২০২৩ৰ আগষ্টত আফিয়াৰ গীত এটি ভাইৰেল হৈ পৰিছিল।
সেইটো আছিল হঠাতে হোৱা ঘটনা: এক্সত (পূৰ্বতে টুইটাৰ) কোনোবা ইউজাৰ এজনে তেওঁৰ ভিডিঅ’ এটা শ্বেয়াৰ কৰিছিল। আফিয়াই অসমৰ বাংলাভাষী মুছলমানৰ স্থানীয় উপভাষা এটাত গীত গাই আছিল। তেওঁক সংগত কৰিছিল দুই পুত্ৰই। এজনে বজাইছিল দোতাৰা আৰু আনজনে ঢোল।
তেওঁৰ গীতৰ কথা আছিল এনেধৰণৰ:
জনতাৰেই সবাই মিলে থানায়ে থানায়ে এজাৰ দিলেই, হিমন্ত চৰকাৰ বুলে দইয়চি ৰেহ।
জনতাৰে জালাহিয়া, হিমন্তৰ এই যন্ত্ৰণা, জনতায়ে সইতে আৰ পাৰে না।
আৰ কতো জলাইবে বলো না,
আৰ কতো জলাইবে বলো না,
[মানুহে থানাত এখনৰ পিছত এখন এজাহাৰ দিছে, সিহঁতে কয় হিমন্ত চৰকাৰ দোষী।
মানুহক হাৰাশাস্তি কৰিছে, মানুহে সহ্য কৰিব নোৱাৰা হৈছে, হিমন্তই যি যন্ত্ৰণা দিছে।
আৰু কিমান জ্বলাই মাৰিবা কোৱা
আৰু কিমান জ্বলাই মাৰিবা কোৱা]
বাল্যবিবাহ বন্ধ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি চলোৱা অভিযানত আফিয়া খাতুনৰ সম্প্ৰদায়ৰ বহু লোক আটক হোৱা প্ৰসংগত আফিয়াই গীত গাইছিল।
“আমাৰ সম্প্ৰদায়ৰ লোকসকলে পোৱা তীব্ৰ মনোকষ্ট আৰু তেওঁলোকে ভুগি থকা যাতনা দেখি মনৰ পৰা এই গীত আহিছিল,” ২০২৩ৰ ফেব্ৰুৱাৰীত চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ৩,৯০০ৰো অধিক লোকক আটক কৰা হৈছিল। তাৰপিছত আৰু শতাধিক লোকক আটক কৰা হৈছিল আৰু তাৰে সৰহভাগ আছিল বঙালী মুছলমান।










