“মই ইউনিয়নৰ সৈতে কাম কৰি থকাৰ বাবে পুলিচে মোক লক্ষ্য কৰি লৈছিল। যেতিয়া তেওঁলোকে মোক আটক কৰিছিল, তেতিয়া মোক পানী এটুপিও খাবলৈ দিয়া নাছিল,” তেওঁ মনত পেলায়। “জেইলত আমাক এখন কাঁহী, লোটা (মগ), ব্লেংকেট, এটা বাতি আৰু এখন ধাৰী দিছিল। আমি পুৱা ৫ বজাতে উঠিছিলো। আমি নিজে খাদ্য ৰান্ধিছিলো। জেইলৰ চৌহদ চাফা কৰিছিলো। আমাৰ খোৱাপানী লেতেৰা আছিল। ভিতৰত ৩০ গৰাকী মানুহ ধৰে, কিন্তু কেতিয়াবা তাত ৯০ গৰাকীৰ ওপৰত মানুহ আছিল… শিশু এটাৰো জেইলতে জন্ম হৈছিল। জেইলত থকা মহিলাসকলৰ মাজত বিভিন্ন কথাক (ঠাই, খাদ্য, চাবোন, ব্লেংকেট) লৈ কাজিয়া লাগিছিল। ঠাইৰ অভাৱ ঘটা বাবে কাৰাধ্যক্ষই আমাক বাথৰুমতে শোবলৈ দিছিল।”
একেটা ইউনিয়নেৰে সদস্য ৰাজকুমাৰীৰ স্বামী মুলচন্দ ভুইয়াই তেওঁৰ পত্নীক জেইললৈ পঠিওৱা হৈছিল বুলি খবৰ পাইছিল, তেওঁ অশান্তিত ভুগিছিল। “কি কৰিব লাগে মই জনা নাছিলো। প্ৰথম চিন্তা আহিছিল মোৰ ল’ৰা-ছোৱালীকেইটাক লৈ - কেনেকৈ সিহঁতক মই চম্ভালিম? জামিনৰ টকাৰ বাবে মই ঘৰৰ ঘেঁহুখিনি বিক্ৰী কৰিছিলো। অন্যথা ঘেঁহুখিনি পৰিয়ালৰ বাবে ৰাখি থও। তেওঁক জেইলৰ পৰা উলিয়াবলৈ মোৰ ডাঙৰজন ল’ৰাই কাম এৰিলে, আনটোৱে আকৌ পইচা পঠিয়াবলৈ দিল্লীলৈ কাম কৰিবলৈ গৈছে। তেওঁ জেইলত থকাই আমাৰ বহুত লোকচান হৈছিল।”
ৰাজকুমাৰী আৰু চুকালোৰ দৰে আদিবাসী লোকে, দেশৰ আন বহু প্ৰান্তত এনেদৰে চৰকাৰৰ প্ৰকল্প আৰু নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ কঠোৰ শাস্তিৰ সন্মুখীন হৈ আহিছে। প্ৰতিবাদকাৰী বা জেইললৈ যোৱাগৰাকী যেতিয়া মহিলা হয়, তেতিয়া আৰু বেছি আহুকাল আহি পৰে।
“মহিলাৰ ক্ষেত্রত কাৰাগাৰলৈ যোৱা মানে প্ৰতিবাৰেই দুগুণ বিপদৰ সন্মুখীন হোৱা। তেওঁলোকে সামাজিক বহিষ্কৰণৰ সন্মুখীন হয়, লগতে আইনী যুঁজখনতো তেওঁলোকে বৈষম্যৰ সন্মুখীন হয়,” ভাৰতত কাৰাগাৰৰ সংস্কাৰ সাধনৰ ওপৰত স্বতন্ত্ৰভাৱে গৱেষণা কৰি থকা আৰু মুকলি কাৰাগাৰ ব্যৱস্থা অধ্যয়নৰ বাবে ৰাজস্থান ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষৰ দ্বাৰা নিযুক্ত অবৈতনিক কাৰাগাৰ আয়ুক্ত স্মিতা চক্ৰৱৰ্তীয়ে কয়। “যেতিয়া পুৰুষ এজন কাৰাগাৰলৈ যায়, বিশেষকৈ যদি তেওঁ পৰিয়ালটোৰ এগৰাকী উপাৰ্জনকাৰী, তেতিয়া তেওঁৰ পৰিয়ালে যেনেকৈ নহওঁক, তেওঁক জেইলৰ পৰা উলিয়াবলৈ চেষ্টা চলাব। কিন্তু মহিলা কয়দীৰ ক্ষেত্রত, সোনকালে বা পলমকৈ হ’লেও ঘৰৰ মানুহৰ মনত অনীহাৰ সৃষ্টি হয়। জেইললৈ যোৱাটো সমাজত কলংকৰ দৰে। কয়দীগৰাকীৰ বিচাৰ আদালতত চলি থাকক, দোষমুক্ত হৈ ওলাই আহক বা দোষী সাব্যস্ত হওক - সেই লৈ কথা নাই। জেইলত সোমাল মানে অপৰাধীৰ কংলক লৈ ওলাই আহিবলগীয়া হয়। মহিলাৰ ক্ষেত্রত সামাজিক বহিষ্কৰণৰ সম্ভাৱনা বাঢ়ি যায় আৰু তেওঁলোকক পুনৰ্সংস্থাপিত কৰাটো কঠিন হৈ পৰে।”
(লালতি আৰু শোভাৰ কাহিনীও পঢ়ক, ওপৰৰ প্ৰচ্ছদ ফটোত ক্ৰমে একেবাৰে বাওঁফালে আৰু সোঁফালে থকাগৰাকী: আমাৰ ‘মাটি নিয়াতকৈ আমাকে লৈ যাওক’)
‘মহিলাৰ পদে পদে একাধিক সংগ্ৰাম কৰিবলগীয়া হয়’
চুকালোৱে ২০০৬ত অল ইণ্ডিয়া ইউনিয়ন অৱ ফৰেষ্ট ৱৰ্কিং পিপলৰ ৰবাৰ্টচগঞ্জৰ এক ৰেলীত ভাগ লোৱাৰ পিছত ইউনিয়নটোত যোগদান কৰে আৰু এটা সময়ত তেওঁ কোষাধ্যক্ষ হয়। “ঘৰলৈ আহি (ৰেলীৰ পৰা) মই মোৰ মানুহজনক ক’লো যে মই ইউনিয়নটোত যোগ দিব বিচাৰো, কিন্তু তেওঁ তেতিয়া তাপবিদুত প্ৰকল্প এটাত (ৰিহান্দত থকা) কাম কৰি আছিল আৰু কৈছিল - জইন কৰিলে আকৌ আমাৰ ল’ৰা-ছোৱালীকেইটা কোনে চাব? মই ক’লো যে এয়া আমাৰ বাবে ভালহে হ’ব, তেতিয়াহে তেওঁ মান্তি হ’ল,” মিচিকীয়াই হাঁহি এটা মাৰি তেওঁ কয়।
চুকালো আৰু তেওঁৰ স্বামী নানক দুয়োগৰাকী খেতিয়ক। তেওঁলোকৰ চাৰিগৰাকী জীয়ৰী আছে। ল’ৰা এজন আছিল, ঢুকাইছে। দুজনী ছোৱালীৰ বিয়া হৈছে আৰু দুগৰাকী নিশাকুমাৰী (১৮) আৰু ফুলবন্তি (১৩) ঘৰতে আছে। “প্ৰথমখন মিটিঙত যোৱাৰ পিছৰে পৰা মই জৰিত হৈ পৰিলো। একেবাৰে দেহে-কেহে লাগিলো আৰু এখনো মিটিং বাদ দিয়া নাছিলো। এটা মজবুত সমূহ গঢ়ি তোলা কামত লাগি আছিলো বাবে ভাল লাগিছিল। জীৱনত প্ৰথমবাৰৰ বাবে নিজকে শক্তিশালী যেন অনুভৱ হৈছিল। আগতে কেতিয়াও নিজৰ অধিকাৰৰ বিষযে ভবা নাছিলো। বিয়া হৈছিলো আৰু সন্তানৰ মাতৃ আছিলো, ঘৰতে (ঘৰুৱা কাম আৰু কৃষিৰ কাম) কাম কৰি থাকিছিলো। কিন্তু ইউনিয়নত যোগদান কৰাৰ পিছত মই মোৰ অধিকাৰৰ কথা বুজি পালো আৰু এতিয়া সেই অধিকাৰৰ দাবী কৰিবলৈ মই ভয় নকৰো।”