ই বেৰা বেটী ইয়াম তেনি মাৰ্চি বাৰি তে, বেৰা বেটী ইয়াম টানি
ধানী চে দাদা জৌ দেনাম ৰে, বিহা গোটে নি
মন মজুৰ দেনা লা ৰে, বিহা গোটে নি,
মাৰ্চি বাৰি তেতে, বেৰা বেটী ইয়াম টানি
ধানী চে দাদা জৌ দেনাম ৰে, বিহা গোটে নি
[আমাৰ আইজনীয়ে কেঁচা জলকীয়াৰ পথাৰত বহি উচুপে
পিতাই, মোৰ বিয়াখন পাতি দিয়া, তাই কয়, বিয়াখন পাতি দিয়া
আমি ইজনে সিজনক বিচাৰি পাইছোঁ, পিতাই। তেওঁকে মোক গতাই দিয়া।
আমাৰ আইজনীয়ে কেঁচা জলকীয়াৰ পথাৰত বহি উচুপে
পিতাই, মোৰ বিয়াখন পাতি দিয়া, তাই কয়, তেওঁকে মোক গতাই দিয়া।]
গীত গাই থাকোতে লখেশ্বৰী বাই খড়িয়া আন এখন দুনীয়াত থাকেগৈ। তেওঁ তলমূৰ কৰে, দৃষ্টি নিবদ্ধ হাতত লৈ থকা মাইক্ৰ’ফোনটোত। এই মুহূৰ্তটো তেওঁৰ বাবে একপ্ৰকাৰ আচহুৱা। আমি যি ভাষাত তেওঁৰ গীত বাণীবদ্ধ কৰিছোঁ, সেই ভাষাত তেওঁ কথা কোৱা বা গান শুনাৰ বাবে তেওঁৰ আশে-পাশে থকা খুব কম মানুহহে আগ্ৰহী। কিন্তু সেই গানে তেওঁক লৈ যায় শৈশৱৰ সেই গাওঁখনলৈ, ৰাজগড়লৈ, য’ত তেনে গীতেৰে তেওঁৰ শৈশৱটো ভৰি আছিল।
“এতিয়া মই কাৰ সৈতে কথা পাতিম? মোৰ শাহু-শহুৰ ঢুকাল। ল’ৰা-ছোৱালীহঁতক কওঁ, ‘তোমাৰ মাতৃভাষাত মোৰ সৈতে কথা পাতা আৰু মোৰ পৰা শিকি লোৱা।’ কিন্তু সিহঁতে শুনিব ক’ত? নাতিহঁতৰ কথা বাদেই দিছো। এই গাওঁখনত খড়িয়া ভাষা কোৱা কেৱল ময়েই আছো,” দুখ মনেৰে পাটনদাদৰ গাঁৱৰ এই ৫৫ বৰ্ষীয় আদিবাসী মহিলাগৰাকীয়ে কয়।
মহাচামুণ্ড জিলাৰ এইখন গাঁৱত জুনা বুলি মানুহে জনা লখেশ্বৰী বাইয়ে এতিয়া তিনিকুৰি বয়সৰ বুঢ়ৱা খড়িয়াৰ লগত বিয়া হোৱাৰ পিছত এইখন গাঁৱতে নিগাজী হয়। ৰাজ্য চৰকাৰৰ পৰা পোৱা কেই একৰমান মাটিত কৰা খেতিৰে তেওঁলোকৰ পৰিয়ালটো নচলাত দম্পতিহালে কৃষিশ্ৰমিক হিচাপেও কাম কৰে। “মই ৰাজগড়ৰ পৰা ইয়ালৈ আহোতে মোৰ শাহুআইহঁতৰ লগত খড়িয়া ভাষাত কথা পাতিছিলো। এতিয়া তেওঁলোক নাই আৰু খড়িয়া ভাষাত কথা পাতিবলৈ কোনো নাই,” লখেশ্বৰীয়ে কয়। “মই আমাৰ ভাষাৰ শব্দবোৰ উচ্চাৰণ কৰিব নোৱাৰো, সেয়ে সেইটো ভাষাৰ শব্দ কোৱাৰ পৰা আঁতৰিয়ে থাকো,” তেওঁৰ গিৰীয়েক বুঢ়ৱাই কয়। “ইয়াত ছত্তীশগড়ীয়ে চলে। এই ভাষা কোনেনো ইয়াত বুজিব?”




