটি ৰৈ নোযোৱাকৈ গাঁথনিটো তৈয়াৰ কৰাৰ ওপৰতে নিৰ্ভৰ কৰে।
মৌত কা কুঁৱা নামটো শুনিবলৈ আচহুৱা যদিও নামটোৰ কাৰণেই ত্ৰিপুৰাৰ আগৰতলা চহৰত অক্টোবৰৰ দুৰ্গা পূজাৰ সময়ত এইখন মেলাৰ অন্যতম আকৰ্ষণ হৈ পৰিছে মৌত কা কুঁৱাৰ খেল। মেলাত ফেৰিছ হুইল, মেৰী-গ’-ৰাউণ্ড, পুতলা ৰেল আদি খেলো চলিছে।























