তিনিকুৰি বছৰ বয়সৰ মনোৰমা দেৱীয়ে মহিলাৰ গোটটোত যোগদান কৰাৰ লগে লগেই তেওঁৰ তামোলৰ ৰঙা দাগে বোলোৱা মুখখনত হাঁহিৰ আভা ফুটি উঠে৷ শাৰীটোত বহি থকা এগৰাকীয়ে পুৰুষ আৰু পাচলিবোৰ লৈ এটা কৌতুক কৰে আৰু লগে লগে গোটেই দলটোৱে গিৰ্জনি মাৰি হাঁহে উঠে৷ টোপনি টোপনি লগা এটা আবেলি, মহিলাসকলে ইম্ফলৰ বীৰ টিকেন্দ্ৰজিৎ উৰণীয়া সেতুৰ তলত শাৰী শাৰীকৈ বহিছে, তেওঁলোকে পথৰ অধিকাংশই দখল কৰিছে আৰু যান-বাহনৰ যাতায়াতৰ বাবে সামান্য ঠাইহে ৰাখিছে।


Imphal West, Manipur
|SAT, APR 02, 2022
ইমা কেইথেলঃ প্ৰতিটো দিনেই নাৰী দিৱস
ইম্ফলৰ এই মহিলাৰ বজাৰখন ৰাজধানীখনৰ স্নায়ুকেন্দ্ৰস্বৰূপ, অলপতে হোৱা ভূঁইকঁপৰ পাছতো যাৰ আত্মা অক্ষত
Author
Translator

Anubha Bhonsle & Sunzu Bachaspatimayum
২০১৬ চনৰ জানুৱাৰীত ৬.৭ ৰিখটাৰ স্কেল তীব্ৰতাৰ ভূমিকম্পৰ ফলত ইমা কেইথেল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল – স্তম্ভবোৰ হালি গৈছিল, দেৱাল আৰু কংক্ৰিট খহি পৰিছিল। উদ্যোগী ইমাসকলে পিছদিনাই তেওঁলোকৰ দোকান-পোহাৰ ৰাজহুৱা পথলৈ উলিয়াই আনিলে। তেওঁলোকে কৰ্মস্থলী হেৰুৱাইছিল ঠিকেই, ভৱিষ্যতক লৈ উদ্বিগ্নও যে নহৈছিল, এনে নহয়। কিন্তু মনবোৰ ভাগি পেলোৱাৰ অৱকাশ নাছিল।
ইমা কেইথেলৰ সৈতে মনোৰামাৰ সম্পৰ্ক কমেও চাৰিটা প্ৰজন্মৰ। "মোৰ মায়ে মোক বিপণিখন দিছিল। তেওঁ এইখন নিজৰ শাহুৱেকৰ পৰা পাইছিল, শাহুৱে নিজৰ মাকৰ পৰা এইখন লাভ কৰিছিল। হয়তোবা এনেদৰেই আগুৱাই যাব, মই নাজানো। এইখন কেৱল এটা শ্লেব বা বিপণি নহয়। এয়া আমাৰ জীৱন," মনোৰমাই দিনটোত উপাৰ্জন কৰাখিনি এটা মৰাপাটৰ থৈলা এটাৰ ভিতৰত ভৰাই এইদৰে কয়।
মনোৰমাৰ পৰা সামান্য নিলগত বহি থকা সেয়া আংগোম মেম্মা। স্কুটাৰবোৰে পথটোৰে ধূলি উৰুৱাই গৈ আছে। এই ঠাইডোখৰ কিমান দিনলৈ ব্যৱসায়ৰ বাবে অনুকূল হৈ থাকিব তাকে লৈ মেম্মাৰ কপালত চিন্তাৰ ৰেখা স্পষ্ট। "মণিপুৰত যিয়েই ঘটে - কাৰ্ফিউ, ধৰ্মঘট, ভূমিকম্প - এই সকলোবোৰে বজাৰখনক প্ৰভাৱিত কৰে৷ কেইথেল আছিল আমাৰ ঘৰ, আমাৰ জীৰোৱা ঠাই আৰু আমাৰ কৰ্মস্থল। আমাৰ জীৱন ইয়াৰ চৌপাশে চক্ৰৱৎভাৱে ঘূৰি থাকে। মই ঘৰত থাকিব নোৱাৰো। মই কেৱল ইয়াৰ সৈতে অভ্যস্ত হ'ব পৰা নাই, সেয়েহে আমি পথত বহিবলগীয়া হ’লেও ইয়ালৈ আহিছো।"
ভূমিকম্প হোৱাৰ কেবাসপ্তাহ পিছতো মণিপুৰৰ ৰাজধানীত থকা ৰংচঙীয়া দোকান আৰু কোলাহলেৰে পৰিপূৰ্ণ প্ৰাণচঞ্চল এই ইমা কেইথেল বা 'মাতৃৰ বজাৰ'খন পৰিত্যক্ত। চৰকাৰে এতিয়াও মহিলাসকলৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা নাই। ভূমিকম্প হোৱাৰ পূৰ্বে চহৰখনৰ আটাইতকৈ প্ৰাণচাঞ্চল্যৰে ভৰা এই কেইথেলত মহিলাসকলে হাতেৰে বোৱা ফেনেক বা পাহাৰ যেন আদাৰ দম আৰু অন্যান্য উৎপাদিত পাচলি হাতত লৈ ক্ৰেতাসকলক মাতিছিল।
প্ৰায় প্ৰতিদিনে ৬০০০-৭০০০ গৰাকী মহিলাই তেওঁলোকৰ উৎপাদিত সামগ্ৰী আৰু কাপোৰ আদি বিক্ৰী কৰিবলৈ বজাৰলৈ আহে৷ ইয়াৰ জৰিয়তে ই এছিয়াৰ এখন বৃহৎ বজাৰ হিচাপে বিবেচিত হৈছে৷ শুকান মাছৰ পৰা আৰম্ভ কৰি মচলা, শাক-পাচলি, হস্ততাঁত আৰু প্ৰসাধন সামগ্ৰীলৈ ইমা কেইথেলত বিভিন্ন সামগ্ৰী উপলব্ধ৷ ঠিক তেনেদৰে মহিলাসকলে বহা স্থানো মাকৰ পৰা জীয়েকলৈ অথবা বোৱাৰীয়েকলৈ হস্তান্তৰিত হৈ আহিছে৷

Anubha Bhonsle & Sunzu Bachaspatimayum
ইমা কেইথেলক কোলাত লৈ থকা অট্টালিকাবোৰে ৰাজ্যখনৰ ইতিহাসৰ বিভিন্ন ঘটনাৰ সাক্ষ্য বহন কৰি আহিছে। ব্ৰিটিছসকলৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে ১৯০৪ আৰু ১৯৩৯ চনত গা কৰি উঠা নুপি লান মানে মহিলাৰ সংগ্ৰামৰ পিছৰেপৰাই ইমা বজাৰখন মণিপুৰৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত এক শক্তিশালী কণ্ঠস্বৰ হৈ আহিছে।

Anubha Bhonsle & Sunzu Bachaspatimayum
ভিন্নমত আৰু প্ৰতিবাদ বজাৰৰ লোকাচাৰৰ অংশ হৈ পৰিছে। ২০০৪ চনত থাংজাম মনোৰমা হত্যাৰ বিৰুদ্ধে প্ৰতিবাদৰ পৰা আৰম্ভ কৰি কেন্দ্ৰ আৰু নগা বিদ্ৰোহী গোট এনএছচিএন-আইএমৰ মাজত ২০০১ চনৰ জুন মাহত হোৱা যুদ্ধবিৰতিৰ কিছুমান ধাৰাৰ বিৰোধিতা কৰিবলৈ, সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন বাতিলৰ দাবীত অনশনত ইৰম শৰ্মিলাক সমৰ্থন কৰিবলৈ বিপণিৰ এই মহিলাসকল একত্ৰিত হৈছে, মাত মাতিছে।
মণিপুৰৰ ইতিহাস আৰু অৰ্থনীতিত মহিলাৰ স্থান অবিস্মৰণীয় - মণিপূৰৰ মহিলাৰ জীৱন, জীৱিকা আৰু পৰিচয়ৰ সৈতে নিবিড় সম্পৰ্কৰে ইমা কেইথেলে যেন কোনেও মচিব নোৱাৰা এই কথাকেই সোঁৱৰাই দিয়ে।
ইমা কেইথেলৰ এনেহেন অদম্য আত্মা আৰু প্ৰাণচঞ্চলতা সাধাৰণ ভূমিকম্পত স্তব্ধ হৈ নপৰে, তেওঁলোকৰ বহুতৰে মনত এই বিশ্বাস।
(সংলগ্ন ভিডিঅ'টোৰ চিত্ৰগ্ৰহণ ভূমিকম্পৰ পূৰ্বে কৰা হৈছিল)।
অনুবাদ: মনোৰঞ্জন মজুমদাৰ
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/ima-keithel-every-day-is-womens-day-as

